ETV Bharat / state

আৰক্ষীয়ে নধৰে, ৰাইজে ধৰি দিব লাগে অপৰাধীক : বঙালমৰা আৰক্ষীৰ বিৰুদ্ধে অপৰাধীৰে সুসম্পৰ্কৰ অভিযোগ - Bongalmora police out post

author img

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 6:50 PM IST

Crime in Bongalmora : অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ বঙালমৰা আৰক্ষী চকীৰ বিৰুদ্ধে ৷ আৰক্ষী চকীত অপৰাধীয়ে দপদপাই থকাৰ অভিযোগ ৷ অপৰাধীক গ্ৰেপ্তাৰত শিথিলতাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে ৷ বদনামী হৈ পৰা বঙালমৰাৰ নিৰপৰাধী লোকো ভুক্তভোগী হোৱা বুলি ক্ষোভ প্ৰকাশ ৷

BONGALMORA POLICE OUT POST
বঙালমৰা আৰক্ষীৰ বিৰুদ্ধে অপৰাধীৰে সুসম্পৰ্কৰ অভিযোগ (ETV Bharat Assam)

লখিমপুৰ, ২৬ জুলাই : জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাই বিখ্যাৎ (!) কৰিছিল লখিমপুৰৰ বঙালমৰা অঞ্চলটোৰ নাম । দীর্ঘদিন ধৰি নকল সোণ, জালনোটৰ ৰমৰমীয়া বেহা চলি থকা অঞ্চলটোত শেহতীয়াকৈ সংযোজন হ’ল ড্ৰাগছৰ বেহা ।

উল্লেখ্য যে জোনমণি ৰাভাই বঙালমৰাত এনে বেহাৰ বিৰুদ্ধে অভিযান চলাই ঘূৰি যোৱাৰ পিচতে মৃত্যু হোৱা ঘটনাই বঙালমৰাৰ নাম অধিক চৰ্চালৈ আনে ৷ প্ৰায় দুটা দশক ধৰি বঙালমৰাৰ বিভিন্ন অঞ্চলত চলি আহিছে নকল সোণ, জালনোট আদিৰ বেহা । কেৱল অসমতেই নহয়, দেশৰ বিভিন্ন ৰাজ্যলৈও শিপা মেলে এনে অবৈধ বেহাই ।

জোনমণি ৰাভাৰ ঘটনাই বিখ্যাত (!) কৰিছিল বঙালমৰাক :

জোনমণি ৰাভাৰ মৃত্যুৰ পিচত জিলাখনত আনন্দ মিশ্ৰক আৰক্ষী অধীক্ষক হিচাপে নিয়োগ কৰাত এনে বেহাৰ প্ৰকোপ সাময়িকভাৱে স্তিমিত হৈছিল যদিও পুনৰ গা কৰি উঠে বিভিন্ন অবৈধ বেহা । বঙালমৰাত থকা আৰক্ষী চকীখনৰ এইক্ষেত্ৰত ভূমিকা নাই বুলি অভিযোগ উঠিছে । আৰক্ষী চকীখনৰ বিৰুদ্ধে বিভিন্ন অভিযোগ তুলি সৰৱ হৈ পৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লখিমপুৰ জিলা সমিতি ।

আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ :

শুকুৰবাৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত আয়োজন কৰা এখন সংবাদমেলত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়াসকলে অভিযোগ তুলি কয়, ‘‘ নকল সোণ, জালনোট, ড্ৰাগছৰ বেহা বন্ধ কৰাৰ বঙালমৰা আৰক্ষী চকীৰ ভূমিকা মুঠেই নাই । ৰাইজে ধৰি দিলেহে অবৈধ বেহাৰ লগত জড়িত লোকক আৰক্ষীয়ে কৰায়ত্ত কৰিব পাৰে ৷ দালালৰ দপদপনি চলিছে আৰক্ষী চকীখনত । পুৱাৰ পৰা নিশা এঘাৰ বজাপৰ্যন্ত জাক জাক দালালে ভৰি থাকে বঙালমৰা আৰক্ষী চকী ।’’

বঙালমৰা অঞ্চলত কমেও দুহেজাৰৰো অধিক লোক নকলসোণ, জালনোট, ড্ৰাগছৰ বেহাৰ লগত জড়িত বুলি অভিযোগ তুলি এইক্ষেত্ৰত জিলাৰ আৰক্ষী অধীক্ষকক ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁলোকে দাবী জনায় । আৰক্ষী চকীখনৰ ভিতৰে বাহিৰে চিচি টিভি লগাবলৈও দাবী জনাই সংগঠনটোৰ নেতৃত্বই । সংবাদমেলখনত সংগঠনটোৰ নেতৃত্বই কয় যে দালালৰ প্ৰকোপত সাধাৰণ ৰাইজে বঙালমৰা আৰক্ষী চকীৰ বিষয়াৰ লগত কথা পতাৰ সুযোগ নাপায় । দিনে-নিশাই দালালৰ ভিৰ হৈ থাকে আৰক্ষী চকীখনত ।

আনন্দ মিশ্ৰ আৰক্ষী অধীক্ষক হৈ থাকোতে কিছু কমিছিল অপৰাধ :

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কয় পোন্ধৰ বছৰৰো অধিক সময় তেওঁলোকে জিলাৰ পৰা অসম আৰক্ষীৰ শীর্ষ বিষয়াক বহুবাৰ স্মাৰকপত্ৰ প্ৰদান কৰি বঙালমৰা অঞ্চলটো অবৈধ বেহা মুক্ত কৰিবলৈ দাবী জনাই আহিছে যদিও আজিলৈকে সুফল নাপালে । জিলাখনলৈ আনন্দ মিশ্ৰ আৰক্ষী অধীক্ষক হিচাপে অহাৰ পিচত কিছু পৰিমাণে এনে বেহা কমিছিল যদিও তেওঁ গুচি যোৱাৰ পিচত পূৰ্বতকৈয়ো ব্যাপক ৰূপত চলিবলৈ ধৰিছে নকল সোণ, ড্ৰাগছ আদিৰ মাৰাত্মক বেহা ।

কাৰ বাবে বদনামী বঙালমৰা ? :

অভিযোগ অনুসৰি ক’ৰবাত দুই-এটা অপৰাধী আৰক্ষীৰ হাতত পৰিলেও সঠিকভাৱে তদন্ত কৰি তেনে কামত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰাত বঙালমৰা আৰক্ষী শিথিল হৈ দিয়ে ৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে এনে অবৈধ বেহাৰ বাবে কলংকিত হৈছে বঙালমৰাৰ নাম । বঙালমৰাৰ লোক বুলি ক’লে আন স্থানত ঘৰভাৰা, কোঠাভাৰা নিদিয়া হৈছে । যাৰ বাবে বাহিৰত পঢ়িবলৈ যোৱা শিক্ষার্থীসকল সমস্যাত পৰিবলগীয়া হোৱা বুলি তেওঁলোকে দুখ প্ৰকাশ কৰে ৷

সংবাদমেলৰ জৰিয়তে তেওঁলোকে আৰক্ষীৰ শীর্ষ বিষয়াবৰ্গক বঙালমৰাক অবৈধ বেহামুক্ত কৰি অপযশ দূৰ কৰাৰ ব্যৱস্থা ল’বলৈ আহ্বান জনায় । সংবাদমেলখনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি বদিউজ জামান, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৱাছিম আক্ৰাম, জিলা সম্পাদক ছিৰাজুল ইছলাম আদিয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : বঙালমৰাত খেদি-খেদি দুই নকল সোণ বেপাৰীক আটক

লগতে পঢ়ক : বঙালমৰাত দ’মে দ’মে ওলাইছে জালনোট

লগতে পঢ়ক : বঙালমৰাৰ ছাদ্দামে কামুৰিলে আৰক্ষীক; ড্ৰাগছ সৰবৰাহকাৰীৰ সন্ধানত আটক অৰ্ধশতাধিকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.