ETV Bharat / state

সীমাক লৈ টনা-আঁজোৰা: ১৮ জুলাইত চৰাইদেউ জিলা বন্ধ ঘোষণা চৰাইদেউ জিলা সুৰক্ষা সমিতিৰ - Charaideo Maidam - CHARAIDEO MAIDAM

ঐতিহাসিক চৰাইদেউ মৈদামক লৈ টনা-আঁজোৰা আৰম্ভ চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ । ১৭ জুলাইৰ ভিতৰত চৰাইদেউ মৈদাম ক্ষেত্ৰ চৰাইদেউ জিলাত অন্তৰ্ভুক্ত নহ'লে ঘেৰাও কৰিব মন্ত্ৰী-বিধায়কৰ ঘৰ । ঐতিহাসিক চৰাইদেউৰ মৈদামস্থলীত চৰাইদেউ জিলা সুৰক্ষা সমিতিৰ হুংকাৰ ।

Charaideo Jila Surakshya Samitee declared a shutdown on July 18
১৮ জুলাইত চৰাইদেউ জিলা বন্ধ ঘোষণা চৰাইদেউ জিলা সুৰক্ষা সমিতিৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 8:37 AM IST

চৰাইদেউ, ১৪ জুলাই: ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে চেষ্টা অব্যাহত ৰখা সময়তে জিলাৰ সীমাকেন্দ্ৰিক বিষয়ে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ মাজত সংঘাত সৃষ্টি কৰিছে । ২০১৫ চনতে চৰাইদেউ জিলা ঘোষণা হোৱাৰ পাচতো আজিলৈকে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ সীমা নিৰ্ধাৰণ নকৰাত সূত্ৰপাত ঘটিছে সীমাকেন্দ্ৰিক বিবাদৰ । প্ৰশাসনিক দুৰ্বলতাৰ বাবেই আজিলৈকে দুয়োখন জিলাৰ সীমা নিৰ্ধাৰণ নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে সচেতন মহলে ।

১৮ জুলাইত চৰাইদেউ জিলা বন্ধ ঘোষণা চৰাইদেউ জিলা সুৰক্ষা সমিতিৰ (ETV Bharat Assam)

আনহাতে, আজিলৈকে সীমা নিৰ্ধাৰণ নোহোৱাৰ পৰিপ্ৰেক্ষিতত চৰাইদেউ মৈদামক শেহতীয়াকৈ শিৱসাগৰ জিলাত অন্তৰ্ভুক্ত কৰাৰ বাবে উঠি-পৰি লাগিছে একাংশই । ইয়াৰ পৰিপ্ৰেক্ষিতত এই বিষয়টো মীমাংসা কৰি চৰাইদেউ মৈদাম ক্ষেত্ৰক চৰাইদেউ জিলাতে অন্তৰ্ভুক্ত কৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰিছিল যদিও কাৰ্যকৰী নহ'ল আজি পৰ্যন্ত । ৰাজ্য চৰকাৰে চৰাইদেউ জিলাৰ সীমা নিৰ্ধাৰণ কৰি কৰি ঐতিহাসিক চৰাইদেউ মৈদাম কোন জিলাত অন্তৰ্ভুক্ত হ'ব তাৰ সিদ্ধান্ত দিব নোৱাৰাত জাঙুৰ খাই উঠিছে চৰাইদেউ জিলাৰ দল সংগঠন আৰু চৰাইদেউ জিলা সুৰক্ষা সমিতি ।

এই সন্দৰ্ভত শনিবাৰে ঐতিহাসিক চৰাইদেউ মৈদামস্থলীত চৰাইদেউ জিলা সুৰক্ষা সমিতিয়ে সম্বোধন কৰে এখনি সংবাদমেলৰ । বৰ্তমানেও চৰাইদেউ জিলাত চৰাইদেউ মৈদামস্থলী অন্তৰ্ভুক্ত নকৰাৰ অভিযোগ উত্থাপন কৰি বিভিন্ন দল-সংগঠনৰ উপস্থিতিত এই সংবাদমেল সম্বোধন কৰি ১৮ জুলাইত চৰাইদেউ জিলা বন্ধ ঘোষণা কৰে । ১৭ জুলাইৰ ভিতৰত চৰাইদেউ মৈদাম ক্ষেত্ৰ চৰাইদেউ জিলাত অন্তৰ্ভুক্ত নহ'লে ১৮ জুলাইত চৰাইদেউ জিলা বন্ধ ঘোষণা কৰাৰ লগতে চৰাইদেউ জিলাত থকা মন্ত্ৰী বিধায়কৰ ঘৰ ঘেৰাও কৰাৰ হুংকাৰ প্ৰদান কৰে চৰাইদেউ জিলা সুৰক্ষা সমিতি আৰু বিভিন্ন দল-সংগঠনৰ নেতৃত্বই ।

উল্লেখযোগ্য যে, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশত আগবাঢ়িছে চৰাইদেউ মৈদাম । ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে দাখিল কৰা মনোনয়ন পৰ্বত সকলো কাৰিকৰী প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সমৰ্থ হৈছে চৰাইদেউ মৈদাম ক্ষেত্ৰই । চৰাইদেউ মৈদাম ক্ষেত্ৰ হ'ল ২০২৩ বৰ্ষত ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ বাবে প্ৰেৰণ কৰা একমাত্ৰ মনোনয়ন । ২০১৪ বৰ্ষতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰাৰম্ভিক তালিকাত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হোৱা চৰাইদেউ মৈদাম ক্ষেত্ৰৰ নাম কেন্দ্ৰীয় চৰকাৰে ইউনেস্ক'লৈ প্ৰেৰণ কৰা পাচতেই কেইবাবাৰো কেন্দ্ৰীয় পুৰাতত্ব বিভাগে পৰিদৰ্শন কৰিছে ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ ।

লগতে পঢ়ক: দুৰ্নীতি সাংসদ পুঁজিত নে পঞ্চায়তৰ এম জি এনেৰেগাত ? - Scam in road construction

বিশ্ব ঐতিহ্য সমিতিৰ সন্মিলন : চৰাইদেউ মৈদামৰ বাবে আহিব পাৰে ভাল খবৰ - Charaideo Maidam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.