ETV Bharat / state

অসমত কেতিয়া হ’ব উপ-নিৰ্বাচন: ক’লে মুখ্যমন্ত্ৰীয়ে - BYE ELECTION IN ASSAM - BYE ELECTION IN ASSAM

Bye election in Assam: ২০২৪ৰ সাধাৰণ নিৰ্বাচনৰ পাচত এতিয়া সকলোৰে লক্ষ্য ২০২৬ত অসমত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচন ৷ তাৰ পূৰ্বে আকৌ অনুষ্ঠিত হ'ব লাগিব পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন ৷

Bye election in Assam
মুখ্যমন্ত্ৰী‌ হিমন্ত বিশ্ব শৰ্মা (Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 17, 2024, 9:11 PM IST

গুৱাহাটী, ১৭ জুন: ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচন সন্দৰ্ভত বিশেষ উৎসাহিত নহয়‌‌ মুখ্যমন্ত্ৰী‌ হিমন্ত বিশ্ব শৰ্মা । গুৱাহাটীত সোমবাৰে সাংবাদিকসকলৰ লগত হোৱা‌‌ কথা-বতৰাত ইয়াৰে এক ইংগিত দিয়ে মুখ্যমন্ত্ৰীয়ে ৷ কি কাৰণে ৰাজ্যত উপ-নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ উৎসাহিত নহয় মুখ্যমন্ত্ৰী ? সেয়া‌ও ৰহস্যৰ অৱৰ্তত ।

মুখ্যমন্ত্ৰী‌ হিমন্ত বিশ্ব শৰ্মা (Etv Bharat Assam)

সাংবাদিকে অসমত উপ-নিৰ্বাচন অনুষ্ঠিত কৰা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, "এই কেইদিন মোক অলপ ৰাজনীতিৰ পৰা দূৰত থাকিব দিয়ক । অলপ উন্নয়নৰ কামৰ বুজ লওঁ ।" তেওঁ লগতে কয়, "উপ-নিৰ্বাচন নহ’বও পাৰে । ৰাজ্যত উপ-নিৰ্বাচন অনুষ্ঠিত কৰাত নিৰ্বাচন আয়োগৰ ওপৰত সকলো নিৰ্ভৰ কৰিব । কাৰণ সমষ্টি পুননিৰ্ধাৰণৰ পিচত সমষ্টিবোৰৰ ভৌগোলিক এলেকা আৰু ভোটৰ পাৰ্থক্য হৈছে । গতিকে নিৰ্বাচন আয়োগৰ পুৰণি সমষ্টিৰ ভিত্তিত নিৰ্বাচন পাতিব নোৱাৰিবও পাৰে । গতিকে ৰাজ্যত উপ-নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ ইমান বেছি জল্পনা-কল্পনা কৰা উচিত নহয় ।"

লগতে পঢ়ক: বিধায়কৰ টেগ আঁতৰাই সাংসদ হ’ল পাঁচ জনপ্ৰতিনিধি : উপ-নিৰ্বাচন হ'ব 5 সমষ্টিত - Lok Sabha Election Results 2024

পঞ্চায়ত নিৰ্বাচন সম্পূৰ্ণ অৰাজনৈতিক হ’ব : মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী‌ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকক আৰু কয় যে এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ EVM ত নহয়, বেলটতে হ'ব । অৱশ্যে নিৰ্বাচন আয়োগে ৪ বা ৫ খন জিলাত পাইলট প্ৰজেক্ট হিচাপে EVM ত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰিব পাৰে ।‌ কিন্তু অধিকাংশ ভোটগ্ৰহণ বেলটতে হ'ব ।

তেওঁ লগতে কয় যে এইবাৰ পঞ্চায়ত নিৰ্বাচন সম্পূৰ্ণ অৰাজনৈতিক হ’ব । মাত্ৰ আঞ্চলিক আৰু জিলা পৰিষদ পঞ্চায়তৰ নিৰ্বাচন প্ৰতীক চিহ্নত হ’ব । পঞ্চায়তৰ নিৰ্বাচন তিনি খলপীয়া ব্যৱস্থাত কৰা‌ হ’ব । আটাইতকৈ তলৰ খলপটোত বিনা প্ৰতীকত নিৰ্বাচন অনুষ্ঠিত হ’ব । পঞ্চায়তৰ সভাপতি আৰু পঞ্চায়ত সদস্যৰ নিৰ্বাচন বিনা প্ৰতীক চিহ্নত অনুষ্ঠিত হ'ব । তেওঁ ‌কয় - "পঞ্চায়তৰ নিৰ্বাচন ৭৫% অৰাজনৈতিকভাৱে আৰু ২৫% ৰাজনৈতিকভাৱে অনুষ্ঠিত হ'ব ।"

লগতে পঢ়ক: ৰাজ্যত উপ-নিৰ্বাচনক লৈ চৰ্চা, বাজপেয়ী ভৱনত তৎপৰতা - By Election in Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.