ETV Bharat / state

চোৰৰ মুখত সাংবাদিকৰ নাম : লখিমপুৰ প্ৰেছ ক্লাবৰ পৰা অব্যাহতি সাংবাদিকক - Cattle theft racket

author img

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 8:58 PM IST

Cattle thief arrest in Lakhimpur : লখিমপুৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গৰুচোৰৰ মুখত সাংবাদিকৰ নাম ৷ চুৰিকাণ্ডৰ মাষ্টাৰমাইণ্ড হিচাপে দাঙি ধৰা হ’ল সাংবাদিকক ৷

Cattle thief arrest in Lakhimpur
চোৰৰ মুখত সাংবাদিকৰ নাম (ETV Bharat Assam)

লখিমপুৰ, ১০ জুলাই: লখিমপুৰত ঘটিছে এক আজৱ ঘটনা ৷ গৰুচোৰৰ মুখত ওলাল সাংবাদিকৰ নাম ৷ চুৰিকাৰ্যৰ সৈতে নাম সাঙোৰ খালে সাংবাদিকৰ ৷ যাৰ বাবে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবে সাময়িকভাৱে অব্যাহতি দিলে সাংবাদিকজনক ৷ উল্লেখ্য যে লখিমপুৰ সদৰ থানাৰ আৰক্ষীয়ে গৰু, ম’বাইল চুৰিকে ধৰি বিভিন্ন চুৰিকাণ্ডৰ লগত জড়িত থকাৰ অপৰাধত মঙলবাৰে লখিমপুৰৰ ৰংপুৰীয়া গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে আনাউল হক নামৰ চোৰটোক ।

ধৃত চোৰটোৱে চুৰিকাণ্ডৰ মাষ্টাৰ মাইণ্ড এটা ব্যক্তিগত চেটেলাইট চেনেলৰ লখিমপুৰৰ সাংবাদিক জিয়াউল আলী বুলি সাংবাদিকৰ আগত স্পষ্টৰূপে প্ৰকাশ কৰে ৷ এই লৈ ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ ঘটনাটোক লৈ বুধবাৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবে এখন জৰুৰী সভা অনুষ্ঠিত কৰে । বিষয়টো সভাত আলোচনা কৰি সাংবাদিকগৰাকীক ক্লাবৰ সাধাৰণ সদস্য পদৰ পৰা সাময়িকভাৱে অব্যাহতি দিয়ে ।

প্ৰেছ ক্লাবৰ সভাপতি কুমুদ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত জৰুৰী সভাত বিষয়টো পুংখানুপুংখভাৱে অনুসন্ধানৰ বাবে সভাপতিৰ নেতৃত্বত তিনিজনীয়া এখন সমিতিও গঠন কৰি দিয়া হয় ৷ উল্লেখ্য যে, চোৰটোৱে সাংবাদিকক দিয়া ভাষ্যত স্পষ্টৰূপে প্ৰকাশ পাইছে জিয়াউল আলী চুৰি দলটোৰ লগত জড়িত থকাৰ কথা ৷ অভিযোগ অনুসৰি, জিয়াউল আলীৰ লগতে তেওঁৰ এগৰাকী ভাতৃও বিগত সময়ছোৱাত লখিমপুৰৰ আনন্দ বাগান, পহুমৰা তথা বগীনদীৰ বিভিন্ন অঞ্চলত সংঘটিত হোৱা ম’বাইল ফোন চুৰি, গৰু চুৰি আদি কাণ্ডৰ সৈতে জড়িত আছিল ৷

লগতে পঢ়ক: দিন দুপৰতে বাহনৰ গ্লাছ ভাঙি চোৰে লুটিলে নগদ ধনসহ পিষ্টল

অৱশ্যে এই ঘটনাক জিয়াউল আলীয়ে ষড়যন্ত্ৰ বুলিহে আখ্যা দিছে । প্ৰেছ ক্লাবৰ সভাত জিয়াউল আলীয়ে কয় যে, তেওঁ কোনোপধ্যে এনেধৰণৰ অসামাজিক কাৰ্যৰে জড়িত নহয় । তেওঁক সমাজত বদনাম কৰিবৰ বাবে এটা চক্ৰই ষড়যন্ত্ৰমূলকভাৱে এনে কৌশল ৰচনা কৰা বুলিহে প্ৰেছ ক্লাবৰ সভাত মন্তব্য কৰে তেওঁ ৷

পৰৱৰ্তী সময়ত আৰক্ষীৰ অনুসন্ধান অথবা প্ৰেছ ক্লাবৰ অনুসন্ধানত কি উত্তৰ ওলাই সেয়া লক্ষ্যণীয় হ’ব । সাংবাদিক এজনৰ নাম এনেদৰে চুৰিকাণ্ডৰ সৈতে সাঙোৰ খাই পৰা বিষয়টোৱে ৰাইজৰ মাজত বিশেষ চৰ্চা লাভ কৰিছে ৷

লগতে পঢ়ক: বিধায়ক আৱাসৰ গাতে লাগি থকা নামঘৰত চোৰৰ চাফাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.