ETV Bharat / state

জিলা প্ৰশাসনৰ নিৰ্দেশনাক উলংঘা; ভোগদৈৰ বুকুত উদ্ধাৰ জ্যোতি প্ৰসাদৰ মৃতদেহ - Body Of Missing man Recovered

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 10:11 AM IST

Body Recovered in Bhogdoi River : জিলা প্ৰশাসনৰ নীতি নিৰ্দেশনাক উলংঘা ৷ ভোগদৈ নৈত গা ধুবলৈ গৈ সন্ধানহীন জনতা ঘাটৰ সমীপৰ নিবাসী জ্যোতি প্ৰসাদ দাস ৷ উত্তৰ পশ্চিম যোৰহাটৰ কাতিৰাম চুকৰ ভোগদৈ নৈৰ বুকুৰ পৰা উদ্ধাৰ সমাজকল্যান বিভাগত কৰ্মৰত ব্যক্তি জ্যোতি প্ৰসাদ দাসৰ মৃতদেহ ৷

Body Recovered in Bhogdoi River
ভোগদৈৰ বুকুত উদ্ধাৰ জ্যোতি প্ৰসাদৰ মৃতদেহ (Etv Bharat)

যোৰহাট, 30 মে’ : ভোগদৈ নৈৰ পাৰত জন্ম হোৱা, সদায় ভোগদৈ নৈত স্নান কৰি সন্তুষ্টি লাভ কৰা এজন ব্যক্তিৰ বাবে কাল স্বৰূপ হৈ পৰিল নৈখন । কিয়নো ভোগদৈ নৈত গা ধুবলৈ গৈ যমৰ ঘৰ পালেগৈ এজন লোক ৷

শেহতীয়াকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত হৈ আছে ধাৰাসাৰ বৰষুণ ৷ যাৰ ফলত ফেনে-ফোটোকাৰে উফন্দি পৰিছে বিভিন্ন নৈৰ লগতে ভোগদৈ নৈ বক্ষ । এনে অৱস্থাৰ বাবে নৈত গা ধোৱা, মাছ মৰা আদি ক্ষেত্ৰত প্ৰশাসনে বাধা আৰোপ কৰিছে ৷ কিন্তু প্ৰশাসনৰ বাধাক আওকাণ কৰি বুধবাৰে পুৱা যোৰহাট নগৰৰ মাজমজিয়াত ভোগদৈ নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটে এজন লোকৰ । নিহত লোকজন জ্যোতি প্ৰসাদ দাস বুলি চিনাক্ত কৰা হৈছে ৷

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, যোৰহাট নগৰৰ মাজমজিয়াৰ ভোগদৈ নৈৰ জনতা ঘাটৰ সমীপৰ নিবাসী জ্যোতি প্ৰসাদ দাসে (50) আনদিনৰ দৰে বুধবাৰে পুৱা প্ৰায় 7 বজাত ঘৰৰ কাষেদি বৈ যোৱা ভোগদৈ নৈত স্নান কৰিবলৈ যায় । কিন্তু গা ধুই থকা অৱস্থাত তেওঁক ভোগদৈ নৈৰ তীব্ৰ সোঁতে উটুৱাই নিয়ে ।

তাৰ পাচতে স্থানীয় ৰাইজ তথা পৰিয়ালৰ লোকে এই সন্দৰ্ভত যোৰহাট আৰক্ষীক খবৰ দিয়ে ৷ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত এন ডি আৰ এফ আৰু যোৰহাট আৰক্ষী উপস্থিত হৈ ভোগদৈ নৈত অভিযান চলায় । কিন্তু প্ৰায় 4 ঘণ্টা ধৰি ভোগদৈ নৈত চলোৱা অভিযানৰ অন্তটো নিৰুদ্দেশ হোৱা জ্যোতি প্ৰসাদ দাসৰ কোনো সম্ভেদ উলিয়াব নোৱাৰিলে ।

পৰৱৰ্তী সময়ত অৰ্থাৎ ঘটনা সংঘটিত হোৱা প্ৰায় 5 ঘণ্টাৰ অন্তত ভোগদৈ নৈত নিৰুদেশ হোৱা জ্যোতি প্ৰসাদ দাসৰ মৃতদেহ উদ্ধাৰ হয় যোৰহাট নগৰৰ পৰা বহু নিলগৰ উত্তৰ পশ্চিম যোৰহাটৰ কাতিৰাম চুকৰ ভোগদৈ নৈৰ বুকুত ।

কাতিৰাম চুকৰ ৰাইজে জ্যোতি প্ৰসাদ দাসৰ নিথৰ দেহ নৈৰে উটি অহা দেখা পাই খবৰ দিয়ে আৰক্ষীক ৷ ইফালে আৰক্ষীয়েও এই খবৰ লাভ কৰি খবৰ দিয়ে পৰিয়ালৰ লোকক ৷ পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে মৃতদেহটো নিৰুদ্দিষ্ট জ্যোতি প্ৰসাদ দাসৰ বুলি নিশ্চিত কৰে ।

লগতে পঢ়ক : নিৰাপত্তাজনিত কাৰণত মহানগৰীত বুধবাৰে বন্ধ থাকিব ফেৰীসেৱা - Cyclone Remal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.