ETV Bharat / state

বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু বোকাখাত আৰক্ষী: বন্যপ্ৰাণীক অনিষ্ট নকৰাৰ আহ্বান - ASSAM FLOOD 2024

author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 9:26 PM IST

Kaziranga National Park : শনিবাৰে হঠাতে অহা বানে প্লাৱিত কৰিছে ধনশিৰিমুখৰ লগতে মৰিয়াহোলা, চগুৰি চহলা, যোগনীয়া আদি অঞ্চল ৷ বানে প্লাৱিত কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওখ আশ্ৰয়স্থল বিচাৰি দক্ষিণলৈ ঢাপলি মেলিছে পহুকে ধৰি আন কেতবোৰ বন্যপ্ৰাণী ৷ বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতুপন চুতীয়াই প্ৰাণীসমূহক অনিষ্ট নকৰিবলৈ ৰাইজক আহ্বান জনায় ৷

ASSAM FLOOD 2024
বানত প্লাৱিত ধনশিৰিমুখ (ETV Bharat Assam)

গোলাঘাট, 30 জুন : গোলাঘাটৰ ভিন্ন অঞ্চল এতিয়া বানৰ কবলত ৷ শনিবাৰে নিশা গোলাঘাটৰ অন্যতম ব্যস্ততাপূৰ্ণ অঞ্চল বোকাখাতৰ উত্তৰাঞ্চল বানে প্লাৱিত কৰাৰ ফলত জনসাধাৰণ তথা পশুধনৰ মাজত দেখা দিছে বহুতো সমস্যা ৷ বিশেষকৈ ধনশিৰিমুখৰ লগতে মৰিয়াহোলা, চগুৰি চহলা, যোগনীয়া আদি অঞ্চল বুৰাই পেলাইছে বাঢ়নী পানীয়ে ৷ নিশাটোৰ ভিতৰতে ইটোৰ পিছত সিটো অঞ্চল বাঢ়নী পানীয়ে প্লাৱিত কৰাৰ ফলত ৰাইজৰ ক’লৈ যাম, কি কৰিম অৱস্থা হৈছে ৷

ধনশিৰিমুখত বিপদসীমাৰ ওপৰেৰে বৈ আছে ব্ৰহ্মপুত্ৰ নদী (ETV Bharat Assam)

সমান্তৰালকৈ অঞ্চলকেইটাৰ সকলো ধৰণৰ শিক্ষানুষ্ঠান, বাট-পথ বানে প্লাৱিত কৰাত আশ্ৰয়স্থলীৰো অভাৱ হোৱা দেখা গৈছে ৷ প্ৰায় 5 ফুট উচ্চতালৈ পানী বাঢ়ি অহাৰ ফলত এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে বোকাখাত আৰক্ষী-প্ৰশাসন ৷

লগতে পঢ়ক: চিয়াং নদীত ডুব গ’ল SDRF ৰ ৰবৰ ব’ট; বিষয়াসহ 9 গৰাকী জোৱানৰ কোনোমতে প্ৰাণৰক্ষা - SDRF rubber boat sinks

আকস্মিকভাৱে অহা এই বানত কোনো লোক জলবন্দী হৈ আছে নেকি, সেয়া নিৰীক্ষণ কৰি তেওঁলোকক উদ্ধাৰ কৰিবলৈ বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিতুপন চুতীয়াৰ নেতৃত্বাধীন এটা দল মৰিয়াহোলাৰ পৰা চাপৰিলৈ বুলি যাত্ৰা কৰিছে ৷ আৰক্ষীক এই কাৰ্যত সহায় আগবঢ়াইছে এছ ডি আৰ এফৰ এটা দলে ৷

আৰক্ষী বিষয়া চুতীয়াই জনোৱা অনুসৰি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিৰাপত্তাত নিয়োজিত বিশেষ কমাণ্ডো বাহিনীৰ স্পৰ্শকাতৰ অঞ্চলত থকা শিবিৰটো বানত ডুব যোৱাৰ বাবে কমাণ্ডোসকলক সেই ঠাইৰ পৰা উদ্ধাৰ কৰি বোকাখাতৰ আম্বেদকাৰ ভৱনত থকাৰ ব্যৱস্থা কৰি দিয়া হৈছে ।

লগতে পঢ়ক: 383 খন গাঁও আজিও পানীৰ তলত ; 32 জনলৈ‌ বৃদ্ধি মৃতকৰ সংখ্যা - Assam flood 2024

ইফালে ধনশিৰিমুখত বিপদসীমাৰ ওপৰেৰে বৈ আছে ব্ৰহ্মপুত্ৰ নদী ৷ ব্ৰহ্মপুত্ৰৰ পানী ঘণ্টাত 0.07 মিটাৰকৈ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে । দেওবাৰে উক্ত অঞ্চলত উদ্ধাৰকাৰী দলটো উপস্থিত হোৱাৰ সময়ত কেইবাটাও পহু দক্ষিণৰ ওখ ঠাইৰ সন্ধানত ঢাপলি মেলা বুলি আৰক্ষী বিষয়াগৰাকীয়ে সদৰী কৰিছে ৷ সমান্তৰালকৈ পহুকে ধৰি অন্য বন্যপ্ৰাণীৰ কোনো অপকাৰ নকৰিবলৈ ৰাইজক আহ্বান জনাইছে বিতুপন চুতীয়াই ।

লগতে পঢ়ক: বাঢ়নী পানী চাবলৈ লৈ উভতিল নাবালকৰ নিথৰদেহ - Dead Body Found

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.