ETV Bharat / state

ডাঙৰ মাছ বিজেপিয়ে গ্ৰাস কৰাৰ শংকাত বড়ো জাতীয়তাবাদ : নতুন ৰাজনীতিৰ উকমুকনি - BTR politics

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 8:45 PM IST

BTR Elections 2025 : ২০২৫ চনত অনুষ্ঠিত হ’ব বি টি আৰৰ পৰিষদীয় নিৰ্বাচন । কোন দিশে বড়োভূমিৰ ৰাজনীতি ? বিজেপিয়ে গ্ৰাস কৰাৰ আশংকাত একত্ৰিত হ’ব নেকি ইউ পি পি এল আৰু বি পি এফ ? প্ৰাক্তন সাংসদ নৱ শৰণীয়াই বি পি এফৰ কাষ চাপি কিহৰ ইংগিত দিছে ?

BTR Elections 2025
বড়োভূমিত নতুন ৰাজনীতিৰ উকমুকনি (ETV Bharat Assam)

গুৱাহাটী, ২৬ আগষ্ট : বড়োভূমিৰ ৰাজনীতিত ‘‘ডাঙৰ মাছে সৰু মাছক গ্ৰাস কৰা’’ৰ শংকাত ভুগিছে বড়ো নাগৰিক সমাজৰ লগতে বৌদ্ধিক মহল তথা অৰাজনৈতিক দল-সংগঠন ৷ ২০২৫ৰ প্ৰথমভাগতে অনুষ্ঠিত হ’ব বি টি আৰৰ পৰিষদীয় নিৰ্বাচন ৷ তাৰ পূৰ্বেই বড়োভূমিত ৰাষ্ট্ৰীয় দলৰ আগ্ৰাসনৰ পৰা নিজকে মুক্ত কৰাৰ বাবে প্ৰচেষ্টা চলিছে । বড়ো জাতীয় দল-সংগঠন, নাগৰিক সমাজ, বিশেষকৈ নিখিল বড়ো ছাত্ৰ সন্থাই এই সন্দৰ্ভত লৈছে বিশেষ উদ্যোগ ।

  • একেলগ হ’ব নে বি পি এফ আৰু ইউ পি পি এল ?

২০২৫ চনৰ বি টি আৰৰ নিৰ্বাচনক লৈ বড়োভূমিত ৰাজনৈতিক কচৰৎ তুংগত উঠিছে ৷ বড়োভুমিৰ দুই ৰাজনৈতিক দল বি পি এফ আৰু ইউ পি পি এলে নিজা প্ৰস্তুতি অব্যাহত ৰাখিছে ৷ বিজেপিয়েও বড়োভূমিত অকলশৰে নিৰ্বাচন খেলিবলৈ সমীকৰণ অব্যাহত ৰাখিছে ৷ বড়োভূমিৰ নিৰ্বাচনক লৈ কংগ্ৰেছেও চলাইছে কম-বেছি পৰিমাণে প্ৰস্তুতি ৷ ৰাষ্ট্ৰীয় দলৰ হাতোৰাত পৰি বড়ো আঞ্চলিকতাবাদ সংকুচিত হোৱাৰ শংকাত বড়োভূমিৰ সকলো ৰাজনৈতিক দল একত্ৰিত হোৱাৰ পোষকতা কৰিছে এবছুৱে ।

এবছুৱে বিচাৰিছে- একত্ৰিত হওক দুই ৰাজনৈতিক দল বি পি এফ আৰু ইউ পি পি এল ৷ তেলে পানীয়ে নিমিলা ইউ পি পি এল আৰু বি পি এফৰ মিত্ৰতাৰে এটা নিমিলা অংক মিলাবলৈ ওলাইছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু ।

  • নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ আহ্বান কি ?

নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োৱে বি টি আৰৰ দুয়োটা আঞ্চলিক ৰাজনৈতিক দলক বড়োভূমিৰ স্বাৰ্থত একেলগ হোৱাৰ আহ্বান জনাইছে ৷ দুদিন পূৰ্বে দ্বীপেন বড়োৱে মত প্ৰকাশ কৰিছে, “নিজৰ ঘৰখনৰ মাজত যদি কাজিয়া হৈ থাকে তেতিয়া সুস্থিৰ পৰিৱেশ নাথাকে । সেয়েহে নিখিল বড়ো ছাত্ৰ সন্থাই বিচাৰিছো যে ইউ পি পি এল আৰু বি পি এফ দল একেলগ হৈ বি টি চিৰ উন্নয়নৰ হকে কাম কৰিব লাগে ৷”

BTR Elections 2025
প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়া (Naba Hira Kumar Sarania's Social media)

এবছুৰ যুক্তি হ’ল যে ৰাষ্ট্ৰীয় দলে ৰাজনীতি কৰাৰ ঠাই আন বহুত আছে । দ্বীপেন বড়োৱে ইতিমধ্যে স্পষ্টকৈ মন্তব্য কৰিছে, “কোনোবা ৰাষ্ট্ৰীয় দলে আমাক আগ্ৰাসন কৰিম, শাসন কৰিম আদি কথা ক’লে আমি দুখপাওঁ । বড়োভূমিত আন্দোলনৰ পটভূমিত জন্ম হোৱা আঞ্চলিক দলেহে বি টি আৰৰ উন্নয়ন কৰিব । আঞ্চলিক দলে যিহেতু ৰাষ্ট্ৰীয় ৰাজনীতি কৰিব নোৱাৰে, সেইবাবে নিজৰ মাজত ভালদৰে আলোচনা কৰি বি টি আৰৰ উন্নতিৰ হকে কাম কৰিব লাগে ।”

উল্লেখ্য যে, বড়োভূমিত ২০১৫ চনৰ পৰায়ে বি পি এফ আৰু ইউ পি পি এলক একত্ৰিত কৰাৰ প্ৰচেষ্টা চলি আহিছে এবছুৱে । এতিয়া এবছুৱে পুনৰ এবাৰ এই উদ্যোগ লৈ দল দুটাক একত্ৰিত কৰিবলৈ আহ্বান জনাইছে । এতিয়া বি পি এফ আৰু ইউ পি পি এলৰ নেতৃত্বই কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া হ’ব লক্ষণীয় । আনহাতে, পোনপটীয়াভাৱে বিজেপিৰ কথা উল্লেখ নকৰিলেও যে বিজেপিৰ আগ্ৰাসনৰ পৰাই দুয়োটা দলক উদ্ধাৰৰ বাবেই এই চেষ্টা সেয়া নিশ্চিত ।

  • বড়োভূমিক লৈ বিজেপিৰ ভূমিকা কি ?

এইবাৰ বি টি আৰক লৈ আগ্ৰাসী ভূমিকাৰে ৰণক্ষেত্ৰত নামিছে বিজেপি । আগ্ৰাসী ৰণনীতি প্ৰস্তুত কৰিছে অসম বিজেপিৰ ৰণকৌশলৰ মূল সেনাপতি ড৹ হিমন্ত বিশ্ব শৰ্মাই । ২০২৫ চনৰ বি টি আৰ নিৰ্বাচনত অকলেই যুঁজিব বিজেপিয়ে ৷ ইতিমধ্যেই স্পষ্টভাৱে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

BTR Elections 2025
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma's Social media)

বি টি আৰৰ পৰিষদীয় নিৰ্বাচনত অকলেই সকলো সমষ্টিতে প্ৰাৰ্থী দিব বুলি ঘোষণা কৰিছে বিজেপিয়ে ৷ বিজেপিৰ বড়োভূমিৰ মূল হিচাপে বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষ হিচাপে থকা বিশ্বজিৎ দৈমাৰীক সমুখত লৈ যুঁজিব খুজিছে ৷ ইউ পি পি এলৰ সৈতে মিত্ৰতাত থকা বিজেপিৰ এই ঘোষণাৰ পিচতে বি টি আৰৰ ৰাজনীতিত আলোড়নৰ সৃষ্টি হয় । মিত্ৰদল ইউ পি পি এলৰ বিৰুদ্ধে বিজেপিয়ে বি টি আৰৰ প্রতিটো সমষ্টিতে শক্তিশালী প্ৰাৰ্থী দিয়াৰ প্ৰস্তুতি চলাইছে ৷

বি টি আৰৰ বৰ্তমানৰ মুখ্য কার্যবাহী সদস্য তথা ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৰ পৰিৱৰ্তে বি টি আৰৰ নিৰ্বাচনত বিজেপিৰ বিশ্বজিৎ দৈমাৰীক জয়ী কৰাই মুখ্য কার্যবাহী সদস্য কৰাৰ বাবে ৰণনীতি প্ৰস্তুত কৰিছে বুলি হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক কৰ্মসূচীয়ে প্ৰায় স্পষ্ট কৰিছে ৷

যদিহে হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা বাস্তৱ হয়, তেন্তে বড়ো জাতীয়তাবাদ সম্পূৰ্ণৰূপে ৰাষ্ট্ৰীয় দল বিজেপিৰ আগ্ৰাসনত পৰিব বুলি সচেতন হৈ পৰিছে বড়ো নাগৰিক সমাজৰ লগতে ছাত্ৰ সমাজ । মুখ ফুটাই নক’লেও ৰাজনৈতিক চাল-চলনৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এলো এই লৈ সচেতন হৈ পৰিছে ।

BTR Elections 2025
পত্নীৰ সৈতে প্ৰমোদ বড়ো (Pramod Boro's Social media)

আনহাতে, বিজেপিৰ পৰা হাগ্ৰামা মহিলাৰীয়েও ইতিমধ্যে যথেষ্ট অভিজ্ঞতা অৰ্জন কৰা সূত্ৰে বিজেপিৰ পৰা দূৰৱৰ্তী অৱস্থান গ্ৰহণ কৰি আছে । প্ৰয়োজনত ক্ষমতাত আসীন হ’বলৈহে মিত্ৰতা নাইবা বুজাপৰাৰ দুৱাৰ বিজেপিৰ বাবে খোলা ৰাখিছে হাগ্ৰামাই ৷

BTR Elections 2025
হাগ্ৰামী মহিলাৰী (Hagrama Mohilary's social media)

এক কথাত বি টি আৰ দখল কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই চলোৱা কুচকাৱাজে স্বাভাৱিকতে এতিয়া সজাগ কৰি তুলিছে বড়ো সচেতন সমাজক । সেয়ে বড়ো জাতীয়তাবাদ অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত বড়োভূমিত ‘‘ডাঙৰ মাছ বিজেপি’’ৰ পৰা সৰু মাছ স্বৰূপ বড়ো আঞ্চলিক দলৰ উদ্ধাৰৰ সূত্ৰ বিচাৰি অহৰহ চৰ্চা চলিছে সমাজনীতিৰ গুৰি ধৰোতাসকলৰ মাজত ৷

  • বি পি এফৰ কাষ চাপিছে নৱ শৰণীয়া

বড়োভূমিত বিজেপিক ৰুধিবলৈ হাগ্ৰামাই বি টি আৰৰ অনা বড়োসকলক লৈ আৰম্ভ কৰিছে নতুন ৰণ কৌশল ৷ হাগ্ৰামা মহিলাৰীৰ বি পি এফ দলৰ সৈতে মিলিত হ’বলৈ আগ্ৰহ প্ৰকাশ কৰিছে নৱ কুমাৰ শৰণীয়া আৰু জি এছ পি দল । যোৱা শুকুৰবাৰে কোকৰাঝাৰৰ দুবাৰৰ প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়াই শীঘ্ৰেই জি এছ পি আৰু বি পি এফ মিত্ৰ হোৱাৰ স্পষ্ট ইংগিত দিয়ে । কাৰণ বড়ো-অনা বড়োৰ ৰাজনীতিয়েও বড়োভূমিত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে । সেয়ে অনা বড়ো সংগঠনৰ নেতৃত্ব দিয়া অভিজ্ঞ নেতা তথা জি এছ পি দলৰ নেতা নৱ কুমাৰ শৰণীয়াই বড়ো ৰাজনৈতিক দল বি পি এফৰ লগ হ’ব বুলি কৰা মন্তব্যয়ো বিশেষ তাৎপৰ্য বহন কৰিছে ।

কিন্তু এইখিনিতে মূল প্ৰশ্ন হ’ল, ‘‘ডাঙৰ মাছ বিজেপি’’ৰ আগ্ৰাসী ৰিজনীতিৰ পৰা সৰু মাছ স্বৰূপ বড়ো আঞ্চলিক দলৰ উদ্ধাৰৰ পথ ওলাবনে ? অৱশ্যে এই প্ৰশ্নৰ উত্তৰৰ বাব অপেক্ষা কৰিব লাগিব ২০২৫ চনৰ বি টি আৰৰ নিৰ্বাচনলৈ

লগতে পঢ়ক :প্ৰয়োজনত গণতান্ত্রিকভাৱে ওলাই অহাৰ হুংকাৰ প্ৰাক্তন আলফাৰ - Ex ULFA Coordination Committee
লগতে পঢ়ক :চৰকাৰে সৃষ্টি কৰিছে বিভাজনমুখী ৰাজনীতি : গৌৰৱ গগৈ - MP Gaurav Gogoi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.