ETV Bharat / state

৭৮ বছৰে নাও চলাই বহুতকে শিক্ষাৰ পোহৰ বিলোৱা নাৱৰীয়া বাছিৰাম দাসলৈ সন্মান

নলবাৰীৰ বৰভাগ প্ৰেছ ক্লাৱৰ শলাগিবলগীয়া উদ্যোগ । ৭৮ বছৰ পাগলাদিয়া নৈত নাৱৰীয়া হিচাপে নাও চলাই সম্প্ৰতি ৯৮ বছৰত ভৰি দিছে বাছিৰাম দাসে ।

BORBHAG GAURAV AWARD
নাৱৰীয়া বাছিৰাম দাসলৈ সন্মান (Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 7 hours ago

নলবাৰী: নলবাৰী জিলাৰ বৰভাগ প্ৰেছ ক্লাৱৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে আগবঢ়োৱা হৈছে প্ৰয়াত শিক্ষাবিদ,বৰভাগ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক, প্ৰয়াত ধীৰেন ভৰালী সোঁৱৰণী 'বৰভাগ গৌৰৱ' বঁটা । চলিত বৰ্ষৰ পৰা প্ৰৱৰ্তন কৰা উক্ত বঁটাৰ বাবে বাচনি কৰা হৈছে জিলাখনৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত ক্ষুদ্ৰডিংডিঙি গাঁৱৰ ৯৮ বছৰীয়া নাৱৰীয়া বাচিৰাম দাস ওৰফে বাছিৰাম ঘাউতালক ।

২৪ নৱেম্বৰত বৰভাগ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হবলগা বৰভাগ প্ৰেছ ক্লাৱৰ দ্বি-বাৰ্ষিক অধিৱেশনত আনুষ্ঠানিকভাৱে এই উক্ত বঁটা প্ৰদান কৰা হ’ব । বঁটাত থাকিব এটা স্মাৰক, মানপত্ৰ, অংগবস্ত্ৰ, বৰভাগ গৌৰৱ বঁটা আৰু নগদ ধন ।

উল্লেখ্য যে, বঁটাৰ বাবে নিৰ্বাচিত হোৱা বাছিৰাম দাসে ৮ বছৰ বয়সৰ পৰা পাগলাদিয়া নৈৰ ডিংডিঙি ঘাটত নাৱৰীয়া হিচাপে কৰ্মজীৱন আৰম্ভ কৰি ৮৬ বছৰ বয়সলৈ অৰ্থাৎ সূদীৰ্ঘ ৮০ বছৰ কাল নাও চলাই বৰভাগৰ দুয়োপাৰৰ ৰাইজৰ মাজত যোগসূত্ৰ ৰক্ষাৰ লগতে কাৰ্যতঃ সমন্বয় আৰু যোগাযোগ ব্যৱস্থাৰ ধ্বজাবাহক হিচাপে কাম কৰিছিল । তাহানি কালত বৃহত্তৰ বৰভাগৰ পাগলাদিয়া নৈত কোনো দলং নথকাত সূদীৰ্ঘ সময়ছোৱাত বাছিৰাম ঘাটোৱালে নাৱৰীয়া জীৱন আৰম্ভ কৰি বৰভাগৰ ৰাইজৰ উচ্চ শিক্ষা গ্ৰহণ, চাকৰি ,ব্যৱসায়-বাণিজ্য আদিকে ধৰি বিভিন্ন কাম-কাজৰ সমন্বয় তথা যোগাযোগৰ মধ্যমণি হিচাপে বিবেচিত হৈ আহিছিল ।

বাছিৰাম দাসে সূদীৰ্ঘ ৭৮ বছৰ কাল পাগলাদিয়া নৈত নাৱৰীয়া হিচাপে নাও চলাই সম্প্ৰতি ৯৮ বছৰত ভৰি দিছে । আজিৰ পৰা ২০ বছৰ আগলৈ অৰ্থাৎ এই ঘাটতো বন্ধ হৈ পৰাৰ সময়লৈ সমগ্ৰ জিলাখনত ঘাটটো বাছিৰ ঘাট হিচাপে জনপ্ৰিয় হৈ পৰিছিল ।

ইপিনে, অধিৱেশনৰ লগত সংগতি ৰাখি লোককৃষ্টিৰ সাধক বৰভাগৰ বাউসী উদয়পুৰ নিবাসী ৯০ বছৰীয়া বিশিষ্ট শিল্পী ভোলানাথ তালুকদাৰ আৰু বিশিষ্ট চিত্ৰশিল্পী প্ৰমোদ কাকতিক সম্বৰ্ধনা জনোৱা হ'ব বুলি বৰভাগ প্ৰেছ ক্লাৱৰ সভাপতি ৰমেন তালুকদাৰ আৰু সাধাৰণ সম্পাদক হিমজ্যোতি ভূঞাই জনাইছে ৷

লগতে পঢ়ক: সত্ৰাধিকাৰ ড৹পীতাম্বৰ দেৱগোস্বামীলৈ ভূপেন হাজৰিকা সংহতি বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.