ETV Bharat / state

তিনিচুকীয়া গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ ব্যাপক উছাহ - TINSUKIA BOOK FAIR

তিনিচুকীয়া ৰাজ্যিক গ্ৰন্থমেলাত পঢ়ুৱৈৰ ভিৰ ৷ গুণগত ভাষা-সাহিত্য আৰু ইয়াৰ পৰিসৰ শীৰ্ষক আলোচনা সত্ৰৰ লগতে উন্মোচন কেইবাখনো গ্ৰন্থ ৷

Tinsukia Book Fair
তিনিচুকীয়া ৰাজ্যিক গ্ৰন্থমেলা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Dec 13, 2024, 11:05 AM IST

Updated : Dec 13, 2024, 1:46 PM IST

তিনিচুকীয়া: ৰাজ্যত শীতৰ আগমনৰ লগতে চৌদিশে বিৰাজ কৰিছে গ্ৰন্থৰ বতৰে ৷ ৰাজ্যৰ বিভিন্ন সংগঠন, সামাজিক অনুষ্ঠানে বিভিন্ন স্থানত গ্ৰন্থমেলাৰ আয়োজন কৰিছে ৷ সদৌ তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৈঠকীৰ সহযোগত তিনিচুকীয়াৰ বৰদলৈ নগৰতো ১০ ডিচেম্বৰৰ পৰা ১৬ ডিচেম্বৰলৈ তিনিচুকীয়া ৰাজ্যিক গ্ৰন্থমেলাৰ আয়োজন কৰিছে ।

কুৰিখনৰো অধিক গ্ৰন্থ আৰু বিভিন্ন বিপনীৰে ভৰা গ্ৰন্থমেলাত বৃহস্পতিবাৰে সন্ধিয়া এক আলোচনা সত্ৰ অনুষ্ঠিত হয় । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা বিশিষ্ট লেখক ড৹ সত্যকাম বৰঠাকুৰৰ সঞ্চালনাত অনুষ্ঠিত হোৱা আলোচনা সত্ৰত “গুণগত ভাষা-সাহিত্য আৰু ইয়াৰ পৰিসৰ”ৰ ওপৰত আলোচনা অনুষ্ঠিত হয় ।

তিনিচুকীয়া গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ ব্যাপক উছাহ (ETV Bharat)

উক্ত আলোচনা সত্ৰত বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা লেখক সিদ্ধাৰ্থ গোস্বামী, তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ, মৰাণ স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণ, যুৱ লেখিকা কস্তুৰী চুতীয়া, যুৱ সাংবাদিক হিমাক্ষী বৰুৱা উপস্থিত থাকে । উক্ত আলোচনা সত্ৰত ধায্য কৰি দিয়া বিষয়টোৰ ওপৰত কেউগৰাকী উপস্থিত বক্তাই বিস্তৃতভাৱে বক্তব্য আগবঢ়োৱাৰ লগতে উপস্থিত ব্যক্তিসকলৰ প্ৰশ্নৰ ভিত্তিত মন্তব্য আগবঢ়ায় । তাৰ পাছতে যুৱ লেখক জ্যোতিৰ্ময় খাটোৱালৰ “মৃত্যুৰ পিৰামিড”, গংগাধৰ শইকীয়াৰ “আইদেউৰ ঘৰলৈ কিমান বাট ?” নামৰ দুখন উপন্যাসৰ লগতে ন-পুৰণি লেখকৰ অৰ্ধকুৰি গ্ৰন্থৰ উন্মোচন কৰা হয় ।

একে সময়তে বিভিন্ন স্থানত কেইবাখনো গ্ৰন্থমেলা অনুষ্ঠিত হৈ থকাৰ বাবে বাণিজ্যিক চহৰ হিচাপে পৰিচিত তিনিচুকীয়া ৰাজ্যিক গ্ৰন্থমেলাত গ্ৰন্থৰ বিপনী তেনেই নগণ্য যদিও যিকেইখন গ্ৰন্থৰ বিপনী আছে তাত যথেষ্ঠ পঢ়ুৱৈয়ে ভিৰ কৰা পৰিলক্ষিত হয় । গতিকে ১৬ ডিচেম্বৰলৈকে গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থপ্ৰেমীসকলৰ উপস্থিতি তথা সহায় সহযোগিতা কামনা কৰিছে সদৌ তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি নয়নজ্যোতি বৰশইকীয়া আৰু সাধাৰণ সম্পাদক গংগাধৰ শইকীয়াই ।

লগতে পঢ়ক: মনত পৰেনে জখলাবন্ধালৈ ? সেই যে দোকানে দোকানে বাজি থকা বিহুৰ কেছেটবোৰ...

Last Updated : Dec 13, 2024, 1:46 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.