ETV Bharat / state

গ্ৰন্থমেলাৰ গ্ৰন্থ বিপণিত নাই গ্ৰাহক - DHEMAJI BOOK FAIR 2024

ধেমাজি তৃতীয় গ্ৰন্থ উৎসৱত সন্তোষজনক ন’হল গ্ৰন্থ বিক্ৰীৰ হাৰ । মোবাইল ফোনে কাঢ়ি লৈ গ’ল নেকি কিতাপ পঢ়াৰ মাদকতা ।

Book sales rate not satisfactory at Dhemaji Book Fair
গ্ৰন্থমেলাৰ গ্ৰন্থ বিপণিত নাই গ্ৰাহক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 3, 2024, 12:17 PM IST

ধেমাজি : প্ৰতিকূল বতৰ, দীপাৱলী আদিৰ উৎসৱে ব্যাপক প্ৰভাৱ পেলালে তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱক । সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সংস্থাৰ সহযোগত যোৱা ২৬ অক্টোবৰ পৰা ৩ নৱেম্বৰলৈকে ধেমাজি কাছাৰী ময়দানত বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত কৰা তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱখনি আজি (দেওবাৰ) সামৰণি পৰিব ।

গ্ৰন্থ উৎসৱৰ লগত সংগতি ৰাখি পহিলা দিনাৰ পৰা অন্তিম দিনালৈকে ভালেসংখ্যক কাৰ্যসূচী, প্ৰতিযোগিতা অনুষ্ঠিত কৰে উদযাপন সমিতিয়ে । শনিবাৰে অষ্টম দিনাও দিনৰ ভাগত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পাছত বিয়লিভাগত 'দক্ষতা আৰু নেতৃত্ব বিকাশ' এখন শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয় । পাৰদৰ্শী ব্যক্তি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ সহযোগী অধ্যাপক ড৹ প্ৰাঞ্জল বুঢ়াগোঁহায়ে ।

গ্ৰন্থমেলাৰ গ্ৰন্থ বিপণিত নাই গ্ৰাহক (ETV Bharat Assam)

ইয়াৰ পিছতে আনদিনাৰ দৰে নিশালৈ সাংস্কৃতি অনুষ্ঠান আৰু ভাওনা প্ৰদৰ্শন হয় । ইপিনে দিপাৱলী আৰু প্ৰতিকূল বতৰৰ বাবে গ্ৰন্থ বিক্ৰীত ব্যাঘাত জন্মায় যাৰ বাবে বিক্ৰী হাৰ পূৰ্বৰ তুলনাত হ্ৰাস পোৱা বুলি মন্তব্য কৰে কেইবাটাও গ্ৰন্থ বিক্ৰেতা প্ৰতিষ্ঠানে । গ্ৰন্থ উৎসৱৰ অষ্টম দিনাও বহুকেইটা বিপণিৰ গৰাকীয়ে বহি বহি সময় পাৰ কৰা দেখা যায় । অৱশ্য ইয়াৰে ভিতৰত শিৱসাগৰৰ গ্ৰন্থপীঠ নামৰ বিপনীত উপলব্ধ ।

ভক্তি সাহিত্য বিপণিত সাহিত্যনুৰাগী বা গ্ৰন্থপ্ৰেমীৰ সঁহৰি আশাব্যঞ্জক বুলি জানিবলৈ দিয়ে । আনহাতে গুৱাহাটী আৰু ডিব্ৰুগড়ৰ কেইবাটাও গ্ৰন্থ বিপনীত গ্ৰন্থপ্ৰেমীৰ সঁহাৰি সন্তোষজনক নহয় বুলি জানিবলৈ দিয়ে ।

ইফালে সাম্প্ৰতিক সময়ত অত্যাধিক ব্যৱহাৰ হোৱা মোবাইল ফোনত উপলব্ধ বিভিন্ন সামাজিক মাধ্যমসমূহে পূৰ্বৰ তুলনাত যথেষ্ট গ্ৰন্থপ্ৰেমী হ্ৰাস হোৱা বুলি পঢ়ুৱৈৱে অনুভৱ কৰে ।

লগতে পঢ়ক: ধেমাজি গ্ৰন্থ উৎসৱত মননশীল আলোচনা: কোন দিশে ধাৱমান সংবাদ মাধ্যম-নৱপ্ৰজন্ম ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.