ETV Bharat / state

ছাত্ৰীৰ সুৰক্ষাৰ বাবে ছাত্ৰী যোদ্ধা আঁচনি মুকলি টীয়কৰ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ত - CKB college Teok

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2024, 9:49 PM IST

Chhatri Yodha scheme: টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন ৷ ছাত্ৰীৰ সুৰক্ষাৰ বাবে অসমত প্ৰথমখন ছাত্ৰী যোদ্ধা আঁচনি মুকলি ৷ লগতে মুকলি কৰা হ’ল সৰ্প উদ্যান ৷

Chhatri Yodha scheme
ছাত্ৰী যোদ্ধা আঁচনি মুকলি (ETV Bharat)

টীয়ক, 5 ছেপ্টেম্বৰ: পূব যোৰহাটৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান টীয়কৰ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ে বৃহস্পতিবাৰে মহাবিদ্যালয়ৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু শিক্ষক দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় । পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ আদি কাৰ্যসূচীৰ পাছতে মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বিজয় কৃষ্ণ পাচনিৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা ৷

ছাত্ৰী যোদ্ধা আঁচনি মুকলি (ETV Bharat)

এই মুকলি সভাত পূব যোৰহাটৰ সংক্ষিপ্ত ইতিহাস শীৰ্ষক গ্ৰন্থৰ প্ৰথম খণ্ডৰ উন্মোচন কৰাৰ লগতে প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশিষ্ট বৈষ্ণৱ গৱেষক ড৹ ৰাতুল চন্দ্ৰ বৰা, শিক্ষক দিৱস উপলক্ষে টীয়কৰ পাঁচগৰাকীকৈ বিশিষ্ট শিক্ষকক আৰু মহাবিদ্যালয়ৰ মহিলা কোষৰ পৰা সমাজৰ বিভিন্ন দিশত অৱদান আগবঢ়োৱা তিনিগৰাকীকৈ উদ্যমী আদৰ্শবান মহিলাক সম্বৰ্ধনা জনোৱা হয় ।

উক্ত সভাতে মহাবিদ্যালয়ৰ বৰ্ষশ্ৰেষ্ঠ বিভাগ, বৰ্ষশ্ৰেষ্ঠ শিক্ষক, বৰ্ষশ্ৰেষ্ঠ ছাত্ৰ-ছাত্ৰীৰ বাবে নিৰ্ধাৰিত সোঁৱৰণী বঁটাসমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰাৰ লগতে প্ৰতিটো বিভাগৰ মুখপত্ৰ আনুষ্ঠানিকভাৱে বিশিষ্ট ব্যক্তিসকলে শুভ উন্মোচন কৰে ।

উল্লেখ্য যে উক্ত সভাতে মহাবিদ্যালয়ে বৰ্তমান সমাজৰ অতি ভয়ংকৰ ব্যাধি নাৰী নিৰ্যাতনৰ দৰে সামাজিক সমস্যাবোৰ নিবাৰণ কৰিবলৈ ছাত্ৰী যোদ্ধা আঁচনি নামেৰে এক আঁচনি মুকলি কৰা হয় ৷ এই আঁচনিৰ জৰিয়তে প্ৰথম অৱস্থাত ৫০ গৰাকীকৈ ছাত্ৰীক অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হ'ব আৰু উপযুক্ত খাদ্যৰ বাবে ১০০০ টকাকৈ প্ৰদান কৰা হ'ব ।

ইপিনে মহাবিদ্যালয়ৰ চৌহদত বিচৰণ কৰি থকা প্ৰায় ৩০০-৪০০ প্ৰকাৰৰ সৰ্প, যিবোৰ বৰ্তমান প্ৰায় বিলুপ্ত হ'বলৈ উপক্ৰম ঘটিছে সেইবোৰ সংৰক্ষণ কৰিবলৈ মহাবিদ্যালয়ৰ চৌহদত সৰ্প সংৰক্ষণ উদ্যান মুকলি কৰি ইতিমধ্যে বহুখিনি ফটো সংগ্ৰহ কৰা হৈছে ৷ অনাগত দিনত ৰাইজৰ বাবে মুকলি কৰাৰ চেষ্টা আজিৰ পৰা চলাই যাব বুলি উল্লেখ কৰে মহাবিদ্যালয় কৰ্তৃপক্ষই ।

ছাত্ৰী যোদ্ধাৰ দৰে ব্যতিক্ৰমী আঁচনি মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে শুভ উদ্বোধন কৰি মহাবিদ্যালয়খনে লোৱা এনে অতি প্ৰয়োজনীয় পদক্ষেপক আদৰণি জনাই ভৱিষ্যৎ দিনত সৰ্বতোপ্ৰকাৰে সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ লগতে শিক্ষক দিৱসৰ এই পবিত্ৰ দিনটোত সকলো শিক্ষক-কৰ্মচাৰীক শুভেচ্ছা জ্ঞাপন কৰে বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক: মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত শিক্ষক দিৱস উদযাপন, কৃতী শিক্ষকক বঁটা প্ৰদান - Teachers Day 2024

শিক্ষক দিৱস বিশেষ: জ্ঞানৰ পোহৰ বিলোৱা এগৰাকী ব্যতিক্ৰমী শিক্ষক - Teachers Day 2024

শিক্ষকসকল দিয়াচলাইৰ কাঠিৰ দৰে... শিক্ষক দিৱসত কিয় এইদৰে ক’লে অৱসৰপ্ৰাপ্ত অধ্যাপকে ? - Teachers Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.