ETV Bharat / state

ঐতিহাসিক চৰাইদেউ মৈদাম ৰক্ষাৰ যুঁজ : 12 ঘণ্টীয়া বন্ধৰ সৰ্বাত্মক প্ৰভাৱ - CHARAIDEO MAIDAM

author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 1:35 PM IST

Charaideo District Bandh : ঐতিহাসিক চৰাইদেউ মৈদাম ৰক্ষাৰ বাবে চৰাইদেউ জিলাত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৷ চৰাইদেউ মৈদাম ক্ষেত্ৰ চৰাইদেউ জিলাত অন্তৰ্ভুক্তিৰ দাবীত সন্ধিয়া 6 বজালৈকে বন্ধ থাকিব জিলাখন ৷

CHARAIDEO MAIDAM
ঐতিহাসিক চৰাইদেউ মৈদাম ৰক্ষাৰ যুঁজ (ETV Bharat Assam)

মৰাণ, 18 জুলাই: ঐতিহাসিক চৰাইদেউ মৈদাম ৰক্ষাৰ বাবে চৰাইদেউ জিলাত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক । চৰাইদেউৰ সোণাৰি, সাপেখাতী আৰু মৰাণহাটত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক । চৰাইদেউ মৈদাম ক্ষেত্ৰ জিলাখনত অন্তৰ্ভুক্তিৰ দাবীত চৰাইদেউ জিলা সুৰক্ষা সমিতি আৰু অন্যান্য স্থানীয় সহযোগী দল-সংগঠনে আহ্বান কৰা চৰাইদেউ জিলাত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক পৰা দেখা যায় । বৃহস্পতিবাৰে পুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈ অব্যাহত থাকিব এই বন্ধৰ কাৰ্যসূচী ।

12 ঘণ্টীয়া বন্ধৰ সৰ্বাত্মক প্ৰভাৱ (ETV Bharat Assam)

উল্লেখ্য যে, ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে চেষ্টা অব্যাহত ৰখাৰ সময়তে জিলাৰ সীমাকেন্দ্ৰিক বিবাদে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ মাজত সংঘাতৰ আৰম্ভণি ঘটায় ৷ 2015 চনতে চৰাইদেউক জিলা ঘোষণা কৰাৰ পাছতো আজিলৈকে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ সীমা নিৰ্ধাৰণ নকৰাত সূত্ৰপাত ঘটিছে সীমাকেন্দ্ৰিক বিবাদৰ ।

প্ৰশাসনিক দুৰ্বলতাৰ বাবেই আজিলৈকে দুয়োখন জিলাৰ সীমা নিৰ্ধাৰণ নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে সচেতন মহলে । যাৰ পৰিপ্ৰেক্ষিতত চৰাইদেউ মৈদামক শেহতীয়াকৈ শিৱসাগৰ জিলাত অন্তৰ্ভূক্ত কৰাৰ বাবে উঠি-পৰি লাগিছে একাংশই ।

পূৰ্বে বিষয়টো মীমাংসা কৰি চৰাইদেউ মৈদাম ক্ষেত্ৰক চৰাইদেউ জিলাতে অন্তৰ্ভুক্ত কৰাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আশ্বাস প্ৰদান কৰিছিল যদিও এই আশ্বাস আজিলৈকে কাৰ্যকৰী নহ'ল ৷ সেয়ে বৃহস্পতিবাৰে চৰাইদেউ জিলা সুৰক্ষা সমিতি আৰু অন্যান্য সহযোগী দল-সংগঠনে চৰাইদেউ জিলা বন্ধ কাৰ্যসূচীৰ আহ্বান জনায় ৷

উল্লেখযোগ্য যে, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশত আগবাঢ়িছে চৰাইদেউ মৈদাম । ইউনেস্ক'ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ বাবে দাখিল কৰা মনোনয়ন প্ৰক্ৰিয়াত সকলো কাৰিকৰী প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সমৰ্থ হৈছে চৰাইদেউ মৈদাম ক্ষেত্ৰই । চৰাইদেউ মৈদাম ক্ষেত্ৰ হ'ল ২০২৩ বৰ্ষত ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ বাবে প্ৰেৰণ কৰা একমাত্ৰ মনোনয়ন ।

লগতে পঢ়ক: সীমাক লৈ টনা-আঁজোৰা: ১৮ জুলাইত চৰাইদেউ জিলা বন্ধ ঘোষণা চৰাইদেউ জিলা সুৰক্ষা সমিতিৰ - Charaideo Maidam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.