ETV Bharat / state

কৃষ্ণামণি ডেকা হত্যাকাণ্ডত নাম সাঙোৰ খোৱাৰ পিচতে আত্মহত্যা ছিপাঝাৰৰ যুৱকৰ - Boyfriend commits suicide

author img

By ETV Bharat Assamese Team

Published : Jul 30, 2024, 9:16 PM IST

Deadbody recovered in Mangaldoi : সময়ৰ লগে লগে অধিক ৰহস্যময় হৈ পৰিছে মঙলদৈৰ কৃষ্ণামণি ডেকাৰ হত্যাকাণ্ডৰ ঘটনা । কৃষ্ণাৰ মাতৃৰ গুৰুতৰ অভিযোগৰ কেইঘণ্টামানৰ পিচতে আত্মহত্যা প্ৰেমিক চিণ্টুমণি নাথৰ । ঘটনাক লৈ আৰক্ষীৰ তদন্ত আৰম্ভ ।

Boyfriend commits suicide within 24 hours of recovery of girlfriend's body in Mangaldoi
যুৱকৰ আত্মহত্যা (ETV Bharat Assam)

মঙলদৈ,৩০ জুলাই: মঙলবাৰে পুৱাৰ ভাগত পথৰ কাষত টোপোলাত কৃষ্ণামণি ডেকা নামৰ যুৱতীগৰাকীৰ মৃতদেহৰ উদ্ধাৰৰ চাঞ্চল্য মাৰ নৌযাওতেই মঙলদৈত পুনৰ সংঘটিত হয় আন এক ঘটনা । কৃষ্ণামণি ডেকাৰ হত্যাকাণ্ড সন্দৰ্ভত মাতৃৰ গুৰুতৰ অভিযোগৰ পাচতে চৰম পন্থা বাচি ল'লে প্ৰেমিক চিন্টুমণি নাথে । ঘটনাক কেন্দ্ৰ কৰি শোকাকুল পৰিস্থিতি বিৰাজ কৰিছে ছিপাঝাৰৰ খাচ সোণাপুৰত । ইফালে ৰহস্যঘন হৈ পৰিছে সমগ্ৰ ঘটনা ।

যুৱকৰ আত্মহত্যা (ETV Bharat Assam)

প্ৰেমিকাৰ মাতৃয়ে সন্দেহ কৰিছিল চিণ্টুমণি নাথক:

মঙলদৈৰ আঠিয়াবাৰীত নৃশংস হত্যাৰ বলি হোৱা যুৱতী কৃষ্ণামণি ডেকাৰ মাতৃয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল কৃষ্ণাৰ প্ৰেমিক চিণ্টুমণি নাথৰ নাম । চিণ্টুমণি নাথৰ সৈতে কৃষ্ণাৰ মনোমালিন্য হোৱাৰ কথা উল্লেখ কৰি পাকে-প্ৰকাৰে কৃষ্ণাৰ হত্যাকাণ্ডত চিণ্টু জড়িত থকা বুলি অভিযোগ কৰিছিল যুৱতীগৰাকীৰ মাতৃয়ে । যি খবৰ সম্প্ৰচাৰিত হৈছিল সংবাদ মাধ্যমত ।

সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰৰ পাচতে চিণ্টুৰ আত্মহত্যা:

পুৱাৰে পৰা বিভিন্ন সংবাদমাধ্যমত সম্প্ৰচাৰিত হৈ থকা বাতৰিটো চাইছিল চিণ্টুৱে । তাৰ পাচতে নিজৰ গাহৰি ফাৰ্মত কাম কৰিবলৈ ওলাই গৈছিল সৰবৰহী যুৱকজন । কিন্তু বহু সময়লৈ চিণ্টু ঘৰলৈ ঘূৰি নহাত পিতৃয়ে বিচাৰি গৈ চিন্তুক চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰে । কৃষ্ণাৰ মাতৃৰ অভিযোগৰ কেইঘন্টামানৰ পিচতে গছত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় চিন্টুমণি নাথৰ মৃতদেহ ।

ৰহস্যঘন সমগ্ৰ ঘটনা:

এফালে মৃত যুৱতীগৰাকীৰ মাতৃৰ গুৰুতৰ অভিযোগ, আনফালে মাতৃৰ অভিযোগৰ কেইঘণ্টামানৰ পিচতে চিণ্টুমণিৰ আত্মহত্যা । যাক লৈ অধিক ৰহস্যজনক হৈ পৰিছে সমগ্ৰ ঘটনা । সঁচাকৈয়ে কৃষ্ণামণিৰ হত্যাকাণ্ডৰ সৈতে জড়িত আছিল নেকি চিণ্টুমণি ? নে অপবাদ সহ্য কৰিব নোৱাৰি চৰম পন্থা বাচি ল'লে যুৱকজনে ?

ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত । চিণ্টুমণিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে চিকিৎসালয়লৈ । হয়তো তদন্তৰ খাতিৰত আৰক্ষীয়ে বৰ্তমানলৈ প্ৰকাশ কৰা নাই কোনো তথ্য ।

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ (সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ।)

লগতে পঢ়ক: মঙলদৈৰ বৰ আঠিয়াবাৰী গাঁৱত যুৱতীৰ মৃতদেহ উদ্ধাৰ - Deadbody recovered in Mangaldoi

প্ৰেমিকৰ ছুৰীৰ আঘাতত প্ৰাণ হেৰুৱালে প্ৰেমিকাই - Sensational murder

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি : পত্নীৰ হাতত নিধন পতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.