ETV Bharat / state

প্ৰদান বৰুৱাৰ হৈ বিজেপিৰ দুই মহাৰথীয়ে একেদিনাই চলাব প্ৰচাৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 7:33 PM IST

Lok Sabha Election 2024: উজনি অসমৰ নিৰ্বাচনী প্ৰচাৰ অতি আকৰ্ষণীয় হৈ পৰিছে । লখিমপুৰ লোকসভা সমষ্টিত ইজনৰ পিচত সিজন কেন্দ্ৰীয় তথা হেভিৱেট নেতাৰ আগমন হৈছে । শুকুৰবাৰে সমষ্টিটোত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰচাৰ চলাব ।

Lok Sabha Election 2024
প্ৰদান বৰুৱাৰ হৈ বিজেপিৰ দুই মহাৰথীয়ে একেদিনাই চলাব প্ৰচাৰ

লখিমপুৰ, ১১ এপ্রিল : যিকোনো পৰিস্থিতিত লখিমপুৰ লোকসভা সমষ্টি বিজেপিক লাগিব ! এফালে প্ৰচাৰত নামিব অসমৰ মুখ্যমন্ত্রী আনফালে কেন্দ্রীয় মন্ত্রী । হেভিৱেট নেতাৰ ৰণহুংকাৰ । ১২ এপ্ৰিল অৰ্থাৎ শুকুৰবাৰে লখিমপুৰত পুনৰ ৰণহুংকাৰ দিব বিজেপিৰ দুই হেভিৱেট নেতাই । এফালে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু আনফালে কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে বজাব ৰণশিঙা ।

জানিব পৰা মতে বিয়লি মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই নাওবৈচা আৰু নৱগঠিত ৰঙানদী সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব । উল্লেখ্য যে কংগ্রেছৰ দখলত আছে নাওবৈচা বিধানসভা সমষ্টি । এই নাওবৈচা সমষ্টিৰ সৰহভাগ সংযোজন কৰি নতুনকৈ গঠন কৰা হ'ল ৰঙানদী সমষ্টি । যাৰ বাবে দুয়োটা সমষ্টিতে কংগ্রেছৰ কিছু প্ৰভাৱ বিৰাজমান । সেয়েহে মুখ্যমন্ত্রীয়ে এই দুয়োটা সমষ্টি লক্ষ্য কৰি লৈছে ।

সমষ্টি দুটাত কংগ্রেছ প্ৰভাৱ ওফৰাই দিবলৈ মুখ্যমন্ত্রীয়ে নিজে ৰণক্ষেত্রত নামিব । এই দুটা সমষ্টিত মুখ্যমন্ত্রীয়ে ৰণহুংকাৰ দিয়াৰ বিপৰীতে লখিমপুৰ আৰু ঢকুৱাখনা সমষ্টিৰ সীমামূৰীয়া বগীনদীত একেদিনাই নিৰ্বাচনী প্ৰচাৰ চলাব কেন্দ্রীয় মন্ত্রী তথা ডিব্রুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে । তেওঁ সেইদিনা ডিব্রুগড়ৰ পৰা বিশেষ হেলিকপ্টাৰযোগে পুৱা প্ৰায় ৯.৩০ মান বজাত বগীনদী হাইস্কুলৰ খেলপথাৰত আয়োজন কৰা নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কৰিব ।

সেই সভাৰ পিচতে তেওঁ মাজুলীৰ দুখন সভাত অংশগ্রহণ কৰাৰ কথা আছে । তাৰ পৰা তেওঁ ধেমাজিতো আন এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কৰি তিনিচুকীয়ালৈ উভতি যাব বুলি জানিব পৰা গৈছে । সেই দিনটোত লখিমপুৰত এফালে মুখ্যমন্ত্রী আৰু আনফালে কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী ৰণশিঙা বজাব । লক্ষ্যণীয়ভাৱে সৰ্বানন্দ সোণোৱাল নিজে প্ৰাৰ্থী হৈও লখিমপুৰ আৰু যোৰহাট সমষ্টিৰ দলীয় প্রার্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ।

উল্লেখ্য যে বিগত সময়ত সৰ্বানন্দ সোণোৱালে লখিমপুৰ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছে । পৰৱৰ্তী সময়ত তেওঁ মাজুলী বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি মুখ্যমন্ত্রীৰ আসনত বহিছিল । সেই সময়ত মাজুলী বিধানসভা সমষ্টি লখিমপুৰ লোকসভা সমষ্টিৰ অন্তর্ভুক্ত হৈ আছিল । মাজুলীৰ লগতে লখিমপুৰ লোকসভা সমষ্টিৰ আন সমষ্টিসমূহত সৰ্বানন্দ সোণোৱালৰ প্ৰভাৱ আছিল ।

সেয়ে এইবাৰ সৰ্বানন্দ সোণোৱাল ডিব্রুগড় সমষ্টিৰ প্ৰাৰ্থী হ'লেও লখিমপুৰ লোকসভা সমষ্টি বা যোৰহাট লোকসভা সমষ্টিৰ একাংশত প্ৰচাৰ চলাবলৈ দলে তেওঁক দায়িত্ব দিছে । মাজুলী বা লখিমপুৰত যিহেতু সৰ্বানন্দ সোণোৱালে নিৰ্বাচন খেলাৰ পূৰ্ণ অভিজ্ঞতা আছে সেয়ে দলে সৰ্বানন্দ সোণোৱালক নিৰ্বাচনী প্ৰচাৰত অংশীদাৰ কৰিছে । উল্লেখ্য যে লখিমপুৰ লোকসভা সমষ্টিত ইতিমধ্যে মন্ত্রী ডা: ৰণোজ পেগু, জয়ন্ত মল্লবৰুৱা, মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে ।

ইয়াৰোপৰি লোকসভা সমষ্টিটোৰ অন্তৰ্গত ৫ টাকৈ বিধানসভা সমষ্টিত থকা দলীয় বিধায়ক কেইজনেও দিনে-নিশাই নিৰ্বাচনী প্ৰচাৰ চলাই আছে । এদিন পূৰ্বে কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহেও বিশাল জনসভাত নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে । ইয়াৰ পিচতে সমষ্টিটোত মুখ্যমন্ত্রী আৰু সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী প্ৰচাৰৰ লক্ষ্য লৈছে । শাসকীয় দলৰ এনে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰৰ ধুমুহাই সমষ্টিটো দখল কৰিবলৈ সৰ্বশক্তি প্ৰয়োগ কৰাটো স্পষ্ট হৈ পৰিছে ।

লগতে পঢ়ক :কলিয়াবৰত কংগ্ৰেছৰ বেলি মাৰ গ’ল: কলিতা-মহন্তই এজাউৰি দিলে কংগ্ৰেছক - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.