ETV Bharat / state

সুনীল গগৈ নে জাহাংগীৰ হুছেইন- অৰ্ধদগ্ধ মৃতদেহটো কাৰ আছিল ? - SUNIL GOGOI MURDER CASE - SUNIL GOGOI MURDER CASE

BJP leader's mysterious death: সুনীল গগৈও নাই, জাহাংগীৰ হুছেইনো নাই ! ক্ৰমাৎ ৰহস্যৰ মেৰপেচত সোমাই পৰিছে ৰাজ্য কঁপোৱা সুনীল গগৈৰ হত্যাকাণ্ড । এতিয়া অপেক্ষা কেৱল ডি এন এ পৰীক্ষাৰ ফলাফললৈ ।

SUNIL GOGOI MURDER CASE
সুনীল গগৈৰ নে জাহাংগীৰ হুছেইন ? (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 18, 2024, 12:25 PM IST

লখিমপুৰ, 18 জুন : লখিমপুৰৰ ঢকুৱাখনা সাপতীয়াৰ সুনীল গগৈৰ হত্যাকাণ্ডৰ এপষেক উকলি গ’ল । কিন্তু এই পৰ্যন্ত ৰাজ্য কঁপোৱা এই ঘটনাৰ ৰহস্য ভেদ হোৱা নাই । সুনীল গগৈৰ ঘৰৰ চৌহদতে থকা ধুবুৰীৰ জাহাংগীৰ হুছেইন নামৰ লোকজনো নিখোঁজ হৈ আছে । এই লৈ এতিয়া উদয় হৈছে নানা প্ৰশ্ন ।

সুনীল গগৈৰ নে জাহাংগীৰ হুছেইন ? (ETV BHARAT ASSAM)

ইয়াৰ পিচতে ক্ৰমাগতভাৱে সঘনাই পট পৰিৱৰ্তন ঘটিছে এই হত্যাকাণ্ডৰ । যোৱা এক জুনৰ নিশা সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ডটো । এডৰা চোমনীৰ মাজত প্ৰায় 80 শতাংশ জ্বলি যোৱা এটা মুণ্ডহীন মৃতদেহ উদ্ধাৰ হৈছিল ৷

তাৰ পিচতে নিশাৰ পৰা নিখোঁজ হৈ থকা সেই গাঁৱৰে বিজেপিৰ কৰ্মী তথা ঠিকাদাৰ সুনীল গগৈক হত্যা কৰা বুলি সকলো নিশ্চিত হৈছিল । আনকি মৃতদেহৰ কাষত সুনীলে পৰিধান কৰা বস্ত্রও পোৱা গৈছিল । সেয়ে আততায়ীয়ে সুনীলক হত্যা কৰি মুণ্ড কাটি লৈ যোৱাৰ উপৰি মৃতদেহটো জ্বলাই দিয়া বুলি ধাৰণা কৰা হৈছিল ।

তাৰ পিচতে ৰাজ্যৰ আৰক্ষী বিভাগ উবুৰি খাই পৰিছিল এই ঘটনাৰ তদন্তত । তাৰ পিচতে সুনীল গগৈক হত্যা কৰা বুলি আৰক্ষীয়ে তদন্ত আগবঢ়াই লৈ গৈছিল । আনকি হত্যাকাৰীৰ সন্ধান দিওতালৈ আৰক্ষী বিভাগে পুৰস্কাৰ ঘোষণা কৰি জাননী জাৰি কৰিছিল ।

তাৰ পিচতেই সুনীলৰ ঘৰৰ চৌহদত এবছৰমান বাহৰ পাতি থাকি জল জীৱন মিছনৰ মিস্ত্রী হিচাপে কৰ্মৰত জাহাংগীৰ হুছেইনৰ প্ৰসংগও উত্থাপন হয় । কিয়নো এই ঘটনাৰ আগদিনাৰ পৰাই জাহাংগীৰো নিখোজ হৈ আছে । আনহাতে মৃতদেহৰ কাষত জাহাংগীৰৰ পেন্টৰ বেল্টৰ টুকুৰা উদ্ধাৰ হোৱা বুলি তদন্তকাৰী বিষয়াৰ অনুসন্ধানত প্ৰকাশ পাইছে ।

এতিয়া এই ঘটনাক লৈ ধুঁৱলী কুঁৱলী পৰিৱেশৰ সৃষ্টি হৈছে । এতিয়া প্ৰশ্ন হৈছে যে মৃতদেহটো প্ৰকৃততে কাৰ ? সুনীলৰ নে জাহাংগীৰৰ ? হত্যাকাৰীৰ সন্ধান ওলোৱাটো পাচৰ কথা মৃতদেহটো কাৰ সেই কথা এতিয়াও নিশ্চিত হোৱা নাই ।

এনে সময়তে ৰাজ্যৰ মুখ্যমন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কৰা এক মন্তব্য প্ৰকাশ কৰিছে, তদন্তকাৰী বিষয়াৰ পৰ্যবেক্ষণত মৃতদেহটো সুনীলৰ নহয় বৰং জাহাংগীৰৰ হে হ’ব পাৰে বুলি মুখ্যমন্ত্রীগৰাকীয়ে সন্দেহ প্রকাশ কৰিছে । মৃতদেহটো 80 শতাংশ জাহাংগীৰৰ হ’ব পাৰে বুলি তেওঁ কয় ।

এই সন্দৰ্ভত ডি এন এ পৰীক্ষাৰ ফলাফলে সঠিক তথ্য পোহৰলৈ আনিব বুলি তেওঁ কয় । এতিয়া মঙলবাৰ অথবা বুধবাৰে হায়দৰাবাদৰ পৰা ডি এন এ পৰীক্ষাৰ ফলাফল আহি পোৱাৰ পিচতহে হত্যাকাণ্ডৰ ৰহস্য ফাদিল হ’ব বুলি আশংকা কৰা হৈছে ৷

উল্লেখ্য যে, নিৰুদ্দেশ হোৱাৰ পাচত ধুবুৰীৰ ঘৰলৈ যোৱা নাই জাহাংগীৰ । আনহাতে সুনীল গগৈও নাই । তেনেহ’লে তেওঁলোক দুয়ো কলৈ গ’ল ? কোন হ’ল হত্যাৰ বলি ? প্ৰকৃততে কোন পলাতক হৈ আছে ? কোনে কাক কিয় হত্যা কৰিলে ? কিন্তু ইয়াৰ উত্তৰ নাই ।

লগতে পঢ়ক: এপষেক পাৰ হ’ল; আজি পৰ্যন্ত সন্ধান নোলাল সুনীল গগৈৰ হত্যাকাৰীৰ - DHAKUAKHANA MURDER

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.