ETV Bharat / state

কি কাৰণে সংঘটিত হৈছিল বঙাইগাঁও দলৱদ্ধ ধৰ্ষণকাণ্ড, পোহৰলৈ আহিছে সকলো কথা - Bongaigaon gang rape

Bongaigaon gang rape update : বঙাইগাঁৱৰ বৰঝৰাত নিৰ্যাতনৰ বলি হোৱা কিশোৰ-কিশোৰীৰ সম্ভেদ লাভ কৰিবলৈ সক্ষম হৈছে বঙাইগাঁও আৰক্ষীয়ে ৷ চিৰাং জিলাৰ পৰা উদ্ধাৰ কৰা হয় ভুক্তভোগী কিশোৰ-কিশোৰীক ৷

Bongaigaon police found victim
বঙাইগাঁও দলৱদ্ধ ধৰ্ষণকাণ্ড: আৰক্ষীক কি ক’লে ভুক্তভোগী কিশোৰীয়ে ? (Etv Bharat assam)
author img

By ETV Bharat Assamese Team

Published : May 20, 2024, 10:22 AM IST

Updated : May 20, 2024, 12:13 PM IST

বঙাইগাঁও, 20 মে’ : ৰাজ্য কঁপোৱা বঙাইগাঁওকাণ্ডৰ শেহতীয়া তথ্য ৷ দেওবাৰে নিশা বঙাইগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ভুক্তভোগী কিশোৰ-কিশোৰীক ৷ বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক মোহন লাল মীনাৰ নেতৃত্বত বঙাইগাঁও আৰক্ষীয়ে কিশোৰীগৰাকীক বিচাৰি তীব্ৰগতিত চলাইছিল অভিযান ।

নিশা বঙাইগাঁও আৰক্ষীৰ এটা দলে কিশোৰীগৰাকীক উদ্ধাৰ কৰে চিৰাং জিলাৰ পৰা । ইয়াৰ পিচতে কিশোৰীগৰাকীক আৰক্ষীয়ে ঘটনাৰ বিষয়ে সোধপোছ কৰে ৷ জানিব পৰা মতে পাঁচ নৰপিশাচে ভিডিঅ’ৰ নামত ভুক্তভোগীৰ পৰা সৰ্বমুঠ 8 হাজাৰ টকা লৈছিল ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

ঘটনা অনুসৰি, আজিৰ পৰা তিনিদিন পূৰ্বে পঞ্চপুৰ-কাছুৱাগাঁওস্থিত বৰঝৰা অঞ্চললৈ অৱসৰ বিনোদনৰ বাবে বাইকেৰে আহিছিল এহাল কিশোৰ-কিশোৰী ৷ বৰঝাৰৰ মনোৰম পৰিৱেশত থকা এটা নিজৰাত গা ধোৱাৰ পূৰ্বে পাহাৰখনৰ নামনি এলেকাৰ এটা স্থানত কিছু সময় জিৰণি লয় ৷ তেতিয়াই পাঁচ যুৱকৰ দলটোৰ সৈতে মুখামুখি হৈছিল কিশোৰ-কিশোৰীহাল ৷ তাৰ পাচতে দলটোৱে কিশোৰ-কিশোৰীহালক আগচি ধৰি বিভিন্ন ধৰণৰ প্রশ্ন কৰে ।

বিবস্ত্ৰ কৰি ভিডিঅ’ প্ৰস্তুত আৰু ধনদাবী :

পৰৱৰ্তী সময়ত দুর্বৃত্তৰ দলটোৱে বলপূর্বকভাৱে কিশোৰ-কিশোৰীহালক পৰিধান কৰা সকলো বস্ত্ৰ খুলিবলৈ নিৰ্দেশ দিয়ে আৰু অশালীন কার্যত লিপ্ত হ’বলৈ বাধ্য কৰে । এই সমগ্ৰ কাৰ্য দুর্বৃত্তৰ দলটোৱে ম’বাইলৰ দ্বাৰা ভিডিঅ' কৰি ৰাখে । আনকি সেই ভিডিঅ' ভাইৰেল কৰাৰো ভাবুকি দি দুর্বৃত্তৰ দলটোৱে কিশোৰজনৰ পৰা ধন দাবী কৰে । কিশোৰ-কিশোৰীহালে বাৰে বাৰে দুর্বৃত্তৰ দলটোৰ ওচৰত ক্ষমা বিচাৰে ৷ কিন্তু দাবী কৰা ধন আদায় দিলেহে তেওঁলোক তাৰ পৰা ওলাই আহিব পাৰিব বুলি কয় দুর্বৃত্তৰ দলটোৱে ।

কিশোৰীক দলবদ্ধ ধৰ্ষণ :

ধন নিদিলে যুৱকৰ দলটোৱে ওলাই যাবলৈ নিদিওঁ বুলি কোৱাত উপায়ন্তৰ হৈ কিশোৰটোৱে কিশোৰীগৰাকীক সেই স্থানতে দলটোৰ হাতত গতাই থৈ বঙাইগাঁৱৰ কোনোবা এটা ATM ৰ পৰা ধন নিবলৈ আহে । তেতিয়াই সেই সুযোগতে দুর্বৃত্তৰ দলটোৱে কিশোৰীগৰাকীক দলৱদ্ধভাৱে ধৰ্ষণ কৰে । এই জঘন্য ঘটনা সংঘটিত কৰি দুর্বৃত্তৰ দলটোৱে ঘটনাস্থলীৰ পৰা আঁতৰি যায় ৷

লগতে পঢ়ক : ফুৰিবলৈ যোৱা কিশোৰীক দলৱদ্ধ ধৰ্ষণ; পাঁচ দুৰ্বৃত্তৰ নিকৃষ্টকাণ্ডই জোঁকাৰিছে অসম - Brutal incident in Bongaigaon

Last Updated : May 20, 2024, 12:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.