ETV Bharat / state

আজি হ’ব বটলিফ ফেক্টৰীৰ কৰ্তৃপক্ষ-ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত আলোচনা - Protest Of Small Tea Planters

author img

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 12:39 PM IST

Updated : Apr 1, 2024, 2:49 PM IST

Protest Of Small Tea Planters: সোমবাৰে বটলিফ ফেক্টৰীৰ কৰ্তৃপক্ষ আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকল উপস্থিতিত অনুষ্ঠিত হ’ব সভা ৷ ক্ষুদ্ৰ চাহ খেতিয়কসকলক শংকিত নহ'বলৈ আহ্বান উদ্যোগ মন্ত্ৰী বিমল বৰাৰ ৷

boatlift factory authorities and small tea farmers will hold talks on 1 st april
আজি হ’ব বটলিফ্ট ফেক্টৰীৰ কৰ্তৃপক্ষ আৰু ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত আলোচনা
আজি হ’ব বটলিফ ফেক্টৰীৰ কৰ্তৃপক্ষ আৰু ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত আলোচনা

মৰাণ, 1 এপ্ৰিল: ক্ষুদ্ৰ চাহ খেতিয়কসকলক শংকিত নহ'বলৈ আহ্বান উদ্যোগ মন্ত্ৰী বিমল বৰাৰ ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম চৰকাৰৰ উদ্যোগ বিভাগৰ সচিবৰ উপস্থিতিত সোমবাৰে আলোচনা অনুষ্ঠিত হ’ব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, কেঁচা চাহপাতৰ নিম্নগামী মূল্যই জুৰুলা কৰা সময়ত ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত পহিলা এপ্ৰিলৰ পৰা কলঘৰত নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ যি সিদ্ধান্তই হাহাকাৰ লগাইছে ৰাজ্যৰ হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কক । কেঁচা চাহপাতৰ কলঘৰসমূহে পহিলা এপ্ৰিলৰ পৰা কেঁচা চাহ পাত নোলোৱাৰ সিদ্ধান্ত সন্দৰ্ভত উদ্যোগ মন্ত্ৰী বিমল বৰাই দেওবাৰে প্ৰতিক্ৰিয়া আগবঢ়ায় ।

ক্ষুদ্ৰ চাহ খেতিয়কসকলক এইক্ষেত্ৰত অলপো শংকিত নহ'বলৈ আহ্বান জনায় উদ্যোগ মন্ত্ৰী বিমল বৰাই । অসমৰ চাহ উদ্যোগটোৰ কেতিয়াও ক্ষতি হ'ব নিদিওঁ বুলি জনায় মন্ত্ৰীগৰাকীয়ে । এই সন্দৰ্ভত বিমল বৰাই কয় "এই বিষয়টো লৈ মুখ্যমন্ত্ৰীৰ সৈতে ইতিমধ্যে আলোচনা কৰা হৈছে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্য সচিব ৰবি কোটাক নিৰ্দেশনা প্ৰদান কৰিছে আৰু মুখ্য সচিবগৰাকীয়ে ইতিমধ্যে এই সন্দৰ্ভত ভাৰত চৰকাৰৰ সংশ্লিষ্ট বিভাগলৈ পত্ৰ প্ৰেৰণ কৰিছে ।

আনহাতে, সোমবাৰে এই বিষয়ত উদ্যোগ মন্ত্ৰীগৰাকীয়ে এখন আলোচনা সভা আহ্বান কৰিছে । য'ত অসম চৰকাৰৰ উদ্যোগ বিভাগৰ সচিব ড০ এছ লক্ষ্মণনৰ লগতে বটলিফ ফেক্টৰীৰ কৰ্তৃপক্ষ আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকল উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ।

উল্লেখযোগ্য যে, কলঘৰত কেঁচা চাহপাতত ৰাসায়নিক পদাৰ্থৰ সংমিশ্ৰণৰ গইনা লৈ কলঘৰে 1 এপ্ৰিলৰ পৰা কেঁচা চাহপাত লোৱা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । LAB TESTING REPORT ৰ গইনা লৈ বটলিফ ফেক্টৰীয়ে নিজৰ স্বাৰ্থ পূৰণৰ বাবে এনে সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগ তুলিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে ।

লগতে পঢ়ক: ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত পহিলা এপ্ৰিলৰ পৰা কলঘৰত নোলোৱাৰ সিদ্ধান্তৰ বিৰোধিতা - protest of small tea planters

Last Updated : Apr 1, 2024, 2:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.