ETV Bharat / state

অশোক গোৱেল হত্যাকাণ্ড: বলদমাৰী চৰৰ পৰা আটক জাহিদুল ইছলামক; ৰাজ্যৰ বাহিৰত বাকী তিনি অভিযুক্ত ! - Businessman shot dead

Murder case in Goalpara: আৰক্ষীত জালত চিনেমাৰ কায়দাৰে ব্যৱসায়ীক হত্যা কৰা ঘটনাৰ অন্য়তম অভিযুক্ত । বলদমাৰী চৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এই অভিযুক্তক । গোৱালপাৰা সদৰ থানাত মাৰাথন জেৰা অব্য়াহত ।

Accuse of  Businessman shot dead
অশোক গোৱেলৰ হত্যাকাণ্ডৰ অভিযুক্ত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 10:10 AM IST

গোৱালপাৰা, ১৭ জুলাই : গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত কল্যাণপুৰত অশোক গোৱেল নামৰ ব্যৱসায়ীজনক শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰা ঘটনাত জড়িত এটা অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । চিনেমাৰ কায়দাৰে ব্যৱসায়ীগৰাকীক হত্যা কৰা ঘটনাৰ অন্য়তম অভিযুক্ত জাহিদুল ইছলামক মঙলবাৰে নিশা মৰনৈ থানাৰ অন্তৰ্গত ৪ নং বলদমাৰী চৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

অশোক গোৱেলক গুলীয়াই হত্যা কৰা দলটোৰ গাড়ী চালক আছিল জাহিদুল ইছলাম । সোমাবাৰে নিশা ব্যৱসায়ীগৰাকীক পুত্ৰৰ সৈতে ধূপধৰাৰ পৰা গোৱালপাৰা চহৰলৈ গৈ থকা অৱস্থাত দুৰ্বৃত্তৰ দল এটাই শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল । অশোক গোৱেলৰ হত্যাকাৰী দলটোৰ গাড়ী চালক আছিল জাহিদুল ইছলাম । এই হত্যাকাণ্ডৰ সৈতে জড়িত আছে চাৰিটা অভিযুক্ত ।

আনহাতে, এই ঘটনাৰ মূল তিনি অভিযুক্ত বহিঃৰাজ্যত আত্মগোপন কৰি আছে বুলি আৰক্ষীয়ে উল্লেখ কৰিছে । ইতিমধ্যে ধৃত জাহিদুল ইছলামক গোৱালপাৰা সদৰ থানাত আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে ।

উল্লেখ্য় যে, এই ঘটনাটো সংঘটিত কৰাৰ পূৰ্বে তিনি দুৰ্বৃত্তই গাড়ীৰ পৰা নামি প্ৰথমে অশোক গোৱেলক মাৰপিট কৰিছিল ৷ অশোক গোৱেলৰ পুত্ৰই এই সন্দৰ্ভত উল্লেখ কৰা মতে, দুৰ্বৃত্তই মাৰপিটৰ পিচত ব্য়ৱসায়ীগৰাকীৰ পুত্ৰ আৰু গাড়ী চালকক গাড়ীৰ পৰা নমাই অশোক গোৱেলক গাড়ীখনৰ সৈতে ওচৰৰে এটা ভিতৰুৱা পথৰে লৈ যায় আৰু গাড়ীৰ ভিতৰতে শূন্য দূৰত্বৰ পৰা মূৰত গুলীয়াই হত্যা কৰে ৷ তাৰ পিচতেই দুৰ্বৃত্তৰ দলটোৱে গাড়ীত থকা নগদ ধনৰ টোপোলা লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ আৰক্ষীয়ে উক্ত ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:ৰাজপথত চিনেমাৰ কায়দাৰে হত্যা ব্যৱসায়ীক; হত্যাৰ কাহিনী শুনিলে মূৰে-কপালে হাত দিব আপুনিও - Businessman shot dead

চৰকাৰখন আছেনে নাই এতিয়া বহুতেই সন্দেহ কৰিছে : অশোক গোৱেলৰ বাসগৃহত ৰকিবুল হুছেইন - Businessman shot dead

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.