ETV Bharat / state

কংগ্ৰেছে নিজৰ মাজতেই যুঁজিব নে বিজেপিৰ বিৰুদ্ধে যুঁজ দিব ? ভৱেশ কলিতাই ধৰিবই পৰা নাই !

সদলবলে মনোনয়ন দাখিল চিদলী সমষ্টিৰ ইউ পি পি এলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ ৷ পাঁচটো সমষ্টিতে এনডিএৰ প্ৰাৰ্থী জয়ী হ’ব বুলি মন্তব্য ভৱেশ কলিতাৰ ৷

Assam By Polls 2024
নিৰ্মল কুমাৰ ব্ৰহ্মৰ মনোনয়ন দাখিল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : 3 hours ago

চিৰাং: অহা 13 নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে চিৰাং জিলাৰ চিদলী সমষ্টিৰ ইউ পি পি এলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ মনোনয়ন দাখিল ৷ বিশাল সমদলেৰে মনোনয়ন দাখিল প্ৰাৰ্থীগৰাকীৰ ৷ সমদলত অংশ ল’বলৈ অহা সমৰ্থকৰ বাবে লোকাৰণ্য হৈ পৰে জিলা সদৰ কাজলগাঁৱৰ ষ্টেডিয়াম ।

এন ডি এ মিত্ৰজোটৰ ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন দাখিলৰ পূৰ্বে কাজলগাঁও ষ্টেডিয়ামত এক নিৰ্বাচনী সভা সম্বোধন কৰে আৰু তাৰ পৰা সমদল কৰি মনোনয়ন দাখিল কৰিবলৈ যায় ।

উপ-নিৰ্বাচন সন্দৰ্ভত মন্তব্য (ETV Bharat)

বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, বি টি আৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী, ফণীভূষণ চৌধুৰী, ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী, অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহল, বিধায়ক অজয় ৰায়, লৰেঞ্চ ইছলাৰী, জলেন দৈমাৰীসহ কেবাহেজাৰ লোকে মনোনয়ন দাখিল অনুষ্ঠানত সংগ দিয়ে প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মক ।

Assam By Polls 2024
নিৰ্মল কুমাৰ ব্ৰহ্মৰ মনোনয়ন দাখিল (ETV Bharat)

এই অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়, ‘‘উপ-নিৰ্বাচনৰ ৫ টাতে এন ডি এৰ প্ৰাৰ্থী জয়ী হ’ব । কংগ্ৰেছে নিজৰ মাজতে যুঁজি আছে, আমাৰ লগত কিদৰে যুঁজিব । এ আই ইউ ডি এফ দল আৰু কংগ্ৰেছ এটা মুদ্ৰাৰ দুটা পিঠি । এতিয়া কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰজোঁট হৈছে । অহা ২৩ তাৰিখৰ পিছত মিত্ৰজোঁট থানবান হ'ব । তেওঁলোকে এটা সমষ্টি চম্ভালিব পৰা নাই, অসম কিদৰে চম্ভালিব ।’’

মনোনয়ন দাখিল কৰি প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই কয়, ‘‘এ জি পি, বি জে পি, ইউ পি পি এলৰ বহু সমৰ্থক মনোনয়ন দাখিলৰ সময়ত সহায় কৰিবলৈ ওলাই আহিছে ৷ মূল প্ৰতিদ্বন্দ্বিতা বি পি এফৰে হ’ব যদিও 70 হাজাৰমান ভোটত জয়ী হ’ম বুলি আশা কৰিছো ৷’’

Assam By Polls 2024
ৰণডংকা (ETV Bharat)

২০২৬ ত অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিব নোৱাৰে, বি জে পিয়েই চৰকাৰ কৰিব বুলি কয় ভৱেশ কলিতাই । ইফালে মন্ত্ৰী অশোক সিংহলে কয়, ‘‘বি টি চিৰ উন্নয়ন আৰু শান্তি বিচাৰিলে ইউ পি পি এলৰ প্ৰাৰ্থীক ভোট দিয়ক ।’’ চিদলীত ইউ পি পি এলৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত বুলি কয় মন্ত্ৰীজনে ।

লোকসভাৰ নৱ-নিৰ্বাচিত সাংসদ ফণীভূষণ চৌধুৰীয়েও এন ডি এৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত বুলি মন্তব্য কৰে । একেদৰে বি টি আৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে কয়, ‘‘আমাৰ প্ৰাৰ্থী বহু ভোটৰ ব্যৱধানত জয়ী হ’ব । আমি কাম কৰিছো, ৰাইজে আমাক ভোট দিব ।’’

লগতে পঢ়ক: কৰ্মী-সমৰ্থকক লগত লৈ মনোনয়ন দাখিল কংগ্ৰেছ প্ৰাৰ্থী সঞ্জীৱ ৱাৰীৰ

কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ ইলু-ইলু চলি আছে : ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.