গুৱাহাটী : ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফলৰ পিছতে পুনৰ অধিক আত্মবিশ্বাসেৰে আগবাঢ়িছে ৰাজ্যিক বিজেপি । ইফালে ৭ বছৰৰ অন্তত ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন । তাৰ পূৰ্বে যেন দলৰ সাংগঠনিক দিশ আৰু অধিক শক্তিশালী কৰা লক্ষ্য হাতত লৈছে ৰাজ্যিক বিজেপিযে । ইতিমধ্যে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে বুথ, মণ্ডল পৰ্যায়ত কাম অব্যাহত আছে । সমান্তৰালকৈ অহা ডিচেম্বৰ মাহতে জিলা সভাপতিৰ বাছনি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব ।
সেয়েহে এই সন্দৰ্ভত শনিবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত সংগঠন পৰ্বৰ এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয় । য'ত অংশগ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্ৰী পীযুষ হাজৰীকা, ৰঞ্জিত কুমাৰ দাস, নন্দিতা গাৰ্লোচা, অশোক সিংহল, বিধায়ক প্ৰশান্ত ফুকন, ৰূপজ্যোতি কুৰ্মীকে ধৰি কেইবাগৰাকীও নেতা-কৰ্মীৰ লগতে দলীয় কৰ্মকৰ্তা ।
সভাৰ অন্তত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয়,"অহা ৫ ডিচেম্বৰলৈ ৰাজ্যৰ বুথসমূহ গঠন কৰা হ'ব । ৬ ডিচেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ গঠন হ'ব মণ্ডল সমিতি । ১৬ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ জিলা সমিতি গঠন কৰা হ'ব । যাৰ বাবে কেইবাটাও বিষয়ত আলোচনা কৰা হয় । দুটাতকৈ অধিক নাম পঠিয়াব নোৱাৰিব জিলা নাইবা মণ্ডল পৰ্যায়ৰ সভাপতি পদৰ বাবে । ডিচেম্বৰৰ শেষত নহ'লে জানুৱাৰীৰ প্ৰথম ভাগত আন এখন ৰাজ্যিক পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব ।
বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰিব জিলা-মণ্ডল সভাপতি
আনহাতে জিলা আৰু মণ্ডল সভাপতিসকলে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব নালাগে বুলি শেহতীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছিল । সেই কথাও এই বৈঠকত আলোচনা কৰা হয় । এই সন্দৰ্ভত সভাপতিগৰাকীয়ে কয়,"জিলা আৰু মণ্ডল সভাপতিৰ দায়িত্বত থকা লোকে ২০২৬ৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব বিচাৰিব নোৱাৰিব । কিয়নো যদিহে জিলা সভাপতি এগৰাকীয়ে এটা সমষ্টিত নিৰ্বাচন খেলিব যায় তেতিয়াহ'লে জিলাখনত আন সমষ্টিৰ সাংগঠনিক কাম কাজ দুৰ্বল হৈ যায় । সেয়েহে তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হ'ব নালাগে ।
কোনে চলাইছে বিজেপিত যোগদানৰ প্ৰস্তুতি ?
আনহাতে বিজেপিত যোগদান প্ৰসংগত তেওঁ কয়, "উপ-নিৰ্বাচনৰ পিছত কেৱল বিপিএফৰে নহয় কংগ্ৰেছৰো কেইবাগৰাকী নেতাই আমাৰ লগত যোগাযোগ ৰাখিছে । কেইবাটাও ছাত্ৰ সংগঠনৰ নেতাই আমাৰ দলত যোগদান কৰিবলৈ যোগাযোগ কৰিছে ।
পঞ্চায়ত নিৰ্বাচনৰ মিত্ৰতা
ইফালে পঞ্চায়ত নিৰ্বাচনৰ মিত্ৰতা প্ৰসংগত তেওঁ কয়, "পঞ্চায়ত নিৰ্বাচনত সকলোৱে অকলে খেলিব, কিন্তু বুজাবুজি থাকিব বন্ধুত্ব থাকি যাব । যিহেতু ২৫ খন জিলাত পঞ্চায়ত নিৰ্বাচন হ'ব, সেয়েহে সমষ্টি ভিত্তিত বুজাবুজিৰ মাজত চলিব ।"
লগতে পঢ়ক :২০২৬ত সংখ্যালঘু সমষ্টিক লৈ কি ব্লুপ্ৰিণ্ট ৰচিছে বিজেপিয়ে ?