ETV Bharat / state

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাল বিশাল-চুমী-তাৰ্কিক, পিছে নতুন ঠিকনা কি হ’ব? - ONLINE TRADING SCAM

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী বিশাল ফুকন, চুমী বৰা, তাৰ্কিক বৰাক নিজৰ জিম্মাত ল'লে CBIএ । ডিব্ৰুগড় কাৰাগাৰৰ পৰা গুৱাহাটীলৈ লৈ যোৱাৰ সম্ভাৱনা আটাইকেইজনক ।

Online trading scam Bishal Sumi Tarkik in CBI custody
চিবিআইৰ বিশেষ আদালতত হাজিৰ কৰোৱা হ’ব বিশাল, চুমী, তাৰ্কিকক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 25, 2024, 12:42 PM IST

ডিব্ৰুগড়: অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ ইতিমধ্যে অসম আৰক্ষীৰ পৰা লৈ ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছে চিবিআইয়ে । ডিব্ৰুগড় সদৰ থানাত ৰুজু হৈ থকা অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ দুটাকৈ গোচৰত তদন্ত ক্ষীপ্ৰতাৰে আগবঢ়াইছে চিবিআইয়ে । যোৱা 18 আক্টোৱৰৰ পৰাই ডিব্ৰুগড়ত বাহৰ পাতি তদন্ত আৰম্ভ কৰিছিল চিবিআইৰ দলে ।

ডিব্ৰুগড় সদৰ থানাত ৰুজু হোৱা বিশাল ফুকন আৰু ৰঞ্জিত কাকতিক ট্ৰেডিং সম্পৰ্কীয় দুই গোচৰৰ তদন্তৰ বাবে চিবিআইয়ে ডিব্ৰুগড়ৰ বিশেষ আদালতত আবেদন কৰা পাছতে তদন্তৰ বাবে অনুমতি লাভ কৰে চিবিআইয়ে ।

চিবিআইৰ বিশেষ আদালতত হাজিৰ কৰোৱা হ’ব বিশাল, চুমী, তাৰ্কিকক (ETV Bharat Assam)

ইয়াৰ পাছতে শুকুৰবাৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী বিশাল ফুকন, চুমী বৰা, তাৰ্কিক বৰাক নিজৰ জিম্মাত ল'লে CBI ৰ দলে । ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা সকলো যাৱতীয় কাম সম্পূৰ্ণ কৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী, বিশাল ফুকন, চুমী আৰু তাৰ্কিক বৰাক CBI ৰ দলে তদন্তৰ বাবে উলিয়াই আনে ।

এখন ট্ৰেভেলাৰত কনভয়ৰে তেওঁলোকক স্থানান্তৰ কৰা হৈছে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা । ক'লৈ লৈ যোৱা হৈছে চুমী-বিশাল-তাৰ্কিকক সেয়া স্পষ্ট নহয় যদিও আটাইকে গুৱাহাটীলৈ নিয়াৰ সম্ভাৱনা আছে বুলি কাৰাগাৰৰ ভিতৰৰ এক সুত্ৰৰ পৰা জানিব পৰা গৈছে । ধাৰণা কৰা হৈছে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ নি 30 অক্টোবৰত চিবিআইৰ বিশেষ আদালতত হাজিৰ কৰিব বিশাল, চুমী, তাৰ্কিকক ।

উল্লেখযোগ্য যে, যোৱা ২ ছেপ্টেম্বৰ তাৰিখে ডিব্ৰুগড়ৰ প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ নিবাসী বিশাল ফুকনক ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছিল । ডিব্ৰুগড় সদৰ থানাত 352/24 গোচৰ পঞ্জীয়ন কৰি BNS Section 316 and 318 আৰু Banning of unregulated deposit scheme Actৰ Section 21/23 ৰ অধীনত বিশাল ফুকনক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল । ইয়াৰ পিচতে বিশাল ফুকনৰ সহযোগী হিচাপে বিবেচিত অভিনেত্ৰী চুমী বৰা, তেওঁৰ ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক আৰু অম্লান বৰাক কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় ।

পিছে আজি চিবিআইয়ে অম্লান বৰাক ডিব্ৰুগড় কাৰাগাৰৰ পৰা নিজৰ জিম্মাত লোৱা নাই বুলি জানিব পৰা গৈছে । লগতে ডিব্ৰুগড়ত বাহৰ পাতি থকা চিবিআইয়ে Trading FX নামৰ কোম্পানীটোৰ মূল মাষ্টাৰমাইণ্ড ৰঞ্জিত কাকতি নামৰ আন এজন প্ৰৱঞ্চকক তদন্ত কৰিছিল যদিও তেওঁক আজিৰ দিনটোত চিবিআইয়ে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা নিজৰ জিম্মাত ল'ব নে নাই সেয়া জানিব পৰা হোৱা নাই ৷ অৱশ্যে ৰঞ্জিত কাকতিক জিম্মাত ল'বলৈ ডিব্ৰুগড়ৰ বিশেষ আদালত পৰা অনুমতি লাভ কৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: চুমী, বিশাল, তাৰ্কিক, ৰঞ্জিতহঁতক জেৰা চলাবলৈ সাজু চিবিআই

অনলাইন ট্ৰেডিঙৰ বিয়াগোম কেলেংকাৰীৰ ৪১টা গোচৰৰ তদন্তৰ ভাৰ চি বি আইক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.