ETV Bharat / state

সুৰাৰ নিচাত কাঠৰ বাটামেৰে মৰিয়াই হত্যা এজনক - Tinsukia murder case

Tinsukia crime news : সুৰাৰ নিচাই মাতিলে কাল ৷ প্ৰথমে তৰ্কা-তৰ্কি, তাপ পিচতেই হতাহতি, অৱশেষত এজনক কাঠৰ বাটামেৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে ৷

TINSUKIA MURDER CASE
সুৰাৰ নিচাত কাঠৰ বাটামেৰে মৰিয়াই হত্যা এজনক (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 17, 2024, 10:24 AM IST

তিনিচুকীয়া, ১৭ জুন : ৰাজ্যজুৰি ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা ৷ প্ৰতিদিনেই ইটোৰ পিচত সিটোকৈ অপৰাধজনিত ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰাৰ সময়তে তিনিচুকীয়া জিলাৰ ডাঙৰী চাহ বাগিচাৰ মুৰ্গীকনা লাইনত দেওবাৰে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে ।

সুৰাৰ নিচাত কাঠৰ বাটামেৰে মৰিয়াই হত্যা এজনক (ETV BHARAT ASSAM)

লাইনৰে সুনিল কৰ্মকাৰ নামৰ লোকজনে মৰিয়াই মৰিয়াই হত্যা কৰিলে লেৰা মুণ্ডা (৩৫) নামৰ এজন লোকক । কাঠৰ বাটামেৰে সুনিল কৰ্মকাৰে লেৰা মুণ্ডাক মূৰত মৰিয়াই হত্যা কৰে । ইফালে এই কথা অকপটে স্বীকাৰ কৰে হত্যাৰ অভিযুক্ত সুনিলে ৷

সুনিলে কয় যে, দুয়োজনে সুৰাপান কৰিবলৈ বহিছিল ৷ তেতিয়াই তেওঁলোকৰ মাজত তৰ্কা-তৰ্কি হয় ৷ তাৰ পিচতেই খঙত সুনিলে লেৰা মুণ্ডাক কাঠৰ বাটামেৰে মূৰত মৰিয়াই হত্যা কৰে ৷ হত্যাকাণ্ড সংঘটিত হোৱাৰ পাচতেই স্থানীয় লোকে তালাপ আৰক্ষীক ততাতৈয়াকৈ অৱগত কৰে ৷

খবৰ পোৱাৰ মাত্ৰকে তালাপ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ সুনিল কৰ্মকাৰক আটক কৰি সোধা পোছা আৰম্ভ কৰে ৷ আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে এই সমগ্ৰ ঘটনাৰ কাৰণ ৷ এই ঘটনাৰ পিচতে হত্যাকাৰীৰ অভিযুক্ত সুনিলক দেওবাৰে নিশা ডুমডুমা আৰক্ষী থানাত চমজাই দিয়ে তালাপ আৰক্ষীয়ে ।

উল্লেখ্য যে, বহু চাহ বাগিচাৰ অঞ্চলত বহুলভাৱে প্ৰচলিত চুলাই মদৰ বাবেই এনেধৰণৰ হত্যাকাণ্ডৰ ঘটনা সঘনাই হোৱা দেখিবলৈ পোৱা যায় ৷ সময়ে সময়ে আবকাৰী বিভাগে চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই আহিছে যদিও সেয়া ফুটুকাৰ ফেনলৈহে পৰিণত হৈছে ৷ অনাগত দিনত চুলাই মদে এনেদৰে কিমান লোকৰ প্ৰাণ ল’ব সেয়া এক প্ৰশ্নলৈ পৰিৱৰ্তিত হয় ? নে সময় থাকোঁতেই বুজি উঠিব এইসকল লোকে ৷

লগতে পঢ়ক: খৰি বিচাৰি যোৱা মহিলাক ডিঙি ৰেপি হত্যা কৰিলে যুৱকে - GOLAGHAT MURDER

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.