ETV Bharat / state

ঝাৰখণ্ডত ব্যস্ত মুখ্যমন্ত্রী; অসমত কি হৈছে গমকে নাপায় !

ঝাৰখণ্ডৰ অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত ব্যস্ত থকাৰ বাবে অসমৰ হ’বলগীয়া উপ-নিৰ্বাচনত মনোনিৱেশ কৰিব পৰা নাই মুখ্যমন্ত্ৰী শৰ্মা । খোদ মুখ্যমন্ত্রীগৰাকীয়ে উল্লেখ কৰে এই কথা ৷

CM HIMANTA BISWA SARMA
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 27, 2024, 11:00 PM IST

Updated : Oct 27, 2024, 11:08 PM IST

গুৱাহাটী: ৰাজ্যৰ ৰাজনীতিত বৰ্তমান কি চলি আছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই গম নাপায় । এই কথা আমি কোৱা নাই । এই কথা কৈছে খোদ মুখ্যমন্ত্রীগৰাকীয়ে । দেওবাৰে লোকসেৱা ভৱনত কেবিনেট বৈঠকৰ পাছতে সম্বোধন কৰা এখন সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয় যে তেওঁ বৰ্তমান ঝাৰখণ্ডৰ ৰাজনীতিত অতিকৈ ব্যস্ত হৈ আছে আৰু যাৰবাবে ৰাজ্যৰ ৰাজনীতি সম্পৰ্কে নাজানে ।

উপ-নিৰ্বাচনৰ প্ৰসংগত সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয়, "মই একো খবৰে ৰখা নাই । মই ঝাৰখণ্ডৰ নিৰ্বাচনক লৈ ইমান ব্যস্ত আছো যে আমাৰ মন্ত্রীসকলে আৰু দলে উপ-নিৰ্বাচন পৰিচালিত কৰিছে । মই উপ-নিৰ্বাচনৰ প্ৰচাৰত যাব পাৰিম নে নাই সেইটো মই নাজানো । মই দলকে নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব দিছো । ঝাৰখণ্ডক লৈ মই দিনে-নিশাই অতিকৈ ব্যস্ত আছো । উপ-নিৰ্বাচন মন্ত্রী-বিধায়ক আৰু দলে চাব । মই সময় পালে দুই-এটা সমষ্টিৰ প্ৰচাৰলৈ যাম । মোৰ হাতত সময়ে নাই আৰু মই কাৰো ষ্টেটমেণ্টো চোৱা নাই । কোনে কি কৈছে মই চোৱাই নাই । ঝাৰখণ্ডত ফলাফল ভাল হ'ব বুলি লাগি আছো ।"

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

বাংলাদেশী অনুপ্ৰবেশকাৰীৰ প্ৰসংগত মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া :

বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "বিগত দুমাহ ধৰি ৰাজ্যত প্ৰায় দৈনিক আমি এজন নাইবা কেইবাজনীয় দলৰ বিদেশী ধৰা পেলাবলৈ সক্ষম হৈছো । মই অনুভৱ কৰো যে ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফে দক্ষতাৰে কাম কৰি আছে । বিদেশীৰ অনুপ্ৰৱেশ ৰোধৰ ক্ষেত্রত ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে । অসম আৰু ত্রিপুৰাই অনুপ্ৰবেশকাৰীক ধৰাৰ কাম কৰি আছে । তাৰ পাছতো দেশৰ আন ৰাজ্যত মানুহ গৈ আছে । আমি বি এছ এফৰ লগত সহযোগীতা আগবঢ়াই আহিছো । বহু সময়ত যুটীয়া অভিযানত বিদেশী চিনাক্ত হৈছে আৰু কেতিয়াবা ৰাজ্যৰ পুলিচে চিনাক্ত কৰিছে ।"

তেওঁ লগতে কয়, "শেহতীয়া দুই মাহত আমি ১৩৮ জন অনুপ্ৰবেশকাৰী ধৰা পেলাই ওভতাই পঠাইছো । কোৱা হয় যে বাংলাদেশৰ অস্থিৰতাৰ বাবে হিন্দু-বাংলাদেশীৰ ভাৰতত অনুপ্ৰৱেশ ঘটিছে । কিন্তু আমি কেৱল ৰোহিংগীয়া মুছলমানকহে পাইছো । যাৰবাবে হিন্দু-বাংলাদেশীৰ অনুপ্ৰৱেশৰ কথাটো শুদ্ধ নহয় । ৰোহিংগীয়া মুছলমানে ভাৰতৰ বিভিন্ন ৰাজ্যত প্ৰৱেশৰ প্ৰচেষ্টা চলাই আহিছে । প্ৰত্যেকখন ৰাজ্য চৰকাৰে বি এছ এফৰ লগত সহযোগ কৰি কাম কৰিব লাগিব । এই ক্ষেত্রত অসম আৰু ত্রিপুৰাই কাম কৰি আছে । পশ্চিমবংগৰ চৰকাৰেও চিনাক্তকৰণৰ কাম আৰম্ভ কৰিছে ।"

লগতে পঢ়ক: ৰাজ্যিক কৰ্মচাৰীৰ মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধি...জীৱন্ত ৰাস উদযাপন সমিতিলৈ ২৫ হাজাৰ টকাৰ আৰ্থিক অনুদান

Last Updated : Oct 27, 2024, 11:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.