ETV Bharat / state

হত্যাৰ আঁৰত কি ? স্বামী হত্যাৰ অভিযোগত পত্নী পৰিল আৰক্ষীৰ জালত - Sensational Murder

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2024, 4:48 PM IST

Updated : Sep 14, 2024, 5:16 PM IST

Murder in Chabua: পত্নীয়েই হত্যা কৰিলে নেকি চাবুৱাত জলসম্পদ বিভাগৰ কৰ্মচাৰীক ! চাবুৱাত জলসম্পদ বিভাগৰ কৰ্মচাৰীৰ হত্যাৰ লগত জড়িতৰ সন্দেহত পত্নীৰ সৈতে আন দুজনক আটক আৰক্ষীৰ । চাবুৱা থানা ঘেৰাও কৰি দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী ৰাইজৰ ।

Chabua police arrest wife in accused of murder husband
হত্যাৰ আঁৰত কি ? (ETV Bharat Assam)

মৰাণ,১৪ ছেপ্টেম্বৰ: ডিব্ৰুগড়ৰ চাবুৱা জেৰাই গাঁৱত ১০ ছেপ্টেম্বৰৰ পুৱতি নিশা সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড । নিশা ঘৰৰ ভিতৰতে চোকা অস্ত্ৰৰে চাৰি দুৰ্বৃত্তই আক্ৰমণ কৰি হত্যা কৰিছিল জলসম্পদ বিভাগৰ কৰ্মচাৰী মাধুৰ্য বৰুৱাক । শোৱাপাটীতে দূৰ্বৃত্তই হত্যা কৰিছিল অতি অমায়িক, ভদ্ৰ জলসম্পদ বিভাগৰ কৰ্মচাৰীজনক । পত্নী আৰু কণমানি কন্যাৰ সন্মুখত চোকা অস্ত্ৰ আৰু মাটি সমান কৰা ধুমুচেৰে মুৰত আঘাত কৰি অতি নিৰ্মমভাৱে হত্যা কৰা হৈছিল মাধুৰ্য বৰুৱাক ।

হত্যাৰ আঁৰত কি ? (ETV Bharat Assam)

ঘটনাৰ পাছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল । ছীল কৰি দিছিল ঘটনা সংঘটিত হোৱা গৃহটো । মাধুৰ্য বৰুৱাৰ পত্নীৰ লগতে পৰিয়ালৰ বিভিন্নজনক এই ঘটনাক লৈ জেৰা চলাইছিল চাবুৱা আৰক্ষীয়ে । ইয়াৰ পাছতে চাবুৱা আৰক্ষীয়ে মাধুৰ্য বৰুৱাৰ হত্যাকাণ্ডৰ লগত জড়িত মূল অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় । চাবুৱা আৰক্ষীয়ে নিশাই মৃত মাধুৰ্য বৰুৱাৰ পত্নী আৰু ময়ুন্ত গগৈ, ভাস্কৰ শইকীয়াক আটক কৰে । আৰক্ষী সুত্ৰৰ পৰা জানিব পৰা অনুসৰি পত্নীয়ে পৰিকল্পনা কৰি হত্যা কৰিছিল স্বামী মাধুৰ্য বৰুৱাক ।

আৰক্ষীয়ে ইতিমধ্য মাধুৰ্য বৰুৱাৰ পত্নী আৰু দুই সহযোগীক আটক কৰাৰ খবৰ বিয়পি পৰা পাছতে চাবুৱা আৰক্ষীৰ থানাত ভিৰ কৰে অঞ্চলটোৰ ৰাইজে । দোষীক কঠোৰ শাস্তিৰ দাবীত ঘেৰাও কৰে চাবুৱা আৰক্ষী থানা । কিয় স্বামীক হত্যা কৰিলে সেই কথা পোহৰলৈ অহা নাই যদিও পৰকীয়া প্ৰেমৰ বাবেই এই ঘটনা সংঘটিত হৈছে বুলি এক তথ্য প্ৰকাশ পাইছে ।

উল্লেখযোগ্য যে ডিব্ৰুগড়স্থিত জলসম্পদ বিভাগৰ মাণ্ডলিক কাৰ্যালয়ৰ অধীনস্থ কৰ্মচাৰী মাধুৰ্য বৰুৱা অতি সহজ, অমায়িক আৰু ভদ্ৰ ব্যক্তি আছিল । তেনে এজন ব্যক্তিক নিশা শুই থকা অৱস্থাত দুৰ্বৃত্তই হত্যা কৰা পাছতেই এই হত্যাকাণ্ডক পৰিকল্পিত বুলি দাবী কৰিছিল স্থানীয় ৰাইজে । ইফালে আৰক্ষীয়েও সন্দেহ কৰিছিল এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি । আনহাতে মাধুৰ্য বৰুৱাৰ পত্নীৰ সৈতে আটক কৰা আন দুজন যুৱকে স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিয়া সময়ত দি গ'ল বিস্ফোৰক স্বীকাৰোক্তি ।

কি ক'লে আটক কৰা দুই যুৱকে:

আটকাধীন দুই যুৱকে কয়,"আমি হত্যা কৰা নাই । আমি দুজনেই গৈছিলো সেইদিনা তেওঁলোকৰ ঘৰলৈ । আমি গৈ নোপোৱাৰ আগতেই পত্নীয়ে হত্যা কৰিছিল মাধুৰ্য বৰুৱাক । তেওঁৰ পত্নীয়ে শ্লিপিং টেবলেট আনিবলৈ জোৰ কৰিছিল । পাঁচটা টেবলেট আনি দিছিলো । সেইদিনা ১১ বজাতে মাতিছিল । নাহিলে ছোৱালীজনীৰ সৈতে আত্মহত্যা কৰিম বুলি কৈছিল । মানুহজনক হত্যা কৰা বুলি জনাৰ পাছত আমি ওলাই আহিছিলো ।"

কিয় আৰক্ষীয়ে মাধুৰ্য বৰুৱাৰ পত্নীক সন্দেহ কৰিছিল:

ঘটনাৰ দিনা নিশা মুখত কলা কাপোৰ মাৰি আহিছিল ৪ জনীয়া দুৰ্বৃত্তৰ দল । মাধুৰ্য বৰুৱাৰ পত্নীয়ে নিশা খুলি দিছিল ঘৰৰ দৰ্জা । মাধুৰ্য বৰুৱা টোপনিত থকা অৱস্থাতে পুৱতি নিশা দুৰ্বৃত্তক দৰ্জা খুলি দিছিল পত্নীয়ে । ইয়াৰ পাছতে পত্নী আৰু কণমানি কন্যাৰ সন্মুখত চোকা অস্ত্ৰ আৰু মাটি সমান কৰা ধুমুচেৰে মুৰত আঘাত কৰি অতি নিৰ্মমভাৱে হত্যা কৰিছিল মাধুৰ্য বৰুৱাক । পত্নীয়ে আৰক্ষীক কৈছিল মুখত কলা কাপোৰ মাৰি আহিছিল দুৰ্বৃত্তই, সেয়ে কাকো চিনিব নোৱাৰিলো ।

মাধুৰ্য বৰুৱাক হত্যা কৰি পলায়ন কৰিছিল দলটোৱে । কিন্তু দুৰ্বৃত্তই আক্ৰমণ কৰা নাছিল মাধুৰ্য বৰুৱাৰ পত্নী আৰু কন্যাক । মাধুৰ্য বৰুৱাক ৰক্ষা কৰিবলৈ চেষ্টা কৰা নাছিল পত্নীয়ে । যদি মাধুৰ্য বৰুৱাক ৰক্ষা কৰিবলৈ চেষ্টাৰ কৰিলেহেঁতেন কিছু হ'লেও আঘাত পালেহেঁতেন মাধুৰ্য বৰুৱাৰ পত্নীয়ে । ঘটনাৰ পাছতে আৰক্ষীক খবৰ দিয়া হৈছিল যদিও বিশেষ তৎপৰতা দেখুওৱা নাছিল আটক হোৱা মাধুৰ্য বৰুৱাৰ পত্নীয়ে । এতিয়া সকলোৱে দাবী কৰিছে এই ঘটনাৰ লগত জড়িত সকলোৱে উচিত শাস্তি পাব লাগে । দোষী যাতে সাৰি যাব নোৱাৰে তাৰ ব্যৱস্থা ল'বলৈ দাবী জনাই ৰাইজে ।

লগতে পঢ়ক: শোৱাপাটীতে দুৰ্বৃত্তই হত্যা কৰিলে জলসম্পদ বিভাগৰ কৰ্মচাৰীক - Sensational Murder

ঘৰৰ চোতালতে গচকি গচকি ভায়েকে হত্যা কৰিলে ককায়েকক - Golaghat murder case

Last Updated : Sep 14, 2024, 5:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.