ETV Bharat / state

সাজু হ'বৰ হ'ল আৰক্ষীৰ লোক : ১৬ আগষ্টৰ পৰা পুনৰ বি এম আই টেষ্টিং - Assam Police

author img

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 10:40 PM IST

Updated : Aug 11, 2024, 10:55 PM IST

BMI assessment of Assam police : বিগত বৰ্ষৰ দৰে ১৬ আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব বি এম আই টেষ্ট । সদৰী কৰিলে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে । বি এম আই মূল্যায়ন ১৬ আগষ্টত গুৱাহাটীৰ চতুৰ্থ আৰু দশম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ'ব । ৰাজ্যৰ আন জিলাসমূহত ১৭ আগষ্টৰ পৰা তিনিটা পৰ্যায়ত হ'ব বি এম আই টেষ্ট ।

BMI assessment of Assam police
১৬ আগষ্টৰ পুনৰ বি এম আই টেষ্টিং (ETV Bharat Assam)

গুৱাহাটী, ১১ আগষ্ট : পুনৰ পৰীক্ষাৰ বাবে সাজু হ’বৰ হ’ল অসম আৰক্ষীৰ বিষয়া-জোৱানসকল । আকৌ এবাৰ সন্মুখীন হ’ব বডী মাছ ইনডেস্ক চমুকৈ বি এম আই টেষ্টিঙৰ । অসম আৰক্ষীক প্ৰকৃতাৰ্থত ফিট ৰখাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে বিগত বৰ্ষত আৰম্ভ হৈছিল বডী মাছ ইনডেস্ক চমুকৈ বি এম আই টেষ্টিং ।

অসম আৰক্ষীৰ প্ৰতিগৰাকী বিষয়া-জোৱানক শাৰীৰিকভাৱে সক্ষম কৰি ৰাখিবৰ বাবে বিগত বৰ্ষৰ ১৬ আগষ্টৰ পৰা আৰম্ভ কৰা বি এম আই টেষ্ট এইবাৰো হ’ব । এই কথা সদৰী কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে । সামাজিক মাধ্যমযোগে ডিজিপি জি পি সিঙে প্ৰকাশ কৰে যে অসম আৰক্ষীৰ বাৰ্ষিক বি এম আই মূল্যায়ন অহা ১৬ আগষ্টত গুৱাহাটীৰ চতুৰ্থ আৰু দশম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব ।

আনহাতে ৰাজ্যৰ আন জিলাসমূহত ১৭ আগষ্টৰ পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব বুলি ডিজিপি জি পি সিঙে জানিবলৈ দিয়ে । উল্লেখ্য যে তিনি মাহ পূৰ্বেই ডিজিপিয়ে বি এম আই টেষ্টিঙৰ কথা সদৰী কৰি আৰক্ষীৰ বিষয়া-জোৱানসকলক সাজু হোৱাৰ বাবে আহ্বান জনাইছিল । অসম আৰক্ষীক প্ৰকৃতাৰ্থত ফিট ৰখাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ অংশ হিচাপে ২০২৩ বৰ্ষৰ ১৬ আগষ্টৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছিল বডী মাছ ইনডেস্ক চমুকৈ বি এম আই টেষ্টিং ।

মেদবহুলতাৰ বাবে অভাৰৱেট হৈ পৰা আৰক্ষীৰ লোকসকলক নিজকে ফিট কৰাৰ বাবে প্ৰথমে সময়সীমা দিয়া হৈছিল । এইবাৰো তিনিমাহ পূৰ্বে জনাই দিছিল আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে । বিগত বৰ্ষত দিয়া সময়সীমাৰ অন্ত পৰাৰ পিচত আৰম্ভ হৈছিল বি এম আই পৰীক্ষা । ৰাজ্যৰ ৩৫টা স্থানত অসম আৰক্ষীৰ বাবে চলা এই পৰীক্ষাৰ প্ৰথম পৰ্যায়ৰ ৩১ আগষ্টত সমাপ্ত হৈছে ।

বিগত বৰ্ষৰ ১৬ আগষ্টত গুৱাহাটীৰ কাহিলিপাৰাস্থ চতুৰ্থ অসম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে নিজে বি এম আই পৰীক্ষাৰ সন্মূখীন হৈ এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিছিল । বিগত বৰ্ষত অসম আৰক্ষীৰ বিভিন্ন পৰ্যায়ৰ ৭০,১৬১ গৰাকী সদস্যৰ বি এম আই পৰীক্ষা সম্পন্ন কৰা হৈছিল । ইয়াৰ ভিতৰত ১৭৪৮ গৰাকী সদস্য মেদবহুল হিচাপে ধৰা পৰিছিল । অৰ্থাৎ ৩০ প্লাছ বি এম আইৰ আৰক্ষীৰ সংখ্যা আছিল ১৭৪৮ গৰাকী । পৰীক্ষা কৰা আৰক্ষীৰ লোকসকলৰ ভিতৰত ২.৪৭ শতাংশৰ মাজত মেদবহুলতাৰ সমস্যা আছিল । মেদবহুলতাৰ সমস্যা থকাসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল ।

উল্লেখ্য যে অসম চৰকাৰ আৰু অসম আৰক্ষীয়ে অসম আৰক্ষীত এজনো মেদবহুল বিষয়া-জোৱান থকাটো বিচৰা নাই । যাৰ বাবে এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । উল্লেখ্য যে বি এম আই পৰীক্ষা উচ্চতা, ওজন আৰু বয়সৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হয় । এই পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বে আৰক্ষীৰ লোকসকলক তিনিমাহৰ সময় দিয়া হৈছিল আৰু সেই সময়সীমাৰ পিচত বি এম আই পৰীক্ষা আৰম্ভ কৰা হৈছিল । ইয়াৰ বাবে অসম আৰক্ষীৰ এটা ডাটাবেছ বনোৱা হৈছিল । যাতে অসম আৰক্ষীৰ লোকসকলৰ তথ্য মজুত থাকে ।

উল্লেখ্য যে বিগত বৰ্ষতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে জনাইছিল যে এই বছৰৰ পৰা বি এম আইৰ লগত ব্লাড প্ৰেছাৰ আৰু ব্লাড ছুগাৰ টেষ্ট কৰাৰ ব্যৱস্থা কৰা হ’ব । ইয়াৰ পৰৱৰ্তী সময়ত চিটি স্কেন, এক্সৰে আৰু আল্ট্ৰাছাউণ্ড কৰাৰ ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব অসম আৰক্ষীয়ে ৷ উল্লেখ্য যে বিগত বৰ্ষত বি এম আই পৰীক্ষাত সকলো আই পি এছ বিষয়া, এ পি এছ বিষয়াকে ধৰি অসম আৰক্ষীৰ অন্যান্য বিষয়াৰ পৰা জোৱানলৈ সকলো অৱতীৰ্ণ হৈছিল । এইবাৰো সকলো এই পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব । মাজত মাত্ৰ চাৰিদিন আছে ।

লগতে পঢ়ক : অসম-অৰুণাচল সীমান্তত বাহৰ পাতিছে আলফা(স্বা)ৰ দলে : জনালে জি পি সিঙে

পৰীক্ষাৰ ফলাফল ওলাল; ১৭৪৮ গৰাকী আৰক্ষী অনুত্তীৰ্ণ

Last Updated : Aug 11, 2024, 10:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.