ETV Bharat / state

লক্ষ্য : বিশ্ববাসীৰ আগত উত্তৰ-পূৱৰ প্ৰতিষ্ঠা, বাইকেৰে লণ্ডনত উপস্থিত অসমৰ মীনাক্ষী - solo world tour on a bike

author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 12:41 PM IST

Biker meenakshi das on a world tour : বিশ্ব দৰবাৰত উত্তৰ-পূৱক প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে এগৰাকী অসমীয়া মহিলাৰ বিশ্বমুখী একক যাত্ৰা ৷ ইতিমধ্যে 33 খন দেশ অতিক্ৰম কৰি লণ্ডনত উপস্থিত হৈছে মহিলাগৰাকী ৷ কোন এইগৰাকী বিশেষ মহিলা, কেনেদৰে সম্ভৱপৰ কৰি তুলিলে এই কণ্টকময় যাত্ৰা, জানিবলৈ পঢ়ক আমাৰ বিস্তৃত প্ৰতিবেদন -

Biker meenakshi das from Assam is on a solo world tour on a bike, already completed tours of 33 countries
মীনাক্ষীৰ লক্ষ্য বিশ্ববাসীৰ আগত উত্তৰ-পূৱক প্ৰতিষ্ঠা কৰা (ETV Bharat Assam)

গুৱাহাটী, 11 জুন : একবিংশ শতিকাৰ নাৰী কোনোক্ষেত্ৰতে পাছ পৰি ৰোৱা নাই ৷ নিজৰ ঘৰ-পৰিয়ালৰ সমান্তৰালকৈ আজিৰ নাৰীয়ে নিজক প্ৰতিষ্ঠা কৰা তথা নিজৰ সুকীয়া ব্যক্তিত্ব গঢ়ি তোলাৰ বাবেও চলাই গৈছে অহৰহ সংগ্ৰাম ৷ তেনে এগৰাকী যুঁজাৰু মানসিকতাৰ মহিলা হৈছে অসম কন্যা তথা গুৱাহাটীৰ বাসিন্দা মীনাক্ষী দাস ।

মীনাক্ষী দাসৰ একক বাইক যাত্ৰা (ETV Bharat Assam)

বাইকেৰে বিশ্বৰ 67 খন ৰাষ্ট্ৰ ভ্ৰমণৰ লক্ষ্যৰে যাত্ৰা আৰম্ভ কৰা মীনাক্ষীয়ে ইতিমধ্যে 33 খন দেশ ভ্ৰমণ সম্পূৰ্ণ কৰিছে ৷ অকলশৰে বাইকেৰে ভ্ৰমণ কৰাৰ ক্ষেত্ৰত বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, যদিও সকলো বাধা-প্ৰত্যাহ্বান নেওচি কেৱল লক্ষ্যৰ দিশে ধাৱমান হৈ ইতিমধ্যে মীনাক্ষী উপস্থিত হৈছে লণ্ডনত ৷ লণ্ডনত উপস্থিত হোৱাৰ পূৰ্বে মহিলা বাইকাৰগৰাকীয়ে মধ্যপ্ৰাচ্য আৰু ইউৰোপৰ 18 খন ৰাষ্ট্ৰ ভ্ৰমণ কৰিলে বুলি ইটিভি ভাৰতৰ আগত জনায় ।

কোন কোন দেশৰ ভ্ৰমণ সমাপ্ত

মীনাক্ষী দাসে যাত্ৰাৰ আৰম্ভণিতে গুৱাহাটীৰ পৰা বাইকেৰে নেপাললৈ ৰাওনা হৈছিল আৰু তাৰ পৰা মুম্বাইলৈ গৈছিল । মুম্বাইৰ পৰা তেওঁ বিমানেৰে ডুবাইলৈ গৈ বাইকেৰে 67 খন ৰাষ্ট্ৰৰ ভ্ৰমণৰ বাবে সূচী আৰম্ভ কৰিছিল । ডুবাইৰ পৰা সংযুক্ত আৰৱ আমিৰ শ্বাহী, কাটাৰ, বাহৰেইন, চৌদি আৰৱ, জৰ্ডান, ইৰাক, ইৰাণ, আজাৰবাইজান, আৰ্মেনিয়া, জৰ্জিয়া, তুৰস্ক, বুলগেৰিয়া, ৰোমানিয়া, মলডোভা, শ্ল’ভাকিয়া, হাংগেৰী, ছাৰ্বিয়া, মেচিডনিয়া, গ্ৰীচ, আলবেনিয়া, ক্ৰ’ৱেচিয়া, শ্ল’ভেনিয়া, অষ্ট্ৰিয়া, জাৰ্মানী, ফ্ৰান্স, আয়াৰলেণ্ডকে ধৰি মুঠ 33 খন ৰাষ্ট্ৰ ভ্ৰমণ কৰি শেহতীয়াকৈ ইংলেণ্ডত উপস্থিত হৈছে ।

ভ্ৰমণৰ সময়ছোৱাত সন্মুখীন বহু প্ৰত্যাহ্বানৰ

অকলশৰে বাইকেৰে বিভিন্ন দেশ ভ্ৰমণ কৰাৰ সময়ত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল বাইকাৰ মীনাক্ষী ৷ নিজৰ গাঁঠিৰ ধনৰ লগতে মাটি বন্ধকত থৈ 67 খন দেশ ভ্ৰমণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল মীনাক্ষীয়ে । ইয়াৰ লগতে বিভিন্ন দেশত প্ৰৱেশৰ বাবে প্ৰয়োজন হোৱা ভিছা উলিওৱাৰ সময়তো মীনাক্ষী সমস্যাৰ সন্মুখীন হৈছিল বুলি জনায় ।

অৱশ্যে ভিছা উলিওৱাৰ ক্ষেত্ৰত বহু প্ৰবাসী অসমীয়াই তেওঁক সহায়-সহযোগিতা আগবঢ়াইছে বুলিও তেওঁ জানিবলৈ দিয়ে । ইয়াৰোপৰি জৰ্জিয়ালৈ গৈ থকা অৱস্থাত আৰ্মেনিয়াত তেওঁ পথ দুৰ্ঘটনাত পতিত হৈছিল ।

চৌদি আৰৱত বালিৰ ধুমুহাৰো সন্মুখীন হৈছিল বাইকাৰগৰাকী । বিভিন্ন দেশত থকা প্ৰবাসী অসমীয়া, বাইক ৰাইডাৰ্ছ গ্ৰুপ আৰু বিভিন্ন স্থানৰ স্থানীয় লোকসকলে মীনাক্ষীক সহায় কৰিছে বুলি তেওঁ জনায় ।

কিহৰ বাবে এই যাত্ৰা

বাইকেৰে বিশ্বৰ 67 খন দেশ ভ্ৰমণৰ লক্ষ্য লৈছে গুৱাহাটীৰ মীনাক্ষীয়ে ৷ বিগত বৰ্ষৰ 17 ডিচেম্বৰতে মীনাক্ষী দাসে গুৱাহাটীৰ পৰা আৰম্ভ কৰিছিল এই যাত্ৰা । চলিত বৰ্ষৰ ডিচেম্বৰতে মীনাক্ষীয়ে এই একক বিশ্বমুখী ভ্ৰমণৰ পৰিসমাপ্তি ঘটোৱাৰ লক্ষ্য লৈছে । 67 খন দেশ ভ্ৰমণ কৰি বিশ্ব ৰেকৰ্ড কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চল তথা অসমক বিশ্বৰ আগত চিনাকী কৰাই এই ভ্ৰমণৰ লক্ষ্য বুলি জনাইছে মীনাক্ষী দাসে ৷

পৰৱৰ্তী পৰিকল্পনা

বৈচিত্ৰময় ৰোমাঞ্চকৰ এই যাত্ৰাই মীনাক্ষীক নিজৰ সৈতে নতুন ধৰণেৰে চিনাকি কৰালে বুলি ইটিভি ভাৰতৰ আগত অৱগত কৰে ৷ ভ্ৰমণ সামৰি অসমলৈ ঘূৰি অহাৰ পিছত এখন হোষ্টেল খোলাৰ লক্ষ্য লৈছে মীনাক্ষীয়ে । উত্তৰ-পূৰ্বাঞ্চল তথা অসম ভ্ৰমণৰ বাবে অহা পৰ্যটকবোৰৰ বাবে এই হোষ্টেলবোৰত বিনামূলীয়াকৈ থকা-খোৱাৰ ব্যৱস্থা কৰা হ'ব বুলি জনায় মীনাক্ষী দাসে ।

লগতে পঢ়ক: মটৰ চাইকেলেৰে ৬৭ খন দেশ ভ্ৰমণ কৰিব গুৱাহাটীৰ মীনাক্ষী দাসে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.