ETV Bharat / state

উঁই পৰুৱা সদৃশ কৰ্কট ৰোগক বাধা দিয়াৰ প্ৰচেষ্টা; গুৱাহাটীত সম্পন্ন বিনামূলীয়া স্বাস্থ্য শিবিৰ - Treatment of cancer

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2024, 10:09 AM IST

Cancer : স্বাস্থ্যই পৰম ধন ৷ সকলোকে নিৰোগী কৰি ৰখাৰ স্বাৰ্থত বিভিন্ন সময়ত স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয় ৷ এইবাৰ প্ৰস্ৰাৱৰ ৰোগ আৰু কৰ্কট ৰোগৰ সজাগতাৰ বাবে গুৱাহাটীত আলোচনা চক্ৰ আৰু বিনামূলীয়া স্বাস্থ্য শিবিৰ সম্পন্ন কৰা হয় ৷

Cancer disease health seminar organized by Bharat Vikash Parishad in Guwahati
স্বাস্থ্যই পৰম ধন (ETV Bharat)

গুৱাহাটী, 9 ছেপ্টেম্বৰ : কৰ্কট ৰোগ; যিয়ে নিঃশেষ কৰি দিব পাৰে এটা জীৱন ৷ এই ৰোগে ৰোগীৰ লগতে সম্পূৰ্ণ ঘৰখনকে উঁই পৰুৱাৰ দৰে ভিতৰৰ পৰা কুটি কুটি খাই পেলায় ৷ সেয়ে পাৰ্যমানে এই ৰোগ হোৱাৰ কাৰকসমূহৰ পৰা হাত সাৰিবলৈ সকলোৱে চেষ্টা কৰা উচিত ৷ আনকি বিভিন্ন সময়ত ভিন্ন সংস্থা বা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা কৰ্কট ৰোগ সম্পৰ্কে বিভিন্ন সজাগতা সভা, স্বাস্থ্য পৰীক্ষা আদি অনুষ্ঠিত কৰা দেখা যায় ৷

দেওবাৰে ভাৰত বিকাশ পৰিষদে ভাৰতীয় শক্তি গ্ৰীড নিগম আৰু সহযোগী অংশীদাৰ হিচাপে শয়ন্তিকাৰ সহযোগত গুৱাহাটীৰ বিষ্ণুপুৰৰ ভাৰত বিকাশ পৰিষদ সেৱা কেন্দ্ৰত এক স্বাস্থ্য শিবিৰৰ আয়োজন কৰে । এই অনুষ্ঠানত প্ৰস্ৰাৱৰ সৈতে জড়িত ৰোগ আৰু কৰ্কট ৰোগ সম্পৰ্কে সজাগতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা অনুষ্ঠিত কৰা হয় ।

লগতে পঢ়ক : মাত্ৰ এঘন্টাৰ ভিতৰতে ধৰা পৰিব কৰ্কট ৰোগ: আমেৰিকাৰ বিজ্ঞানীয়ে উলিয়ালে উপায় - Cancer

এই উপলক্ষে আয়োজিত অনুষ্ঠানত সোণাপুৰৰ আই ইউ কে ডি হাস্পতালৰ ভাৰতৰ লেজাৰ মানৱ খ্যাত চিকিৎসক ডাঃ অৰূপ কুমাৰ নাথৰ লগতে গুৱাহাটী বাণিজ্য মহাবিদ্যালয় আৰু কে চি দাস মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ হোমেশ্বৰ কলিতাকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।

স্বাস্থ্য শিবিৰত উপস্থিত থাকি ডাঃ অৰূপ কুমাৰ নাথে কয়, “কৰ্কট ৰোগৰ লগত জড়িত প্ৰস্ৰাৱৰ সমস্যাসমূহ স্বাস্থ্যৰ বাবে এক চিন্তনীয় বিষয় ৷ কিয়নো ৰোগ নিৰ্ণয় আৰু চিকিৎসাত পলম হ’লে ইয়াৰ পৰিণতি অধিক জটিল হৈ পৰিব পাৰে ।’’

লগতে পঢ়ক : COVID-19ৰ পাচত বৃদ্ধি পালে নেকি ষ্ট্ৰ’কত আক্রান্তৰ সংখ্যা ? - Stroke

‘‘শেহতীয়া অধ্যয়নত ক’ভিড-১৯ মহামাৰীৰ সময়ত ইউৰ’লজিকেল কেন্সাৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত উদ্বেগজনক ধাৰা উন্মোচিত হৈছে । আমাৰ মূল গুৰুত্ব সদায় কৰ্কট ৰোগৰ আগতীয়া নিদানৰ ওপৰত কেন্দ্ৰীভূত হৈ আহিছে, যিটো ফলপ্ৰসূ চিকিৎসাৰ বাবে অতি প্ৰয়োজনীয় ।’’ ডাঃ নাথে কয় ৷

ইফালে অনুষ্ঠানটোৰ আয়োজক চন্দ্ৰিমা সেনে কয়, ''মহানগৰীত প্ৰস্ৰাৱৰ সৈতে জড়িত ৰোগ আৰু কৰ্কট ৰোগৰ সজাগতাৰ ওপৰত এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰি আমি আনন্দিত হৈছো । মহামাৰীৰ পিছত কৰ্কট ৰোগ আৰু প্ৰস্ৰাৱৰ সমস্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বহু পৰিয়ালক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সহায় কৰিব পৰাকৈ সজগতা শিবিৰ অনুষ্ঠিত কৰাটো নিতান্তই প্ৰয়োজনীয় বুলি আমি উপলব্ধি কৰিছিলো ।’’

লগতে পঢ়ক : এই সহজ উপায়েৰে তেজৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণ চিনাক্ত কৰক, তৎক্ষণাত পৰীক্ষা কৰক - Blood Cancer

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.