ETV Bharat / state

দৰঙত উন্নয়নৰ বুজ ল'লে কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষ মালহোত্ৰাই - Central minister Harsh Malhotra

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2024, 8:41 AM IST

Minister Harsh Malhotra Darrang Visit : প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষ মালহোত্ৰাই শুকুৰবাৰে দৰং জিলা ভ্ৰমণ কৰে । এই ভ্ৰমণত তেওঁ লাভ কৰা অভিজ্ঞতা আৰু অৱগত হোৱা বিষয়সমূহ সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট মন্ত্ৰণালয় আৰু প্ৰয়োজন অনুসাৰে মন্ত্ৰীসকলক সাক্ষাৎ কৰি অৱগত কৰিব বুলি উল্লেখ কৰে ।

Minister Harsh Malhotra Darrang Visit
দৰঙত উন্নয়নৰ বুজ ল'লে কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষ মালহোত্ৰাই (ETV Bharat Assam)

মঙলদৈ, ২৪ আগষ্ট : কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাজপথ তথা কৰ্প'ৰেট পৰিক্ৰমা বিভাগৰ মন্ত্ৰী হৰ্ষ মালহোত্ৰাই শুকুৰবাৰে দৰং জিলা ভ্ৰমণ কৰি জিলাখনত উন্নয়নমূলক আঁচনি আৰু কাম-কাজৰ অগ্ৰগতিৰ বুজ লয় । শুকুৰবাৰে পুৱাতে মন্ত্ৰীগৰাকীয়ে দৰং জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মঙলদৈ সংমণ্ডলৰ অধীনৰ বাঘপৰি চাপৰি নং-২ পানী যোগান আঁচনি পৰিদৰ্শন কৰে । পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে এই আঁচনিৰ পৰা পানী যোগান লাভ কৰা ৰাইজৰ সৈতে আলাপো কৰে ।

Minister Harsh Malhotra Darrang Visit
কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষ মালহোত্ৰাক সম্বৰ্ধনা (ETV Bharat Assam)

ইয়াৰ পিচত মন্ত্ৰীগৰাকীয়ে মঙলদৈ আৱৰ্ত ভৱনত উপস্থিত হৈ প্ৰথমে জিলাখনৰ বিশিষ্ট নাগৰিক, সমাজকৰ্মী, বিভিন্ন সংগঠনৰ প্ৰতিনিধিৰ সৈতে দৰঙৰ উন্নয়নৰ লগত জড়িত বিষয়সমূহৰ আলোচনাৰ লগতে দিহা-পৰামৰ্শ গ্ৰহণ কৰে । এই আলোচনাত মঙলদৈ নগৰৰ সৈতে ৰে'ল সংযোগ আৰু উন্নত পথ যোগাযোগৰ বিষয় দুটাই বিশেষ গুৰুত্ব লাভ কৰে । ইয়াৰ পিচত মঙলদৈ আৱৰ্ত ভৱনৰ সভাগৃহতে তেওঁ জিলাখনৰ আত্মসহায়ক গোটসমূহৰ প্ৰতিনিধিৰ সৈতে আলাপ কৰে ।

জিলাখনৰ বিভিন্ন স্থানৰ পৰা অহা আত্মসহায়ক গোটসমূহৰ প্ৰতিনিধিসকলে ব্যক্তিগতভাৱে আৰু সমূহীয়াকৈ বস্ত্ৰ উৎপাদন, খাদ্য প্ৰস্তুতকৰণ, হাঁহ-কুকুৰা আৰু পশুপালন আদিৰ জৰিয়তে কেনেদৰে লাভান্বিত হৈছে সেই বিষয়ে মন্ত্ৰীগৰাকীক অৱগত কৰে । আত্মসহায়ক গোটসমূহৰ কেইবাগৰাকীও মহিলাই তেওঁলোকৰ উৎপাদিত সামগ্ৰী ৰপ্তানি কৰা, ৰাষ্ট্ৰীয় পৰ্যায়ত বিক্ৰীৰ ক্ষেত্ৰত লাভ কৰা সফলতা আৰু পুৰস্কাৰ আদিৰ বিষয়েও মন্ত্ৰীগৰাকীক অৱগত কৰে । কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষ মালহোত্ৰাই আত্মসহায়ক গোটৰ মহিলাসকলক কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰ বাবে দেশৰ সকলো ক্ষেত্ৰতে, সৰ্বস্তৰতে উন্নয়ন আৰু প্ৰগতি সাধন হৈছে।

Minister Harsh Malhotra Darrang Visit
প্ৰকল্পৰ বুজ লৈ থকা অৱস্থাত কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষ মালহোত্ৰা (ETV Bharat Assam)

আনহাতে, দৰঙৰ বিভিন্ন আত্মসহায়ক গোটৰ মহিলাই সময়মতে ঋণ পৰিশোধ কৰি নিজে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ লগতে পৰিয়াল আৰু সমাজৰ অৰ্থনৈতিক উন্নয়নলৈ অৰিহণা আগবঢ়োৱাৰ বাবে তেওঁ প্ৰশংসা কৰে । আৱৰ্ত ভৱনতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পি এম কিষাণ সন্মান নিধিৰ হিতাধিকাৰীৰ সৈতে আলাপ কৰি জিলাখনৰ কৃষি ক্ষেত্ৰৰ বিভিন্ন সমস্যা, কেন্দ্ৰীয় চৰকাৰৰ কৃষি বিভাগৰ আঁচনিসমূহৰ ৰূপায়ণ আৰু কৃষি খণ্ডৰ অগ্ৰগতিৰ বুজ লয় ।

ইফালে আৱৰ্ত ভৱনত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষ মালহোত্ৰাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে । প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মন্ত্ৰীসভাৰ একোজন মন্ত্ৰীক প্ৰতি তিনি মাহৰ মূৰে মূৰে উত্তৰ-পূৰ্বাঞ্চলৰ জিলাসমূহ আৰু বিশেষকৈ পিছপৰা জিলাসমূহ ভ্ৰমণ কৰি উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ নিৰ্দেশ দিছে । প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি তেওঁ দৰং জিলালৈ অহা বুলি উল্লেখ কৰে ।

Minister Harsh Malhotra Darrang Visit
প্ৰকল্প পৰিদৰ্শন (ETV Bharat Assam)

এই ভ্ৰমণত তেওঁ লাভ কৰা অভিজ্ঞতা আৰু অৱগত হোৱা বিষয়সমূহ সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট মন্ত্ৰণালয় আৰু প্ৰয়োজন অনুসাৰে মন্ত্ৰীসকলক সাক্ষাৎ কৰি অৱগত কৰিব বুলি উল্লেখ কৰে । এই সময়ছোৱাতে মন্ত্ৰীগৰাকীয়ে মঙলদৈ নগৰ বালক নিম্ন বুনিয়াদী বিদ্যালয় আৰু মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় দুখন পৰিদৰ্শন কৰে ।

আনহাতে, দৰং জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষ মালহোত্ৰাই জিলাখনত চলি থকা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি আৰু কাৰ্যসূচীৰ পৰ্যালোচনা কৰে । এই পৰ্যালোচনা সভাত পাৱাৰপইণ্ট প্ৰেজেনটেচনৰ জৰিয়তে শিক্ষা, স্বাস্থ্য, কৃষি, লোকনিৰ্মাণ, জনস্বাস্থ্য কাৰিকৰী, ভূমি সংৰক্ষণ আদি বিভিন্ন বিভাগত ৰূপায়িত হৈ থকা কেন্দ্ৰীয় চৰকাৰৰ আঁচনি তথা কাৰ্যসূচী আৰু কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে মন্ত্ৰীগৰাকীক অৱগত কৰা হয় । দৰং জিলাই যোৱা সময়ছোৱাত বিভিন্ন ক্ষেত্ৰত লাভ কৰা সফলতা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতিৰ বিষয়েও তেওঁক অৱগত কৰা হয় ।

Minister Harsh Malhotra Darrang Visit
বিশিষ্ট ব্যক্তিৰে আলোচনা (ETV Bharat Assam)

পৰ্যালোচনা সভাৰ অন্তত মন্ত্ৰীগৰাকীয়ে কয় যে আকাংক্ষিত জিলা হিচাপে দৰঙে ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ দিশত যথেষ্ট আগবাঢ়ি গৈছে । জিলাখনে এই অগ্ৰগতিৰ ধাৰা অব্যাহত ৰাখিব লাগিব । নতুন আৰু ব্যতিক্ৰমী চিন্তাৰে উন্নয়নৰ ক্ষেত্ৰত আনৰ বাবে আদৰ্শ সৃষ্টি কৰিব পাৰি বুলিও তেওঁ মন্তব্য কৰে ।

মন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণকালত মঙলদৈত নিৰ্মীয়মাণ দক্ষতা বিশ্ববিদ্যালয়ত উপস্থিত হৈ বিশ্ববিদ্যালয়খনৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয় । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সকলো কাৰ্যসূচীত দৰং ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়া, ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী, মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাস আৰু জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে উপস্থিত থাকে ।

লগতে পঢ়ক :চৰকাৰৰ পক্ষপাতমূলক দৃষ্টিভংগীৰ বাবেই অপৰাধৰ সংখ্যা বৃদ্ধি পাইছে : লুৰীণজ্যোতি গগৈ - Dhing rape case
লগতে পঢ়ক :ই ডিক বিজেপিৰ পোহনীয়া কুকুৰ আখ্যা ভূপেন বৰাৰ : ই ডিৰ কাৰ্যালয় ঘেৰাও কৰি কংগ্ৰেছৰ প্ৰতিবাদ - Hindenburg Adani Row

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.