ETV Bharat / state

নিহত তিনি মাৰ উগ্ৰপন্থী মণিপুৰৰ হিংসাত্মক কাৰ্যৰ সৈতে জড়িতৰ সন্দেহ আৰক্ষীৰ - CACHAR SP REACTS ON POLICE FIRING

author img

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 4:32 PM IST

SP Cachar Nomal Mahatta : কাছাৰৰ ভূবন পাহাৰত সংঘটিত গুলীয়াগুলীৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া কাছাৰৰ আৰক্ষী অধীক্ষকৰ ৷ জিলা আৰক্ষী অধীক্ষক নোমল মাহাত্তাই মৃত তিনি মাৰ উগ্ৰপন্থী মণিপুৰৰ হিংসাত্মক ঘটনাৰ সৈতে জড়িত থকাৰ সম্ভাৱনা ব্যক্ত কৰে ৷

CACHAR SP REACTS ON POLICE FIRING
তিনি মাৰ উগ্ৰপন্থীৰ পৰা জব্দ মাৰণাস্ত্ৰ (ETV Bharat Assam)

শিলচৰ, 17 জুলাই: কাছাৰৰ ভূবন পাহাৰত আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংঘটিত হোৱা গুলীয়াগুলীৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জিলা আৰক্ষী অধীক্ষক নোমল মাহাত্তাই ৷ আৰক্ষী অধীক্ষক মাহাত্তাই এই সন্দৰ্ভত কয় যে, মঙলবাৰে নিশা অভিযান চলোৱা আৰক্ষীৰ ওপৰত আক্ৰমণ চলাই উগ্ৰপন্থীসকলে ধৃত তিনি উগ্ৰপন্থীক পলাই লৈ যোৱাৰ পৰিকল্পনা কৰিছিল ৷

কাছাৰৰ আৰক্ষী অধীক্ষকৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

মৃত তিনি মাৰ উগ্ৰপন্থী মণিপুৰৰ হিংসাত্মক ঘটনাৰ সৈতে জড়িত থকাৰো সম্ভাৱনা ব্যক্ত কৰে কাছাৰৰ আৰক্ষী অধীক্ষকগৰাকীয়ে । কিয়নো মৃত তিনি উগ্ৰপন্থীৰ মাজৰ এজন মণিপুৰৰ আৰু আন দুজন কাছাৰৰ আছিল বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে । সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে কাছাৰৰ আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

লগতে পঢ়ক: অসম-মিজোৰাম সীমান্তত আৰক্ষী-উগ্ৰপন্থীৰ প্ৰচণ্ড গুলীয়াগুলী; 3 মাৰ উগ্ৰপন্থী নিহত - Hmar militants killed

মঙলবাৰে নিশা ধৃত তিনি উগ্ৰপন্থীক লৈ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাৰ নেতৃত্বত কাছাৰ আৰক্ষীৰ এটা দল অসম-মিজোৰাম সীমান্তৰ ভূবন পাহাৰত নামিছিল অভিযানত ৷ এই অভিযানৰ উমান পাই হঠাৎ পাহাৰৰ ভিতৰত লুকাই থকা আন উগ্ৰপন্থীবোৰে আৰক্ষীক লক্ষ্য কৰি গুলীবৰ্ষণ আৰম্ভ কৰে ।

প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলীচালনা কৰে । প্ৰায় এঘণ্টা ধৰি আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত চলে এই গুলীয়াগুলী । দুই পক্ষৰ গুলীচালনাত গুলীবিদ্ধ হৈ মৃত্যু ঘটে আৰক্ষীয়ে লগত লৈ যোৱা তিনি মাৰ উগ্ৰপন্থী কেডাৰৰ । এই ঘটনাত আহত হৈছে তিনিজন আৰক্ষীৰ লোক । লগতে গুলীবৰ্ষণৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে কাছাৰ আৰক্ষীৰ কেইবাখনো বাহনৰ ।

উল্লেখ্য যে, ধলাইৰ গংগা নগৰত মাৰণাস্ত্ৰসহ তিনি যুৱকক সোমবাৰে আটক কৰিছিল কাছাৰ আৰক্ষীয়ে ৷ আৰক্ষীয়ে লগতে উদ্ধাৰ কৰিছিল এটা AK-47 আৰু এটা পিষ্টলসহ কেইবাজাঁই গুলী ।

লগতে পঢ়ক: হাতত AK-47 আৰু পিষ্টল লৈ গৈ আছিল তিনি যুৱক, বাটতে পালে আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.