ETV Bharat / state

নগাঁও আৰু মৰিগাঁও জিলাত বিষ্ণু ৰাভা দিৱস উদযাপন - Bishnu Rabha Divas - BISHNU RABHA DIVAS

Bishnu Rabha Divas 2024 : নগাঁও আৰু মৰিগাঁও জিলাত বিষ্ণু ৰাভা দিৱস উদযাপন । চৰকাৰী পৃষ্ঠপোষকতাত জিলা দুখনত আয়োজন কৰা হয় বিষ্ণু ৰাভা দিৱসৰ ৷ চৰকাৰী বিষয়া-কৰ্মচাৰীসকলে বিপ্লৱী শিল্পীগৰাকীৰ জীৱন-কৃতি স্মৰণ কৰে ৷

Bishnu Rabha Divas 2024 celebrated in nagaon and morigaon
নগাঁও আৰু মৰিগাঁও জিলাত বিষ্ণু ৰাভা দিৱস উদযাপন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 8:43 AM IST

মৰিগাঁও/নগাঁও, 21 জুন : বৃহস্পতিবাৰে ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে মৰিগাঁও জিলাতো উদযাপন কৰা হয় বিষ্ণু ৰাভা দিৱস । সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত মৰিগাঁৱৰ পবিতৰা হাট প্ৰেক্ষাগৃহত এটি অনুষ্ঠিত কৰা হয় বিষ্ণু ৰাভা দিৱসৰ ।

Bishnu Rabha Divas 2024 celebrated in nagaon and morigaon
মৰিগাঁৱত বিষ্ণু ৰাভা দিৱস উদযাপন (ETV Bharat Assam)

অনুষ্ঠানত অংশগ্ৰহণ কৰে ভীমবৰ দেউৰী বঁটাৰে সন্মানিত বিশিষ্ট সাহিত্যিক, নিৱন্ধকাৰ মিলেশ্বৰ পাটৰে ৷ ভাষণ প্ৰসংগত পাটৰে কয়, "সকলো জাতি-জনগোষ্ঠীৰ সমবিকাশেৰে এক জাতি মহান জাতি গঠনৰ বাবে বিষ্ণু ৰাভাই অহোপুৰুষাৰ্থ কৰিছিল । খাটি খোৱা মানুহৰ মুক্তি আৰু বৃহত্তৰ অসমীয়া সমাজ গঠনৰ বাবে তেওঁ নিৰৱচ্ছিন্নভাৱে কাম কৰিছিল । কেৱল জাকজমকতাৰে বিষ্ণু ৰাভা দিৱস পালন কৰিলেই নহ'ব, তেখেতৰ আদর্শক সৰোগত কৰি আমাৰ সমাজখন আগবাঢ়িলেহে বিষ্ণু ৰাভা দিৱস উদযাপন সফল হ'ব ৷"

অনুষ্ঠানত মৰিগাঁও জিলা সাংবাদিক সন্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন পৰিক্ৰমা সন্দৰ্ভত বক্তব্য আগবঢ়ায় । বিষ্ণু প্ৰসাদ ৰাভাই অসমত থকা সকলো জাতি-জনগোষ্ঠীৰ সমবিকাশৰ ওপৰত সদায় গুৰুত্ব আৰোপ কৰিছিল বুলি শৰ্মাই উল্লেখ কৰে ।

অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত পল্লৱী কছাৰী, মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস আৰু অসম উন্নতি সভাৰ সম্পাদক অতনু শৰ্মাই ভাষণ প্ৰদান কৰি ৰাভাৰ আদৰ্শৰে আগবাঢ়িবলৈ সকলোকে আহ্বান জনায় ।

অনুষ্ঠানৰ আৰম্ভণিতে অতিৰিক্ত জিলা আয়ুক্ত ড৹ সংগীতা বৰঠাকুৰ আৰু বিশিষ্ট ব্যক্তিসকলে বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি তৰ্পণ কৰে । সভাত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ জিলা আৰু ৰাজ্যিক পৰ্যায়ত সুনাম অৰ্জন কৰা তিনিগৰাকী কণ্ঠশিল্পী ক্ৰমে শিল্পী বৰদলৈ, চায়াৰাণী মেলাং আৰু শিল্পী মছৰঙে বিষ্ণু প্ৰসাদ ৰাভাৰ গীত পৰিৱেশন কৰে ।

লগতে, জিলাখনৰ জীৱন জেউতি কৃষক সংঘ, মৰিগাঁও গছবাৰী মুখা কেন্দ্ৰ, মৰিগাঁও জাতীয় বিদ্যালয়তো অনুষ্ঠিত হয় বিষ্ণু প্ৰসাদ ৰাভা দিৱসৰ ।

নগাঁৱত বিষ্ণু প্ৰসাদ ৰাভা দিৱস

সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো উদযাপন কৰা হয় বিষ্ণু প্ৰসাদ ৰাভা দিৱসৰ । অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত বৃহস্পতিবাৰে নগাঁও জিলা পৰিষদ কাৰ্য্যালয়ৰ সভাকক্ষত উদযাপন কৰে বিষ্ণু ৰাভা দিৱসটিৰ । জাতীয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত পোনপ্ৰথমেই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন ও মাল্যাৰ্পণ কৰা হয় ।

নগাঁৱত বিষ্ণু ৰাভা দিৱস উদযাপন (ETV Bharat Assam)

সভাত ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে প্ৰথমেই বিষ্ণুপ্ৰসাদ ৰাভাৰ অসমৰ সাংস্কৃতিক আৰু সামাজিক জীৱনলৈ আগবঢ়াই থৈ যোৱা অৱদানৰ বিষয়ে উল্লেখ কৰে । এই অনুষ্ঠানটিত অসম সাংস্কৃতিক মহাসংগ্ৰামত জিলা পৰ্যায়ত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ৰাজ্যিক পৰ্যায়ত স্থান লাভ কৰা জিলাখনৰ 4 গৰাকী প্ৰতিযোগীক জিলা প্ৰশাসনৰ তৰফৰ পৰা এখনি ফুলাম গামোচা আৰু এটি উপহাৰৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয় । এই প্ৰতিযোগীসকলে অনুষ্ঠানটিত ৰাভা গীত পৰিৱেশন কৰে ।

অসম সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰতিযোগীক সম্বৰ্ধনা (ETV Bharat Assam)

ৰাষ্ট্ৰীয় সংগীতেৰে সামৰণি মৰা এই ৰাভা দিৱসৰ অনুষ্ঠানটিত জিলাখনৰ অতিৰিক্ত আয়ুক্তসকল, নিৰ্বাচনী বিষয়া এম পি নাথ, সহকাৰী আয়ুক্তসকল, খণ্ড উন্নয়ন বিষয়াসকল, জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকলকে প্ৰমুখ্য কৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: গুৱাহাটীত নিৰ্মাণ হ’ব জ্যোতি-বিষ্ণু সাংস্কৃতিক প্ৰকল্প : কলাগুৰুৰ সমাধিক্ষেত্ৰলৈ ১ কোটি টকা ঘোষণা - Bishnu Rabha Divas

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.