ETV Bharat / state

বিশ্ব ঐতিহ্য ক্ষেত্ৰ‌ হিচাপে স্বীকৃতি পালে চৰাইদেউ মৈদামে: চৰাইদেউত আনন্দ-উল্লাস - Assam’s historical Charaideo Moidam

author img

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 2:31 PM IST

Jogen Mohan on Charaideo Maidam: আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ‌ হিচাপে ঘোষণা হ’ল ঐতিহাসিক চৰাইদেউ মৈদাম ৷ ইয়াৰ পাছতে আনন্দ-উল্লাস পৰিলক্ষিত হ’ল সমগ্ৰ অসমবাসীৰ লগতে চৰাইদেউবাসীয়েও ৷ পৰম্পৰাগত সাজ-পোচাক পৰিধান কৰি বিহু জুৰি কঁকাল ঘূৰালে কেবিনেট মন্ত্ৰী যোগেন মহনে ।

celebration in charaideo after historical charaideo moidam recognized as unesco's world heritage
বিশ্ব ঐতিহ্য ক্ষেত্ৰ‌ হিচাপে স্বীকৃতি পালে চৰাইদেউ মৈদামে: চৰাইদেউত আনন্দ-উল্লাস (ETV Bharat Assam)

মৰাণ, 26 জুলাই: আহোম ৰাজ শাসনৰ 600 বছৰীয়া সোণালী ইতিহাস বহন কৰিছে ঐতিহাসিক চৰাইদেউ মৈদামে । এই ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে এক নতুন পৰিচয় দিবলৈ চৰাইদেউ ৰাইজৰ লগতে অসমবাসীয়ে বছৰৰ পাছত বছৰ জুৰি সংগ্ৰাম চলাইছিল । বহু আন্দোলন-প্ৰতিবাদ, বহু অপেক্ষাৰ অন্তত শুকুৰবাৰে অৱশেষত আহিল সেই বিশেষ সুখবৰটো ।

দিল্লীত অনুষ্ঠিত ইউনেস্কোৰ বৈঠকত আনুষ্ঠানিকভাৱে আজি ঘোষণা কৰা হ’ল বিশ্ব ঐতিহ্যক্ষেত্ৰৰ নাম । সকলোৱে আশা কৰা ধৰণেৰে বিশ্ব ঐতিহ্য় ক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামত পৰিল ছীল-মোহৰ । মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰাৰ পাছতে চৰাইদেউ মৈদাম ক্ষেত্ৰৰ চৌহদত উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে । আজি পুৱাৰে পৰা চৰাইদেউ মৈদামত টাই আহোম পৰম্পৰাৰে কৰা হয় পূজা-অৰ্চনা ।

বিশ্ব ঐতিহ্য ক্ষেত্ৰ‌ হিচাপে ঘোষণা হোৱাৰ পাছতেই ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত আনন্দ-উল্লাস প্ৰদৰ্শন কৰে চৰাইদেউ ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে । টাই-আহোমৰ পোচাক পৰিধান কৰি বিহু জুৰিলে কেবিনেট মন্ত্ৰী যোগেন মহনে ।

আনন্দত আত্মহাৰা হোৱা মন্ত্ৰী যোগেন মহনে ৰাইজৰ সৈতে কঁকাল ঘূৰাই নাচিলে । লগতে মহনে কয়, "আজি সকলোৰে বাবে গৌৰৱৰ দিন ৷ আজিৰ দিনটোৰ পৰা চৰাইদেউৰ ৰাইজৰ দায়িত্ব বৃদ্ধি পালে । দেশ-বিদেশৰ পৰ্যটকৰ বাবে আমাৰ বহু কৰণীয় আছে । ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ সহযোগত সকলো কৰা হ'ব ।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে ইউনেস্কোলৈ মৈদামৰ নাম প্ৰেৰণ কৰাৰ পাছতেই কেবাবাৰো কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ সঞ্চালক প্রধান আৰু ইউনেস্কোৰ প্ৰতিনিধিয়ে পৰিদৰ্শন কৰিছিল ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ । ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰৰ সকলো ঐতিহাসিক সমল পৰীক্ষা কৰিছিল ইউনেস্কোৰ প্ৰতিনিধিয়ে আৰু ইয়াৰ পাছতে আজিৰে পৰা নতুন দিল্লীত আৰম্ভ হোৱা ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিৰ 46 সংখ্যক সন্মিলনত ইউনেস্কোৱে চৰাইদেউক বিশ্ব মানচিত্ৰত লিপিৱদ্ধ কৰে ৷

লগতে পঢ়ক: বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰে উজলিল চৰাইদেউ মৈদাম - UNESCO world heritage site

বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ দিশে ঐতিহাসিক চৰাইদেউ মৈদাম - Charaideo Maidam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.