ETV Bharat / state

গুৱাহাটীৰ চিটী চেণ্টাৰত বোমাৰ আতংক : হুৱাদুৱা পৰিস্থিতি - Bomb scare at City Centre

Bomb scare in Guwahati : গুৱাহাটীৰ চিটী চেণ্টাৰত বোমাৰ আতংক ৷ মাইকযোগে সতৰ্কতা কৰ্তৃপক্ষৰ ৷ উলিয়াই পঠিওৱা হৈছে সকলো লোককে ৷ ঘটনাস্থলীত উপস্থিত আৰক্ষী, বোমা বিশেষজ্ঞ ৷

Bomb scare in Guwahati
গুৱাহাটীৰ চিটী চেণ্টাৰত বোমাৰ আতংক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 5:33 PM IST

Updated : Aug 19, 2024, 5:41 PM IST

গুৱাহাটী, 19 আগষ্ট : ৰাজ্যৰ ভিন্ন স্থানত আলফা(স্বাঃ)ই 25 টাকৈ বোমা সংস্থাপনৰ আতংক মাৰ নৌযাওতেই পুনৰ গুৱাহাটীত বোমাৰ আতংক ৷ সোমবাৰে মহানগৰীৰ জি এছ ৰোডস্থিত চিটী চেন্টাৰত সৃষ্টি হ’ল এই বোমাৰ আতংক ৷

গুৱাহাটীৰ চিটী চেণ্টাৰত বোমাৰ আতংক (ETV Bharat Assam)

চাৰিওফালে হুৱাদুৱা লগাৰ পিচতে চিটী চেণ্টাৰৰ কৰ্তৃপক্ষৰ ফালৰ লোৱা হ’ল বিশেষ সতৰ্কতা ৷ চিটী চেণ্টাৰৰ আঠ মহলীয়া বিল্ডিঙৰ পৰা সকলো লোককে ইতিমধ্যে আঁতৰাই পঠিওৱা হৈছে ৷ আধাতে বন্ধ কৰি দিয়া হ’ল পি ভি আৰত চলি থকা চিনেমা ৷

মাইকযোগে ঘোষণা কৰি সকলো লোককে আঁতৰি যোৱাৰ আহ্বান জনাইছে চিটী চেণ্টাৰ কৰ্তৃপক্ষই ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী, বোমা বিশেষজ্ঞৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ৷

ঘটনা সন্দৰ্ভত এইপৰ্যন্ত মুখ খোলা নাই আৰক্ষী অথবা চিটী চেণ্টাৰ কৰ্তৃপক্ষই ৷

লগতে পঢ়ক : আলফা স্বাধীনৰ বোমা সংস্থাপনৰ তদন্ত: সত্ৰাধিকাৰক থানালৈ কিয় নিলে আৰক্ষীয়ে ?

Last Updated : Aug 19, 2024, 5:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.