ETV Bharat / state

'কা' কাৰ্যকৰী হ'ল অসমত : দিছপুৰৰ গৃহ বিভাগৰ পৰা আৰক্ষীলৈ গ'ল বিশেষ নিৰ্দেশনা - CAA implementaion in assam

author img

By ETV Bharat Assamese Team

Published : Jul 15, 2024, 2:19 PM IST

Updated : Jul 15, 2024, 4:04 PM IST

CAA : ধৰ্মৰ ভিত্তিত অবৈধ বিদেশীক নাগৰিকত্ব দিবৰ বাবে পদক্ষেপ গ্ৰহণ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ ৷ অসম আৰক্ষীলৈ জৰুৰী নিৰ্দেশনা গৃহ বিভাগৰ ৷ 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে ভাৰতলৈ অহা অ-মুছলমান বিদেশীৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত গোচৰ নতৰিবলৈ নিৰ্দেশ ৷

CAA: Assam govt directs special director general of police (border) not to prosecute non-Muslim foreigners who entered before Dec 31, 2014.
আৰক্ষীলৈ গৃহ বিভাগৰ নিৰ্দেশ (ETV Bharat)

গুৱাহাটী, 15 জুলাই : অৱশেষত বহু বিতৰ্কিত CAA প্ৰযোজ্য কৰি ধৰ্মৰ ভিত্তিত অবৈধ বিদেশীক নাগৰিকত্ব প্ৰদানৰ বাবে চূড়ান্ত পদক্ষেপ গ্ৰহণ কৰিলে অসম চৰকাৰে । এই সন্দৰ্ভত অসম আৰক্ষীলৈ জৰুৰী নিৰ্দেশ প্ৰদান কৰিছে দিছপুৰে । CAA ৰ বাবে ৰাজ্যৰ গৃহ সচিবে অসম আৰক্ষীৰ সীমান্ত শাখাৰ বিশেষ সঞ্চালকলৈ প্ৰদান কৰিছে বিশেষ জৰুৰী পত্ৰ ।

CAA
'কা' কাৰ্যকৰী হ'ল অসমত : দিছপুৰৰ গৃহ বিভাগৰ পৰা আৰক্ষীলৈ গ'ল বিশেষ নিৰ্দেশনা (ETV Bharat)

2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে ভাৰতলৈ অহা অ-মুছলমান বিদেশীৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত গোচৰ নতৰিবলৈ অসম আৰক্ষীক নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে অসম চৰকাৰৰ গৃহ বিভাগে নিৰ্দেশ জাৰি কৰিছে ৷ ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব পার্থ প্রতীম মজুমদাৰে জাৰি কৰা এটা নির্দেশনাই অসমত CAA ৰ আধাৰত কাম-কাজ আৰম্ভ হোৱাৰ কথা স্পষ্ট কৰিলে ।

যোৱা 5 জুলাইত ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিবগৰাকীয়ে অসম আৰক্ষীৰ সীমান্ত শাখাৰ বিশেষ সঞ্চালক প্রধানক এই পত্ৰযোগে 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে ভাৰতলৈ অহা বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰ হিন্দু, বৌদ্ধ, পাৰ্চী, জৈন, খ্রীষ্ট্রিয়ান আৰু শিখ শৰণাৰ্থীক বিদেশী ন্যায়াধিকৰণৰ গোচৰ জাপি নিদিবলৈ নিৰ্দেশনা জাৰি কৰিছে ৷

কেৱল সেয়াই নহয়, এই গুৰুত্বপূৰ্ণ নির্দেশনাটোত লগতে কেন্দ্রীয় গৃহ মন্ত্রণালয়ে 2024 চনৰ 11 মাৰ্চত নাগৰিকত্ব সংশোধনী আইন 2019 ৰ বিধি প্ৰস্তুত কৰাৰ লগে লগে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা 2014 ৰ 31 ডিচেম্বৰৰ পূৰ্বে অহা অ-মুছলমান শৰণাৰ্থীসকল ভাৰতীয় নাগৰিকত্ব লাভৰ বাবে যোগ্য বিবেচিত বুলিও স্পষ্ট কৰি দিছে ।

সেয়ে অসম চৰকাৰৰ তৰফৰ পৰা নতুন সংশোধিত নাগৰিকত্ব আইনৰ নীতিৰ ভিত্তিত সীমান্ত আৰক্ষীয়ে এতিয়াৰে পৰা 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে ৰাজ্যত প্ৰৱেশ কৰা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্রীষ্টিয়ান শৰণাৰ্থীৰ গোচৰ বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰিব নালাগে বুলিও পত্ৰখনত স্পষ্ট কৰি দিছে ।

ইয়াৰ উপৰিও এই বিদেশী শৰণাৰ্থীসকলক ভাৰতীয় নাগৰিকত্বৰ বাবে প্রত্যক্ষভাৱে কেন্দ্ৰীয় চৰকাৰৰ প'ৰ্টেলত প-পত্ৰ পূৰণেৰে আবেদন কৰিবলৈ পৰামৰ্শ দিবলৈকো আৰক্ষীক নিৰ্দেশ প্ৰদান কৰা হৈছে । মন কৰিবলগীয়া যে, 2014 বৰ্ষৰ 31 ডিচেম্বৰৰ পূৰ্বে অসমলৈ অহা এনে অমুছলমান বিদেশী শৰণাৰ্থীৰ ক্ষেত্ৰত সীমান্ত আৰক্ষীক প্ৰয়োজন সাপেক্ষে পৃথকে পঞ্জীয়ন বহীৰ ব্যৱস্থা কৰিব পাৰে বুলি গৃহ বিভাগে নিৰ্দেশনাটোত উল্লেখ কৰিছে ।

নিৰ্দেশনাটোৰ শেষত 2014 চনৰ 31 ডিচেম্বৰৰ পাছত অহা ধর্ম নির্বিশেষে কোনো বিদেশীকে এই সুবিধা নিদিবলৈয়ো স্পষ্ট কৰি দিছে ৷ লগতে যদিহে এনে কোনো বিদেশী ব্যক্তি ধৰা পৰে তেনেহ'লে বিদেশী ন্যায়াধিকৰণত গোচৰ ৰুজু কৰিবলৈকো নিৰ্দেশ দিছে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে ৷

হিন্দু বাংলাদেশী আৰু অসম

গৃহ বিভাগৰ তথ্য মতে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে এই পর্যন্ত অসমৰ পৰা মাত্র 8 জন বাংলাদেশী শৰণাৰ্থীহে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিছে ৷ উল্লেখযোগ্য যে, সমগ্ৰ দেশৰ লগতে অসমতো CAA ৰ আধাৰত নাগৰিকত্ব প্ৰদান প্রক্রিয়া অব্যাহত আছে ।

অসমৰ ক্ষেত্ৰত বাংলাদেশী হিন্দু শৰণাৰ্থী বিষয়টোৱে CAA প্ৰসংগ ওলোৱাৰ পিছতেই ব্যাপক বিতৰ্কৰ সূচনা কৰিছিল । কিন্তু অসম চৰকাৰৰ এই নির্দেশৰ পিছত প্রয়োজনীয় নথি-পত্ৰৰ অভাৱত নাগৰিকত্ব লাভত জটিলতাৰ সৃষ্টি হ'লেও এতিয়াৰে পৰা অসমত আশ্রয় লোৱা অবৈধ হিন্দু বাংলাদেশীয়ে আৰক্ষীৰ লগতে বিদেশী ন্যায়াধিকৰণৰ কোনো অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহ’ব ।

CAA ৰ আধাৰত হিন্দু বাংলাদেশীক নাগৰিকত্বৰ আবেদনৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে প'ৰ্টেল মুকলি কৰি দিছিল লোকসভা নিৰ্বাচনৰ পূৰ্বে ৷ মন কৰিবলগীয়া যে, পৰ্টেলটোৰ বাবে প্রয়োজনীয় নথি-পত্ৰৰ জটিলতাৰ বাবে অসমত আশ্রয় লৈ থকা ধৰ্মীয় অবৈধ বিদেশী আবেদনকাৰীৰ সংখ্যা মাত্ৰ 8 গৰাকীতে সীমাৱদ্ধ আছে ৷

অসম চৰকাৰৰ গৃহ বিভাগে ৰাজ্যৰ সীমান্ত আৰক্ষীলৈ এই নির্দেশনা জাৰি কৰাৰ পিচত এতিয়া নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে অসমত ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদনকাৰী বিদেশী লোকৰ সংখ্য বৃদ্ধি পাব বুলি ৰাজ্যত সৰৱ চৰ্চা চলিছে ৷

লগতে পঢ়ক: আজিৰে পৰা দেশজুৰি বলৱৎ হ’ল নাগৰিকত্ব সংশোধনী আইন-2019

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আজি ঘোষণা কৰিব CAA ৰ নিয়মাৱলী !

CAA-ৰ বিৰুদ্ধে ২০০ৰো অধিক আবেদন, শুনানিৰ বাবে সন্মত উচ্চতম ন্যায়ালয়

NRC ত নাম নথকা অসমৰ 1.5 লাখ ইছলাম ধৰ্মাৱলম্বী লোকৰ কি হ’ব ? প্ৰশ্ন আছাদুদ্দিন ওৱেইছিৰ

আন্দোলন কৰিলে মানুহ মৰে ! জুবিনৰ কথা মানি ল'ব পৰা নাই ড৹ গোঁহায়ে - Hiren Gohain slams BJP

Last Updated : Jul 15, 2024, 4:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.