ETV Bharat / state

ভাৰত-চীন যুদ্ধৰ ৬২ বছৰ: পৰম বিক্ৰমেৰে অকলেই চীনা সৈন্য়ক ৭২ ঘন্টা প্ৰতিহত কৰা বীৰযোদ্ধাজন - BRAVE RIFLEMAN JASWANT SINGH RAWAT

এগৰাকী বীৰযোদ্ধা । ভাৰতীয় সেনাৰ এই বীৰযোদ্ধাগৰাকীৰ নাম শুনিলে আজিও কঁপি উঠে চীনা সেনাৰ বুকু ।

62 years of Indo China war
ভাৰত-চীন যুদ্ধৰ ৬২ বছৰ : পৰম বিক্ৰমেৰে অকলেই চীনা সৈন্য়ক ৭২ ঘন্টা প্ৰতিহত কৰা বীৰযোদ্ধাজন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 16, 2024, 11:00 PM IST

তেজপুৰ: ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ কথা মনত পৰিলে আজিও সকলোৰে গাৰ নোম শিহৰি উঠে । কাৰণ এই যুদ্ধত ভাৰতীয় সেনাই যি সাহস প্ৰদৰ্শন কৰিছিল সেয়া ইতিহাসৰ পাতত সোণালী আখৰেৰে লিখা আছে । এই যুদ্ধৰ শিহৰণকাৰী ইতিহাসৰ সাক্ষী হৈ আছে অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ যশৱন্ত গড় । এই যশৱন্ত গড়ে আজিও চিঞৰি চিঞৰি কয় ভাৰতীয় সেনাৰ বীৰত্বৰ কথা । এগৰাকী বীৰ সেনাৰ নামত প্ৰতিষ্ঠা কৰা এটা মন্দিৰে ভাতীয় সেনাৰ সাহসৰ কথা সোঁৱৰাই দিয়ে ।

১৯৪১ চনৰ ১৯ আগষ্টত গাৰুৱালৰ বাৰ্যুন নামৰ ঠাইত জন্ম গ্ৰহণ কৰা ২১ বছৰীয়া ভাৰতীয় সেনাৰ বীৰ সৈনিক গৰাকী আছিল ৰাইফলমেন যশৱন্ত সিং ৰাৱাট । ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ বীৰ যোদ্ধাগৰাকীৰ নামত টাৱাং জিলাত আছে যশৱন্ত গড় । ১৯৬২ চনৰ ১৭ নৱেম্বৰত এইগৰাকী বীৰ যোদ্ধাই অকলে ৭২ ঘণ্টা ধৰি চীনা সৈন্যক ধাৰাসায়ী কৰিছিল । এই বীৰত্বৰ কথাৰে ইটিভি ভাৰতৰ এই বিশেষ প্ৰতিবেদন -

ভাৰত-চীন যুদ্ধৰ ৬২ বছৰ (ETV Bharat Assam)

যুদ্ধৰ কাহিনী :

১৯৬২ চনৰ ১৭ নৱেম্বৰত নৰ্থ-ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সী (বৰ্তমান অৰুণাচল প্ৰদেশ)ত নুৰানাং যুদ্ধৰ সময়ত ৰাইফলমেন যশৱন্ত সিংৰাৱাটে ৪ৰ্থ গড়োৱাল ৰাইফলছ ৰেজিমেণ্টৰ বেটেলিয়নত কৰ্মৰত আছিল । সেইদিনা ৪ নং গড়ৱাল ৰাইফলছে নিজৰ স্থানত পিপ'লছ লিবাৰেচন আৰ্মীৰ দুটা ভয়াৱহ আক্রমন প্ৰতিহত কৰিছিল । তৃতীয়বাৰৰ বাবে অনুপ্ৰৱেশৰ সময়ত চীনৰ এটা মধ্যমীয়া মেচিনগান (এমএমজি) ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে লাভ কৰাত সঠিকভাৱে গুলীচালনা কৰিছিল । ৰাইফলমেন যশৱন্ত সিং ৰাৱাটে লেন্স নাইক ত্ৰিলোক সিং নেগী আৰু ৰাইফলমেন গোপাল সিং গুছাইনে স্বেচ্ছাই শত্ৰুক বশ কৰিবলৈ সক্ষম হৈছিল ।

ৰাৱট আৰু গুছাইনে বাংকাৰত মেচিনগানৰ স্থাপন কৰা স্থানৰ পৰা গ্ৰেনেড নিক্ষেপ কৰা দূৰত্ব বৃদ্ধি হোৱাত পাঁচজন চকীদাৰৰ সহায়ত চীনা দলটোক প্ৰতিহত কৰি অস্ত্ৰ জব্দ কৰে । কিন্তু উভতি অহাৰ সময়ত গুছেইন আৰু নেগীয়ে প্ৰাণ হেৰুৱাই আৰু ৰাৱাট গুৰুতৰভাৱে আহত হয় যদিও তেওঁ জব্দ কৰাঅস্ত্ৰ লৈ উভতি আহিবলৈ সক্ষম হয় । এই যুদ্ধত ৩০০ চীনা সেনাৰ মৃত্যু হৈছিল ।

আনহাতে,চতুৰ্থ গড়ৱাল ৰাইফলছে দুজন সেনাক হেৰুৱাই আৰু আঠজন আহত হয় । সেই সময়ত ৰাৱতৰ কোম্পানীয়ে পিছুৱাই যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে যদিও ৰাৱাটে চেলা আৰু নুৰা (নুৰা) নামৰ দুগৰাকী স্থানীয় মনপা ছোৱালীৰ সহায়ত যুঁজখন অব্যাহত ৰাখিলে । পিছত চেলাক হত্যা কৰা হয় আৰু নুৰাক বন্দী কৰা হয় ।

এটা স্থানৰ পৰা আন স্থানলৈ লৰালৰিকৈ দৌৰি ৰাৱাটে ৭২ ঘণ্টা ধৰি শত্ৰুৰ প্ৰবেশত বাধা দিছিল । পৰৱৰ্তী সময়ত চীনে স্থানীয় এজন যোগানকাৰীক বন্দী কৰাত জানিবলৈ পাৰিলে যে তেওঁলোকে মাত্ৰ এজন যুঁজাৰু সন্মুখীন হৈছে । ইয়াৰ পিছতে চীনা সৈন্যই ৰাৱটৰ অবস্থিতিত আক্ৰমণ চলায় আৰু ১৭ নৱেম্বৰত তেওঁৰ মৃত্যু হয় ।

কিছুমান লোকে দাবী কৰে যে ৰাৱাটে নিজৰ শেষৰ গোলাবাৰুদেৰে নিজকে গুলীয়াই হত্যা কৰিছিল । আন একাংশই কয় যে তেওঁক বন্দী কৰি চীনে ফাঁচী দিছিল । চীনৰ কমাণ্ডাৰে যুদ্ধ শেষ হোৱাৰ পিছত ৰাৱটৰ কটা মূৰ আৰু পিতলৰ আৱক্ষ মূৰ্তি ভাৰতলৈ ঘূৰাই দিয়ে । চেলাপাছ,চেলাটানেল আৰু চেলা হ্ৰদৰ নাম চেলাৰ নামেৰে ৰখা হৈছিল ।

চীনা সৈন্যৰ কৱৰ

উল্লেখ্য় যে চীনৰ প্ৰায় ৫০০ সৈনিকৰ আক্ৰমণ প্ৰীতিহত কৰি এই স্থানত ৩০০ সৈনিকক নিঃশেষ কৰিছিল । মুঠ ৩০০ সৈনিকক কৱৰ দিয়া হৈছিল । কাৰণ চীনে এই সৈনিক সকলক ঘূৰাই লৈ যোৱা নাছিল । সেই স্থান ভাৰতীয় সেনাই বিশেষ ভাৱে সংৰক্ষণ কৰি ৰাখিছে ।

যশৱন্ত ৰাৱটক মহাবীৰ চক্ৰ প্ৰদান:

যশৱন্ত ৰাৱটৰ সাহসিকতাক সন্মান জনাই তেওঁৰ যুদ্ধৰ ঠাইখন যশৱন্ত গড় বুলি নামকৰণ কৰা হয় য'ত তেওঁ পি এল এ সেনাক প্ৰতিহত কৰিছিল । সেই ঠাইত যশৱন্ত গড় যুদ্ধ স্মৃতিসৌধ নিৰ্মাণ কৰা হয় । সেনাৰ স্মৃতিসৌধটো টাৱাঙৰ পৰা ৫২ কিলোমিটাৰ দক্ষিণ-পূবে চেলা সুৰংগৰ উত্তৰত ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ট্ৰেন্স-অৰুণাচল ঘাইপথৰ ডিৰাং-টাৱাং পথত অৱস্থিত । এই ২১ বছৰীয়া ভাৰতীয় সেনাৰ বীৰ সৈনিকগৰাকীক মৰণোত্তৰভাৱে কেইবাটাও পদোন্নতি দিয়ে । তেওঁক মহাবীৰ চক্ৰ পদৰে বিভূষিত কৰে । লগতে সেই স্থানত তেওঁ ব্যৱহাৰ কৰা সামগ্ৰী তেওঁৰ বিচনা,সাজ পৰিধান,ডায়েৰীআৰু পিন্ধা বুট জোতা সজাই ৰখা হৈছে ।

এতিয়া নিতৌ নতুন নতুন পৰ্যটকে এই স্থান পৰিদৰ্শন কৰি সৈনিক সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । সেনাৰ বিষয়াসকলে অহা-যোৱাৰ সময়ত প্ৰৱেশ কৰি সন্মান প্ৰদৰ্শন কৰে । উল্লেখ্য় যে যশৱন্তক সহায় কৰি মৃত্যু হোৱা চেলাই চেলা পাছ, চেলা সুৰংগ আৰু চেলা হ্ৰদৰ নাম তেওঁৰ নামত ৰাখি সন্মানিত কৰে । আনহাতে,নুৰানাং জলপ্ৰপাতৰ নাম নুৰাৰ নামেৰে ৰখা হৈছিল ।

পৰৱৰ্তী সময়ত ৪ৰ্থ গড়ৱাল ৰাইফলছক যুদ্ধ সন্মান নুৰানাং প্ৰদান কৰা হয়, যিটো চলি থকা যুদ্ধৰ সময়ত সেনাবাহিনীৰ এটা ইউনিটক প্ৰদান কৰা একমাত্ৰ যুদ্ধ সন্মান আছিল । উল্লেখ্য় যে এইবাৰ ভাৰতীয় সেনা বাহিনীয়ে এই বীৰগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনায় স্মৃতিচাৰণ অনুষ্ঠান আয়োজন কৰিছে । সেই সময়ত যুদ্ধৰ দুখন গুৰুত্বপূৰ্ণ যুদ্ধৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে নুৰানাঙৰ যুদ্ধ (১৭ নৱেম্বৰ ১৯৬২) আৰু দ্বিতীয় খন নেকুমডং যুদ্ধ স্মাৰকত । এই বীৰযোদ্ধা কেইজনৰ যুদ্ধৰ সেই সময়ৰ বাংকাৰ এতিয়াও সম্পূৰ্ণৰূপে সংৰক্ষিত কৰি ৰখা হৈছে । কাইলৈ ১৭ নৱেম্বৰত এই বীৰগৰাকীৰ ভগ্নী ৰেণু দেৱীয়ে এই স্থানলৈ আহি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ।

লগতে পঢ়ক:অৰুণাচলৰ ভাৰত-চীন সীমান্তত ভাৰতীয় সেনাৰ পূৰ্বী প্ৰহৰ অনুশীলন

ভাৰতীয় সেনাৰ পদাতিক দিৱস : নিজৰ জীৱন উৎসর্গা কৰা বীৰ সেনাৰ সশ্ৰদ্ধ স্মৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.