হাফলং, 16 ছেপ্টেম্বৰ : ডিমা-হাছাও জিলা বিজেপিৰ আভ্যন্তৰীণ কাজিয়াই এতিয়া বিজেপি দলক বিপাকত পেলাইছে । ডিমা-হাছাও জিলাত এতিয়া কেইবাটাও শিবিৰত বিভক্ত হৈ পৰিছে বিজেপি দল । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছা, ৰাজ্যিক মন্ত্ৰী নন্দিতা গাৰ্লোছা আৰু পাৰ্বত্য পৰিষদৰ কাৰ্যবাহী সদস্য নিৰঞ্জন হোজাইৰ মাজত চলা কাজিয়াই বৰ্তমান চৰম ৰূপ ধাৰণ কৰিছে ।
মঙলবাৰে হাফলঙত এগৰাকী বিজেপি কৰ্মীয়ে সংবাদমেল সম্বোধন কৰি এই অভিযোগ উত্থাপন কৰে । জয়দেশ ফংলো নামৰ বিজেপি কাৰ্যকৰ্তাগৰাকীৰ অভিযোগ, "ডিমা-হাছাও বিজেপি কেইবাটা শিবিৰত বিভক্ত হৈছে । ছিনিয়ৰ বিজেপি, ডিষ্ট্ৰিক্ট বিজেপি আৰু আন আন নামত খোলা হৈছে ৱাটছএপ গ্ৰুপ ।"
তেওঁ লগতে কয়, "মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছা আৰু মন্ত্ৰী নন্দিতাৰ মাজত দুটা ফৈদৰ উপৰি এইবাৰ পৰিষদত দেৱলাল বনাম কাৰ্যবাহী সদস্য নিৰঞ্জন হোজাইৰ মাজত কাজিয়া ।"
প্ৰকৃততে ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ দিন কাষ চাপি অহাৰ লগে লগে ডিমা-হাছাও জিলাত বিজেপিৰ অভ্যন্তৰত পুনৰ আৰম্ভ হৈছে লবীকেন্দ্ৰিক ৰাজনীতি । ইতিমধ্যে পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ চি ই এম দেৱলাল গার্লোছা আৰু মন্ত্ৰী নন্দিতা গৰ্লোছাৰ মাজত কাজিয়াই তীব্ৰ ৰূপ ধাৰণ কৰাৰ উপৰি পৰিষদীয় ৰাজনীতিত নতুনকৈ দেৱলাল গার্লোছা আৰু একালৰ সতীৰ্থ নিৰঞ্জন হোজাইৰ মাজত কাজিয়াই চৰমত উঠিছে ।
চলিত বছৰৰ জানুৱাৰী মাহত অনুষ্ঠিত পৰিষদৰ নিৰ্বাচনৰ সময়ছোৱাৰ পৰা দেৱলাল গাৰ্লোছা আৰু নিৰঞ্জন হোজাইৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় ।
উল্লেখ্য যে নিৰঞ্জন হোজাইৰ নেতৃত্বত যোৱা ১৮ আগষ্টত সাতজনীয়া এক প্ৰতিনিধি দলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে । প্ৰতিনিধি দলটোত আছিল ই এম নিৰঞ্জন হোজাই, ই এম বিশ্বজিত দাউলাগুফু, ই এম অমেন্দু হোজাই, ই এম দেৱজিত বাঠাৰি, পৰিষদৰ সদস্য ৰতন জাৰাম্বুছা, পৰিষদৰ সদস্য নাম্ৰোথাং মাৰ আৰু ডিমা-হাছাও জিলা বিজেপিৰ সভাপতি গলঞ্জ থাউচেন ।