ETV Bharat / state

বান সাহাৰ্যৰ নামত কেন্দ্ৰৰ প্ৰতাৰণা : পাঁচ বছৰত ক্ষতিপূৰণ হিচাপে বিচৰা ১০৭৮৫ কোটি টকাৰ বিপৰীতে কিমান পালে অসমে ? - Assam flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 3:51 PM IST

Flood and Erosion in Assam: প্ৰতিবছৰে অসমত বান-খহনীয়া আৰু ভূমিস্খলনে তাণ্ডৱলীলা চলাই অহাৰ পাচতো কেন্দ্ৰীয় চৰকাৰে অসমৰ এছ ডি আৰ এফ শিতানত ধাৰ্য কৰি আহিছে নগণ্য পৰিমাণৰ পুঁজি । অসম চৰকাৰে প্ৰতিটো বান তথা দুৰ্যোগৰ পাচতেই বাধ্য হয় কেন্দ্ৰৰ ওচৰত হাত পাতিবলৈ । এছ ডি আৰ এফ শিতানতো কেন্দ্ৰই অসমৰ ক্ষেত্রত হ্ৰাস কৰিছে পুঁজিৰ পৰিমাণ ।

State Disaster Relief Fund
বানৰ কৱলত পৰিছে ৰাজ্য (Google)

গুৱাহাটী, ৫ জুলাই : ভয়াৱহ বানৰ কৱলত পৰিছে ৰাজ্য । চৌদিশে কেৱল পানী, মাথো পানী । বানৰ কৱলত পৰা ৰাজ্যৰ লাখ লাখ লোক এতিয়া সৰ্বস্বান্ত তথা দিশ‍হাৰা । চৌদিশে অবৰ্ণনীয় পৰিৱেশ । সাহাৰ্য বিচাৰি হাহাকাৰ কৰিছে বন্যাৰ্তই । মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই পুঁজিৰ অভাৱ নাই আৰু পৰ্যাপ্ত সাহাৰ্য প্ৰদানৰ নিৰ্দেশ প্ৰদান কৰিছে যদিও বানাক্ৰান্ত লোকে সীমাহীন সমস্যাৰ মাজত জীয়াই থকাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে ।

প্ৰত্যেক বছৰে বানে প্ৰলয়ৰ সৃষ্টি কৰি ৰাজ্যবাসীক জুৰুলা কৰাৰ লগতে ৰাজ্যখনৰ বিস্তৰ ক্ষতি সাধন কৰি অহাটো নতুন কথা নহয় । কম-বেছি পৰিমাণে প্ৰতি বছৰ বাৰিষা বানে ৰাজ্যখনৰ বিস্তৰ ক্ষতিসাধন কৰে । এইবাৰো ভয়াৱহ বানে ৰাজ্যখনৰ বিস্তৰ ক্ষতিসাধন কৰিছে । আনহাতে, প্ৰত্যেকবাৰৰ দৰে এইবাৰো অসম চৰকাৰে ক্ষয়-ক্ষতিৰ হিচাপ লৈ কেন্দ্ৰলৈ পুঁজি বিচাৰি আবেদন কৰিব । সেইদৰে বানৰ ক্ষয়ক্ষতিৰ হিচাপ ল'বলৈ আহিব কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দল । কেন্দ্ৰই পৰিস্থিতিৰ বুজ ল'বলৈ প্ৰতিনিধি দল প্ৰেৰণ কৰাটো নতুন কথা নহয় । এয়া এক নিয়মমাফিক প্ৰক্ৰিয়া । কিন্তু প্ৰক্ৰিয়াই অসমক কেতিয়াও উপকৃত কৰা নাই । বান বিধ্বস্ত ৰাজ্য অসমক কেন্দ্ৰই সদায়ে বঞ্চনা তথা প্ৰতাৰণা কৰি আহিছে । এইখিনি সময়ত অসমৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিভংগী পুনৰ চৰ্চালৈ আহিছে ।

জটিল আৰু ভয়াৱহ বান পৰিস্থিতি সত্ত্বেও প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱল মুখ্যমন্ত্ৰীলৈ ফোন কৰিয়েই দায়িত্ব সামৰিছে । ইফালে, বছৰ বছৰ ধৰি বানৰ কৱলত পৰি বিস্তৰ ক্ষতিৰ সন্মুখীন হোৱা সত্ত্বেও অসমক পৰ্যাপ্ত বান সাহাৰ্য দিয়াৰ বিপৰীতে কেন্দ্ৰই কেৱল ঘঁৰিয়ালৰ চকুপানী টুকি আহিছে ।

দিল্লীয়ে সদায়ে প্ৰতাৰণা কৰি আহিছে অসমক : অসমক দিল্লীয়ে প্ৰতাৰণা কৰাৰ বিষয়টো নতুন নহয় । যিদলৰেই চৰকাৰ নহওক কিয়, অসম সদায়ে বঞ্চিত হৈ আহিছে । অসমৰ ভয়াৱহ বান সমস্যাৰ স্থায়ী সমাধানৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে এটা দশক পাৰ কৰিলে যদিও এই সমস্যাৰ কোনো ধৰণৰ সমাধান নহ'ল । বৰং দিনক দিনে বান পৰিস্থিতি অধিক জটিল হৈ পৰিছে । আজিও প্রলয়ংকৰী বানৰ লগত জীৱন-মৃত্যুৰে যুঁজ দিবলগীয়া হৈছে ৰাজ্যৰ লাখ লাখ লোকে । অসমৰ বানপানীৰ সমস্যাক কাৰ্যতঃ অলপো গুৰুত্ব নিদিয়ে নৰেন্দ্ৰ মোদী চৰকাৰে । তাৰ অন্যতম প্ৰমাণ হৈছে অসমক দিয়া বান সাহাৰ্য ।

পাঁচ বছৰত বান সাহাৰ্যৰ নামত অসমক কি দিলে কেন্দ্ৰই : প্ৰত্যেক বছৰে বান-খহনীয়াৰে যুঁজ দিয়া অসমক কেন্দ্ৰীয় চৰকাৰে সাহাৰ্য প্ৰদানৰ নামত দিয়া পুঁজি দেখিলে স্বাভাৱিকতে সকলোৰে চকু কপালত উঠিব । বিধানসভাত দিয়া তথ্য মতে, বিগত পাঁচটা বছৰত বান আৰু প্ৰাকৃতিক দুৰ্যোগৰ ক্ষতিপূৰণ হিচাপে অসম চৰকাৰে ক্ষতিপূৰণ হিচাপে কেন্দ্ৰৰ পৰা ১০,৭৮৫.৩৮ কোটি টকা বিচাৰিছিল । কিন্তু ইয়াৰ বিপৰীতে নৰেন্দ্ৰ মোদী চৰকাৰে অসমক মোকলাই দিয়ে মাত্র ২০৫.৩১ কোটি টকা । এয়া হৈছে অসমৰ প্ৰতি মোদী চৰকাৰৰ প্ৰেম ।

আনহাতে, কেন্দ্ৰীয় উচ্চস্তৰীয় সমিতিয়ে অসমক বান তথা দুৰ্যোগৰ ক্ষতিপূৰণৰ নামত ১২৪৩.৬৯ কোটি টকা আদায় দিয়াৰ বাবে অনুমোদন দিছিল । লক্ষণীয় বিষয় যে কেন্দ্ৰীয় চৰকাৰে প্ৰতিখন ৰাজ্যকে এছ ডিআৰ এফ শিতানত বাৰ্ষিক নিৰ্দিষ্ট ধনৰ অনুমোদন দি আহিছে । তদুপৰি কেন্দ্ৰীয় চৰকাৰে বান তথা যিকোনো প্রাকৃতিক দুর্যোগৰ সৈতে মোকাবিলা কৰিবৰ বাবে ৰাজ্যসমূহক ক্ষতিপূৰণ হিচাপে এন ডি আৰ এফৰ পুঁজি আগবঢ়োৱাটো নিয়ম। প্ৰতিবছৰে অসমত বান-খহনীয়া আৰু ভূমিস্খলনে তাণ্ডৱলীলা চলাই অহাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে অসমৰ এছ ডি আৰ এফ শিতানত নগণ্য পৰিমাণৰ পুঁজিহে ধাৰ্য কৰি আহিছে । যাৰ বাবে অসম চৰকাৰে প্ৰতিটো বান তথা দুৰ্যোগৰ পাছতেই কেন্দ্ৰৰ ওচৰত হাত পাতিবলৈ বাধ্য হয় । চৰকাৰী তথ্য অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত বিগত ২০১৮-১৯ বৰ্ষত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল চৰকাৰে বানৰ ক্ষতিপূৰণ হিচাপে এন ডি আৰ এফ পুঁজিৰ পৰা সাহাৰ্য বিচাৰিছিল ২৫০৯.০৭ কোটি টকা ।

লগতে পঢ়ক:অপৰিৱৰ্তিত বান পৰিস্থিতি : জিলাই জিলাই মন্ত্ৰীৰ পদাৰ্পন - Assam flood 2024

অসম চৰকাৰৰ এই আবেদনৰ পাচতেই কেন্দ্ৰীয় আভ্যন্তৰীণ মন্ত্রী গোটে অসমত ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰি ক্ষয়ক্ষতি সন্দৰ্ভত কেন্দ্রৰ ওচৰত প্রতিবেদন দাখিল কৰিছিল । এই প্রতিবেদনৰ পাছতেই কেন্দ্ৰৰ উচ্চস্তৰীয় সমিতিয়ে ক্ষতি-ক্ষতিৰ বাবদ ১৩৮.৩৮ কোটি টকা অনুমোদন জনাইছিল । কিন্তু এই অনুমোদনৰ পাচতো কেন্দ্ৰই অসমৰ বাবে ফুটাকড়ি এটাও মোকলাই নিদিলে । সেইদৰে ২০১৯-২০ বৰ্ষতো অসম চৰকাৰে ৰাষ্ট্ৰীয় দুৰ্যোগ পুঁজিৰ পৰা ৩,২৩৭.৭৬ কোটি টকাৰ ক্ষতিপূৰণ বিচাৰি আবেদন জনাইছিল । ইয়াৰ পাছত কেন্দ্ৰীয় উচ্চস্তৰীয় সমিতিয়ে ৬১৬.৬৩ কোটি টকা অনুমোদন জনাইছিল । কিন্তু সেইবাৰো মোদী চৰকাৰে অসমক কোনোধৰণৰ সাহাৰ্য প্ৰদান নকৰিলে । ২০২০-২১ বৰ্ষত দুৰ্যোগৰ ক্ষয়-ক্ষতিৰ বাবদ অসমে বিচৰা ২৬৪০.৮৭ কোটি টকাৰ বিপৰীতে কেন্দ্ৰীয় উচ্চস্তৰীয় সমিতিয়ে অনুমোদন জনাইছিল ৪৩৭.১৫ কোটি টকা । কিন্তু মোদী চৰকাৰে সেই বৰ্ষত মোকলাই দিলে মাত্ৰ ৪৪.৩৭ কোটি টকা ।

২০২১-২২ বৰ্ষত বানৰ ক্ষতিপূৰণ হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ১০৮৮.১৮ কোটি টকা অনুদান বিচাৰি জনোৱা আবেদনৰ ভিত্তিত কেন্দ্ৰৰ উচ্চস্তৰীয় সমিতিয়ে ৫১.৫৩ কোটি টকা অনুমোদন জনাইছিল । কিন্তু সেই অনুমোদনৰ পাচতো কেন্দ্ৰীয় চৰকাৰে এটকাও নিদিলে । সেইদৰে ২০২২-২৩ বৰ্ষত ৰাজ্য চৰকাৰে পুনৰ ৰাষ্ট্ৰীয় দুৰ্যোগ পুঁজিৰ পৰা বান তথা দুৰ্যোগৰ ক্ষতিপূৰণ হিচাপে ১৩০৯.৫০ কোটি টকা বিচাৰিছিল । ইয়াৰ বিপৰীতে কেন্দ্ৰীয় উচ্চস্তৰীয় সমিতিয়ে ৫২০.৪৭কোটি টকা অনুমোদন জনাইছিল । এই অনুমোদনৰ পাচত ২০২২-২৩ বৰ্ষত কেন্দ্ৰই ১৬০.৯৪ কোটি টকা মোকলাই দিছিল । অর্থাৎ ক্ষতিপূৰণ হিচাপে বিচৰা ১০,৭৮৫.৩৮ কোটি টকাৰ ৯৫৪১.৬৯ কোটি টকাই লাভ নকৰিলে ।

আনহাতে, ২০২৩-২৪ বৰ্ষত কেন্দ্ৰৰ পৰা অসম চৰকাৰে এছ ডি আৰ এফ শিতানত লাভ কৰা ৩৪০ কোটি টকাৰে বছৰটোৰ বাবে বান আৰু প্ৰাকৃতিক দুৰ্যোগৰ সৈতে যুঁজ দিবলগীয়া হৈছে । স্বাভাৱিকতেই কেন্দ্ৰীয় চৰকাৰৰ এনে স্থিতিৰ বাবেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ পৰা মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ বৰঙণি বিচাৰিবলৈ বাধ্য হৈছে । মুখ্যমন্ত্ৰীয়ে বুধবাৰে টুইটযোগে বান দুৰ্যোগৰ সময়ত ৰাইজক সহায় কৰাৰ বাবে সদাশয় ব্যক্তিয়ে জিলা উপায়ুক্তক পোনপটীয়াকৈ নাইবা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান আগবঢ়াব পাৰিব বুলি অৱগত কৰিছে ।

এয়াই হৈছে অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ সময়ত কেন্দ্ৰৰ দৃষ্টিভংগী । প্ৰত্যেক বছৰেই ভয়াৱহ দুৰ্যোগৰ সন্মুখীন হোৱা অসমক এনেদৰে কেন্দ্ৰই মাথো বঞ্চনা কৰিহে আহিছে । 'ডাৱল ইঞ্জিন'ৰ চৰকাৰ থকাৰ পাচতো ৰাজ্যখনে এনেদৰে চৰম প্ৰতাৰণাৰ সন্মুখীন হৈ অহাটো অতি পৰিতাপৰ বিষয় ।

ৰাজ্যিক দুর্যোগ সাহাৰ্য পুঁজি : ভাৰতৰ সংবিধানৰ ২৮০ নং অনুচ্ছেদৰ অধীনত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক দুর্যোগ সাহাৰ্য পুঁজি আবণ্টন দিয়ে । বিত্ত আয়োগৰ পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰই ৰাজ্যসমূহক দুর্যোগ সাহাৰ্য পুঁজি দিবলৈ বাধ্য । সংবিধানৰ নিৰ্দিষ্ট অনুচ্ছেদৰ ভিত্তিত ৰাজ্যসমূহক কেন্দ্রই সহায় কৰে । তেনে ব্যৱস্থাৰ ভিত্তিতেই অসমক কেন্দ্ৰীয় চৰকাৰৰ অংশৰ পৰা ৰাজ্যিক দুর্যোগ সাহাৰ্য পুঁজি মোকলাই দি আহিছে । গৃহ মন্ত্রণালয়ৰ তথ্য মতে, কেন্দ্ৰই ৰাজ্যিক দুর্যোগ সাহায্য পুঁজি শিতানত অসমক ২০১৮-১৯ চনত ৪৭৮.৮০ কোটি টকা, ২০১৯-২০ চনত ৫০৩.১০ কোটি টকা, ২০২০-২১ চনত ৭৭২ কোটি টকা আৰু ২০২১-২২ চনত ৬১৭.৬০ কোটি টকা মোকলাই দিছে । ২০২০-২১ চনৰ তুলনাত অসমক ২০২১-২২ চনত প্রায় ১৬০ কোটি টকা কমকৈ মোকলাই দিয়া হৈছে ।

লগতে পঢ়ক:বান বিভীষিকা অব্যাহত; বানত মৃত্যু হোৱা লোকৰ সংখ্যা 52 জনলৈ বৃদ্ধি - Assam flood 2024

অসমত বানপ্ৰৱণ এলেকা বেছি যদিও অন্য বহু ৰাজ্যৰ তুলনাত ৰাজ্যিক দুর্যোগ সাহাৰ্য শিতানত কমকৈ টকা দিয়া হয় । বছৰে গড়ে ৫ লাখ হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে পথ, গৃহকে ধৰি শ শ কোটি টকাৰ আন্তঃগাঁথনি ধ্বংস হয় । তাৰ পাচতো দেশৰ কম বানপ্ৰৱণ এলেকাতকৈ অসম ৰাজ্যিক দুর্যোগ সাহাৰ্য পুঁজি শিতানত কমকৈ ধন দি থকা হৈছে ।

প্ৰত্যেক বছৰে এছ ডি আৰ এফ শিতানত কেন্দ্ৰই পুঁজিৰ পৰিমাণ কমাই আনিছে । ২০২৩-২৪ বৰ্ষত কেন্দ্ৰৰ পৰা অসম চৰকাৰে এছ ডি আৰ এফ শিতানত লাভ কৰে মাত্র ৩৪০ কোটি টকা । আনহাতে, কমকৈ হ'লেও অসমক ৰাজ্যিক দুর্যোগ সাহাৰ্য শিতানত পুঁজি বছৰে বছৰে দি থকা হৈছে যদিও ৰাষ্ট্ৰীয় দুর্যোগ সাহাৰ্য শিতানত অসমক কেন্দ্ৰই বঞ্চনা কৰি আহিছে ।

লগতে পঢ়ক:ৰ'দ ওলোৱাৰ পাচতো আঁতৰা নাই পানী; জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ বন্যাৰ্তৰ - Assam Flood 2024

বানবিধ্বস্ত অসম : বানৰ বাবে বাতিল কেইবাখনো ৰে'লৰ যাত্ৰা - ASSAM FLOOD 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.