ETV Bharat / state

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগত 5 বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰম - Chemistry Department of Guwahati University

author img

By ETV Bharat Assamese Team

Published : Jun 8, 2024, 12:18 PM IST

National Education Policy 2020: চলিত শিক্ষাবৰ্ষৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগে 5 বছৰীয়া সংহত স্নাতকোত্তৰ কাৰ্যসূচী আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে । নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 ৰ নিৰ্দেশনাৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ে ৷

National Education Policy 2020
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগত 5 বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰম (Etv bharat assam)

গুৱাহাটী, 8 জুন: চলিত শিক্ষাবৰ্ষৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগে 5 বছৰীয়া সংহত স্নাতকোত্তৰ কাৰ্যসূচী আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে । এন ই পি - 2020 ৰ নিৰ্দেশনাৰ অধীনত শেহতীয়া শৈক্ষিক পাঠ্যক্ৰম আৰু উদ্ভাৱনীমূলক গৱেষণাভিত্তিক পাঠদান অনুসৰণ কৰি 5 বছৰীয়া সংহত স্নাতকোত্তৰ কাৰ্যসূচী আৰম্ভ কৰাৰ কথা সদৰী কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন‌ বিজ্ঞান‌ বিভাগৰ অধ্যাপক ৰূপম জ্যোতি শৰ্মাই ।

এই পাঠ্যক্ৰমৰ জৰিয়তে শিক্ষাৰ্থীসকলে 3 বছৰৰ পিছত (6 টা ষান্মাষিক) বি এছ চি (মেজৰ), 4 বছৰৰ পিছত (8 টা ষান্মাষিক) বি এছ চি অনাৰ্ছসহ অনাৰ্ছ ডিগ্ৰী আৰু 5 বছৰৰ পিছত (10 টা ষান্মাষিক) এম এছ চি (গৱেষণা) ডিগ্রী লাভ কৰিবলৈ সক্ষম হ'ব ৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অন্য সফলতা :

গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগ্যতাসম্পন্ন আৰু নিষ্ঠাবান অধ্যাপকৰ দলৰে গঠিত ৰসায়ন বিজ্ঞান বিভাগটোৱে অজৈৱ ৰসায়ন, জৈৱ ৰসায়ন, অনুঘটক, প্রাকৃতিক-সামগ্ৰী ৰসায়ন, কোৱান্টাম ৰসায়ন, গণনামূলক ৰসায়ন, সামগ্ৰী ৰসায়ন, জৈৱ-অজৈৱিক ৰসায়ন বিজ্ঞান, পলিমাৰ ৰসায়ন, নেন ৰসায়ন, আৰু ৰসায়নত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ ক্ষেত্ৰত অত্যাধুনিক গৱেষণাৰ বাবে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰপৰা স্বীকৃতি লাভ কৰিছে ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক অনুপ কুমাৰ তালুকদাৰে জানিবলৈ দিয়া অনুসৰি, বিভাগটোৰ অত্যাধুনিক গৱেষণাৰ সুবিধাসমূহ ডি এছ টি, ইউ জি চি, ডি এ ই-বি আৰ এন এছ চি এছ আই আৰ আৰু অইল ইণ্ডিয়াৰ আৰ্থিক অনুদানৰ দ্বাৰা সমৰ্থন লাভ কৰিছে ।

ৰসায়ন‌ বিজ্ঞান‌ বিভাগৰ অধ্যাপক ৰূপম জ্যোতি শৰ্মাই জনায় যে যোৱা সাত দশকত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে ভাৰত আৰু বিদেশত শৈক্ষিক আৰু গৱেষণাৰ ক্ষেত্ৰত উৎকৃষ্টতা প্ৰদৰ্শন কৰি সামাজিক আৰু অৰ্থনৈতিক প্ৰগতিৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে ।

লগতে পঢ়ক: প্ৰৱেশপত্ৰ প্ৰদানত খেলিমেলিৰ অভিযোগ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.