লখিমপুৰ, 30 জুন : লখিমপুৰ নগৰৰ দুৱাৰ দলিত আজি চাওলুং চ্যুকাফাৰ এক বিশাল ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয় ৷ প্ৰতিমূৰ্তিটো উন্মোচন কৰে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই ৷ লখিমপুৰ নগৰৰ দুৱাৰ দলিৰ দুৰ্গা মন্দিৰৰ সমীপত 15 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু বাইপাচৰ সংযোগস্থলত চৰকাৰীভাৱে আৱন্টিত ভূমিত 25 লাখ টকাৰ চৰকাৰী অনুদানেৰে এই ব্ৰঞ্জৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে ৷ এই উপলক্ষে শনিবাৰৰ পৰা তাই আহোমৰ ৰীতি-নীতিৰে মাংগলিক কাৰ্যসূচী আৰম্ভ হয় ৷
আজি আনুষ্ঠানিকভাৱে পৰম্পৰাগত ৰীতি-নীতিৰে মংগলধ্বনিৰ মাজত বিধায়ক মানৱ ডেকাই এই প্ৰতিমূৰ্তিটো উন্মোচন কৰে ৷ প্ৰতিমূৰ্তিটো উন্মোচন কৰি তেওঁ বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি ফুলনি সদৃশ লখিমপুৰত এই প্ৰতিমূৰ্তিটো সোণত সুৱগা চৰোৱা হৈ পৰিছে বুলি অনুভৱ প্ৰকাশ কৰে ৷ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ পুৰোধা ব্যক্তি চাওলুং চ্যুকাফাৰ এই প্ৰতিমূৰ্তিয়ে লখিমপুৰৰ মান ৰাজ্যবাসীৰ ওচৰত উচ্চ কৰে বুলি তেওঁ কয় ৷
চাওলুং চ্যুকাফাৰ লগতে মহাপুৰুষ শংকৰদেৱে এখন জাত-পাত ভেদাভেদ হীন সমাজৰ বাবে কাম কৰি গৈছিল বুলি বিধায়ক মানৱ ডেকাই তেওঁলোকক শ্ৰদ্ধাৰে স্মৰণ কৰে ৷ যদুমণি বৰুৱাই আঁত ধৰা এই অনুষ্ঠানটোত লখিমপুৰ নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ সমীৰণ কোঁৱৰ, লখিমপুৰ পৌৰসভাৰ উপ-পৌৰপতি প্ৰাঞ্জল প্ৰতীম দত্তৰ উপৰিও অজিত বুঢ়াগোহাঁই, জয় জ্যোতি গগৈ, মন্দিৰা চাংমাই, অঞ্জনা গোহাঁঞিবৰুৱা, প্ৰাঞ্জল হিলটন কোঁৱৰ, দিপুল তামুলী, ভাৰতী ফুকন গগৈ, ৰাজু তামুলী, চক্ৰ গগৈ আদি ভালেমান বিশিষ্ট ব্যক্তিৰ লগতে তাই আহোম যুৱ পৰিষদ, তাই আহোম মহিলা পৰিষদ আদি সংগঠনৰ বহু সদস্য তথা নেতাই অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক : সৰা ৰজাৰ বংশধৰ সমৰসিং ডেকাৰ ৰাজ অভিষেকcoronation Of The King - Coronation Ceremony For King Sara