ETV Bharat / state

প্ৰতিবছৰে 26 জুলাইত চৰাইদেউ মৈদাম ক্ষেত্ৰত হ’ব বিশেষ অনুষ্ঠান : মন্ত্ৰী যোগেন মহনৰ ঘোষণা - UNESCO world heritage site

Historical Charaideo Moidam : ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পোৱাৰ পিচতেই উৎসৱমুখৰ পৰিৱেশ ৷ মন্ত্ৰী যোগেন মহনে 26 জুলাইক World Heritage Day অৰ্থাৎ প্ৰতিষ্ঠা দিৱস হিচাপে চৰাইদেউ মৈদামত প্ৰতি বছৰে উদযাপন কৰা হ'ব বুলি ঘোষণা কৰে ৷

author img

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 8:58 PM IST

UNESCO WORLD HERITAGE SITE
বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিচয় লাভ কৰিলে চৰাইদেউ মৈদাম ক্ষেত্ৰই (ETV Bharat Assam)

মৰাণ, 26 জুলাই : আহোম ৰাজ শাসনৰ সোণালী ইতিহাসৰ স্বাক্ষৰ বহন কৰা এই ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে আন এক পৰিচয় লাভ কৰিলে ৷ ফলত আহোম ৰাজ শাসনৰ 600 বছৰীয়া সোণালী ইতিহাস বহন কৰি অহা ঐতিহাসিক চৰাইদেউ মৈদামে বিশ্বৰ মানচিত্ৰত স্থান লাভ কৰিবলৈ সক্ষম হ'ল ৷ চৰাইদেউ মৈদাম ক্ষেত্ৰ হ'ল 2023 বৰ্ষত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ বাবে প্ৰেৰণ কৰা ভাৰতৰ একমাত্ৰ মনোনয়ন ৷ 2014 বৰ্ষতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰাৰম্ভিক তালিকাত অন্তৰ্ভূক্ত হ'বলৈ সক্ষম হোৱা চৰাইদেউ মৈদাম ক্ষেত্ৰৰ নাম কেন্দ্ৰীয় চৰকাৰে ইউনেস্কোলৈ প্ৰেৰণ কৰা পাচতেই 21 জুলাইৰ পৰা নতুন দিল্লীত অনুষ্ঠিত হোৱা ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিৰ 46 সংখ্যক সন্মিলনত আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় ৷

চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে লাভ কৰিলে আন এক পৰিচয় (ETV Bharat Assam)

এই ঘোষণাৰ পাচতেই মৈদাম ক্ষেত্ৰৰ প্ৰাংগনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় ৷ কোনোবোই যদি ধৰ্মীয় নিয়ম অনুসৰি পূজা-অৰ্চনা কৰে, আন কোনোবোই বিহু নাম গাই আনন্দ প্ৰকাশ কৰে ৷ এই খবৰে চৰাইদেউবাসীৰ লগতে অসমবাসী ৰাইজক অতি আনন্দিত কৰিছে ৷ ঐতিহাসিক চৰাইদেউ মৈদামে বিশ্বৰ মানচিত্ৰত স্থান লাভ কৰা পাচতে মৈদাম ক্ষেত্ৰত অনুষ্ঠিত হ'ল ৰাজহুৱা সভা ৷ চৰাইদেউ মৈদামৰ বাকৰিত অনুষ্ঠিত অনানুষ্ঠানিক সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী যোগেন মহন আৰু বিমল বড়াই ৷ এই সভাত চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰাৰ বাবে মৈদামস্থলীত ৰাজ্যৰ বিভিন্ন দল-সংগঠন, জ্যেষ্ঠ নাগৰিক, চৰাইদেউবাসী ৰাইজৰ লগতে এই স্বীকৃতিত সকলোৰে ত্যাগ আৰু প্ৰচেষ্টাক শলাগ জনোৱা হয় ৷

লগতে পঢ়ক : বিশ্ব ঐতিহ্য ক্ষেত্ৰ‌ হিচাপে স্বীকৃতি পালে চৰাইদেউ মৈদামে: চৰাইদেউত আনন্দ-উল্লাস - Assam’s historical Charaideo Moidam

বিশ্বৰ মানচিত্ৰত চৰাইদেউ মৈদামস্থলীয়ে স্বীকৃতি লাভ কৰা পাচত চৰাইদেউৰ ৰাইজে এই ঐতিহাসিক সম্পদ সংৰক্ষণৰ বাবে কেনেকৈ অধিক দায়িত্ব ল'ব লাগিব সেই বিষয়ে আলোচনা কৰা হয় ৷ আনহাতে এই সভাৰ পাচতে বুৰঞ্জীপ্ৰসিদ্ধ চৰাইদেউ মৈদামস্থলীত মন্ত্ৰী যোগেন মহনে 26 জুলাইক 'World Heritage Day' অৰ্থাৎ প্ৰতিষ্ঠা দিৱস হিচাপে চৰাইদেউ মৈদামত প্ৰতি বছৰে উদযাপন কৰা হ'ব বুলি ঘোষণা কৰে ৷ এই প্ৰতিষ্ঠা দিৱসত বছৰটোৰ খতিয়ান আৰু ন ন পৰিকল্পনাৰ বিষয়ক লৈ এক উৎসৱমুখৰ পৰিবেশ গঢ়ি তোলাৰ বিষয়ে আলোচনা কৰা হ'ব বুলি জানিবলৈ দিয়ে তেওঁ ৷

লগতে পঢ়ক : বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰে উজলিল চৰাইদেউ মৈদাম - UNESCO world heritage site

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.