ETV Bharat / state

প্ৰিন্স অৱ ৱেলচ আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ পুখুৰীত মৃতদেহ উদ্ধাৰ - Dead Body Found

author img

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 3:46 PM IST

Prince of Wales Institute : যোৰহাটৰ প্ৰিন্স অৱ ৱেলচ ইনষ্টিটিউটৰ পুখুৰীত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য ৷ উদ্ধাৰ হোৱা মৃতদেহটো যোৰহাট নগৰৰ জে পি আৰৰ কপিল বৰা বুলি চিনাক্ত কৰা হৈছে ৷

PRINCE OF WALES INSTITUTE
প্ৰিন্স অৱ ৱেলচ ইনষ্টিটিউটৰ পুখুৰীত মৃতদেহ উদ্ধাৰ (ETV BHARAT ASSAM)

যোৰহাট, 22 জুন : শিক্ষানুষ্ঠানৰ চৌহদৰ পুখুৰীত ওলাল মৃতদেহ ৷ পুৱাই পুখুৰীত মৃতদেহ দেখি হুৱা-দুৱাৰ সৃষ্টি হয় স্থানীয় লোকৰ মাজত ৷ এই ঘটনাই এতিয়া ৰহস্যৰ সৃষ্টি কৰিছে ৷ চাঞ্চল্যকৰ এই ঘটনা সংঘটিত হৈছে যোৰহাটত ৷

আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ পুখুৰীত মৃতদেহ উদ্ধাৰ (ETV BHARAT ASSAM)

যোৰহাটৰ প্ৰিন্স অৱ ৱেলচ ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি ইনষ্টিটিউটৰ পুখুৰীত আজি পুৱা এটা মৃতদেহ উদ্ধাৰ কৰা হয় ৷ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানখনৰ পুখুৰীত এটা মৃতদেহ ওপঙি থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকৰ মাজত হুৱা-দুৱাৰ সৃষ্টি হয় ৷ লগে লগে এই ঘটনা সন্দৰ্ভত যোৰহাট সদৰ আৰক্ষী থানাত অৱগত কৰে স্থানীয় লোকে ৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ ঘটনাৰ চৰজমিন তদন্ত আৰম্ভ কৰে আৰু এচ ডি আৰ এফৰ সহযোগত আৰক্ষীয়ে পুখুৰীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে ৷ উদ্ধাৰ হোৱা মৃতদেহটো যোৰহাট নগৰৰ জে পি আৰৰ কপিল বৰা বুলি চিনাক্ত কৰা হৈছে ৷

উল্লেখ্য যে, মৃত কপিল বৰা নামৰ যুৱকজন বৃহস্পতিবাৰৰ সন্ধিয়াৰ পৰাই নিৰুদ্দেশ হৈ থকাৰ কথা জানিব পৰা গৈছে ৷ জানিব পৰা মতে মৃতদেহ উদ্ধাৰ কৰা যুৱকজন বিবাহিত ৷ ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিচতহে এই ঘটনা হত্যা নে আত্মহত্যা স্পষ্ট হ’ব ৷

আনহাতে কি কাৰণত এই ব্যক্তিজনৰ মৃতদেহটো যোৰহাটৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানখনৰ পুখুৰীত উদ্ধাৰ হ'ল তাকে লৈ সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এই ঘটনাই এতিয়া উচ্চ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানখনৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত তীব্ৰ আলোড়ন সৃষ্টি কৰাৰ লগতে তেওঁলোকক শংকিত কৰি তুলিছে ৷

লগতে পঢ়ক : বায়েকক বিদ্যালয়লৈ আগবঢ়াবলৈ গৈ নশ্বৰ দেহ ওভতিল 7 বছৰীয়া কাইছৰ - Boat Accident In Barpeta

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.