চিৰাং, 14 ফেব্ৰুৱাৰী: লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত চিৰাং জিলাৰ সদৰ কাজলগাঁৱত বিটিআৰ প্ৰশাসনৰ পৰিষদীয় কেবিনেট বৈঠক অনুষ্ঠিত হয় বুধবাৰে । জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় এই বৈঠক । চিৰাঙত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় বিটিআৰ প্ৰশাসনৰ কেবিনেট বৈঠক । বিয়লি ৪ বজাৰ পৰা এই বৈঠক আৰম্ভ হ’বলগীয়া আছিল যদিও আৰম্ভ হয় ৫.৩০ বজাতবে ।
- " class="align-text-top noRightClick twitterSection" data="">
বিটিচি প্ৰধান প্ৰমোদ বড়োৰ সভাপতিত্বত কাজলগাঁৱৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এই কেবিনেট বৈঠকত বিটিচি প্ৰশাসনৰ সৰহসংখ্যক কাৰ্যবাহী সদস্য উপস্থিত হয় যদিও উপস্থিত নাছিল উপ মুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰী । কেবিনেট বৈঠক আৰম্ভ হোৱাৰ পূৰ্বে ১৮ গৰাকী সহকাৰী প্ৰৱক্তাৰ নিযুক্তি পত্ৰ বিতৰণ কৰে বিটিআৰ প্ৰশাসনে । বাক্সা জিলাৰ বৰিমুখত স্থাপন হোৱা চৰকাৰী মডেল কলেজৰ ১৮ গৰাকী প্ৰৱক্তাৰ নিযুক্তি পত্ৰ প্ৰদান কৰে বিটিআৰৰ কাৰ্যবাহী পৰিষদে ।
নিযুক্তি পত্ৰ বিতৰণৰ পিচতে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে সহকাৰী প্ৰৱক্তাসকলক উদ্দেশ্যি ভাষণ দি তেওঁলোকৰ সমাজৰ প্ৰতি দায়িত্ব আদিৰ বিষয়ে কয় ৷ চিৰাঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বিটিআৰ প্ৰশাসনৰ পৰিষদীয় কেবিনেট বৈঠকৰ পিচতে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে সংবাদমেল সম্বোধন কৰে ।
সংবাদমেলত তেওঁ কয় যে পূৰ্বতে বাক্সা আৰু ওদালগুৰিত বৈঠক হৈছিল আজি চিৰাঙত হৈছে । বিগত তিনি বছৰত বিটিচি পৰিষদে যি কাম কৰিলে তাৰ ওপৰত ভিত্তি কৰি অহা দুটা বছৰ কাম কৰাৰ বছৰ বুলি ধৰি লোৱা হৈছে । ইয়াৰ বাবে কেবাটাও সিদ্ধান্ত লোৱা হয় বৈঠকত ৷ তাৰে ভিতৰত চৰকাৰী কৰ্মচাৰীসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে ।
বিগত সময়ত কাম কৰাৰ পৰিৱেশ নাছিল, আছিল কেৱল দুৰ্নীতি আৰু অনিয়ম । নতুন পৰিষদে ইতিমধ্যে সেয়া ঠিক কৰা বুলি প্ৰমোদ বড়োৱে কয় । অহা বাজেটৰ বাবে যিসমূহ সিদ্ধান্ত লোৱা হৈছে, সেই সমূহৰ ভিতৰত অন্যতম কৰ্মচাৰী সকলক প্ৰশিক্ষণৰ ব্যৱস্থা ৷ পৰিৱেশৰ ভাৰসাম্যতাৰ ওপৰত মুঠ বাজেটৰ ২ শতাংশ ধন ৰখা বুলি কয় প্ৰমোদ বড়োৱে ৷
শিশুৰ অধিকাৰৰ বাবে বাজেটত পুঁজি ৰখাৰ লগতে দিব্যাংগসকলৰ বাবেও বাজেটত বিশেষ সুবিধা ৰখা হৈছে । ইয়াৰ লগতে আধৰুৱা কাম সমুহ সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত লোৱাৰ লগতে হিতাধিকাৰী সকলক গুৰুত্ব দিয়া হৈছে । বন বিভাগৰ মহল সমূহৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে । সেয়া হৈছে প্ৰতি বছৰে মহলসমুহ বন বিভাগে পৰিদৰ্শন কৰি দিয়া ৰিপৰ্ট’ৰ ভিত্তিতহে হ’ব ।
পৰ্যটনৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰা হৈছে । সংৰক্ষিত বনাঞ্চলত ৰিজ’ৰ্ট আদি বনোৱাত গুৰুত্ব দিয়া হ’ব । শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি চলিত বৰ্ষক "কাৰ্যকৰী শিক্ষাবৰ্ষ’’ বুলি লোৱা হৈছিল যোৱা বৈঠকত । ইয়াৰ বাবে কেবাটাও ব্যৱস্থা লোৱা হৈছে ।
অৱসৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীসকলক লৈ কমিটী গঠন কৰা হ’ব পৃথকে পৃথকে । গুণগত শিক্ষাৰ বাবে এই ব্যৱস্থা লোৱা হৈছে । প্ৰতি বছৰে দশম শ্ৰেণীৰ শীৰ্ষ দহ জন ছাত্ৰক ইছৰোলৈ পঠোৱাৰ সিদ্ধান্ত লোৱা হয় । সৌৰশক্তিক গুৰুত্ব দি কাম কৰা হৈছে । ইতিমধ্যে বিটিআৰৰ ৫০০ চিকিৎসালয় সৌৰশক্তিযুক্ত কৰা হ’ল । এতিয়া গাঁৱে-ভূঞে অধিক গুৰুত্বৰে কাম কৰা হ’ব । দহটা বিদ্যালয় স্পেচ লেব থাকিব, য’ত সৌৰজগতৰ বিষয়ে জানিব পাৰিব ছাত্ৰ-ছাত্ৰীয়ে ।
ইয়াৰোপৰি ‘‘মিছন বৈসুমতি-১.০’’ আজিৰে পৰা আৰম্ভ কৰা বুলি জনায় প্ৰমোদ বড়োৱে । বিটিআৰৰ ছটা ভাষাত মিছন বৈসুমতি সজাগতামূলক ভিডিঅ’ মুকলি কৰি বড়োৱে কয় যে অহা ১৬ ফেব্ৰুৱাৰীৰ পৰা ২২ ফেব্ৰুৱাৰী লৈ মিছন বৈসুমতি সপ্তাহ হিচাবে লৈ কাম কৰা হ’ব । ভূমি সংক্ৰান্তীয় ১৩ টা কাম অনলাইনত কৰিব পাৰিব বিটিআৰৰ ৰাইজে ।
সংবাদমেলত প্ৰমোদ বড়োৱে লগতে জনায় যে অহা ১৬ তাৰিখৰ পৰা আন্তৰ্জাতিক বন্যপ্ৰাণী সুৰক্ষা সন্দৰ্ভত অভিৱৰ্তন হ’ব ৷ য’ত বনাঞ্চলৰ লগতে বন্যপ্ৰাণীসমুহৰ সুৰক্ষা আদি বিষয়ে আলোচনা হ’ব ৷ ইয়াত দেশ-বিদেশৰ পৰা অহা অভিজ্ঞ লোকসকলে অংশগ্ৰহণ কৰিব বুলিও জনায় বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ।
লগতে পঢ়ক: গাঁও চলো অভিযানৰ অংশ হিচাপে সৰুপথাৰৰ শ্যাম গাঁৱত মুখ্যমন্ত্ৰী