ETV Bharat / state

ছাদ্দাম হুছেইনৰ হত্যাকাৰী এটা গঁড় - Rhino attack - RHINO ATTACK

Pobitora Wildlife Sanctuary: ৰাজ্যত অব্যাহত আছে বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত ৷ ক’ৰবাত যদি বন্যহস্তীৰ জাকে চলাইছে উপদ্ৰৱ, আন কৰ’বাত আকৌ জনাঞ্চলত বাঘৰ বিচৰণে আতংকিত কৰিছে ৰাইজক ৷ তাৰ মাজতেই গঁড়ে খুন্দাত প্ৰাণ হেৰুৱালে ছাদ্দাম হুছেইনে ৷

RHINO ATTACK
Pobitora Wildlife Sanctuary (file photo)
author img

By ANI

Published : Sep 30, 2024, 12:09 PM IST

নিউজ ডেস্ক, 30 ছেপ্টেম্বৰ: পবিতৰা অভয়াৰণ্যৰ সমীপত সংঘটিত হৈছে এক অঘটন ৷ গঁড়ৰ খুন্দাত প্ৰাণ হেৰুৱালে ছাদ্দাম হুছেইনে ৷ মটৰ চাইকেলেৰে গৈ থকা অৱস্থাতে এটা গঁড়ে অতৰ্কিতে আক্ৰমণ চলায় ছাদ্দাম হুছেইনক ৷ পবিতৰা অভয়াৰণ্যৰ পৰা ওলাই আহিছিল গঁড়টো ৷

তথ্য মতে কামৰূপ মহানগৰ জিলাৰ সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলীৰ ছাদ্দাম হুছেইন নামৰ যুৱকজনে মটৰ চাইকেলেৰে মায়ঙৰ পৰা চামতা অঞ্চললৈ গৈ থকা অৱস্থাত হাদুক দলঙৰ সমীপত গঁড়টোৱে আক্ৰমণ কৰে ছাদ্দাম হুছেইনক ৷

বন বিষয়া নয়নজ্যোতি দাসে কয় যে পবিতৰা অভয়াৰণ্যৰ পৰা ওলাই অহা এটা গঁড়ে আক্ৰমণ কৰাৰ ফলত ছাদ্দাম হুছেইন নামৰ যুৱকজনৰ মৃত্যু হৈছে ৷ এই ঘটনাটো সন্দৰ্ভত তদন্ত কৰি থকা হৈছে বুলিও তেওঁ জনায় ৷

উল্লেখ্য যে অসমৰ ভিন্ন প্ৰান্তত শেহতীয়াকৈ হস্তী-মানৱ সংঘাত, জনাঞ্চলত বাঘৰ বিচৰণ আদি ঘটনা সুলভ হৈ পৰিছে ৷ বিগত সময়ছোৱাত কাজিৰঙাৰ লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যানতো গঁড়ে পৰ্যটকৰ বাহনলৈ চোঁচা লোৱাৰ ভিডিঅ’ ভাইৰেল হৈছিল ৷ জনাঞ্চলত বন্যপ্ৰাণীৰ বিচৰণে এক সমস্যা হৈ দেখা দিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৷

যোৱা 7 ছেপ্টেম্বৰত হোলোঙাপাৰ গিবন অভায়ৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা বৃহৎ হাতীৰ জাকৰ আক্ৰমণত মৰিয়নী ডকলঙীয়াৰ কলিয়াপানী চাহ বাগিচা গণ মুণ্ডা নামৰ শ্ৰমিকজনৰ মৃত্যু ঘটে ৷ ইফালে যোৱা 5 আগষ্টত লখিমপুৰ জিলাৰ চিয়াজুলীৰ দীৰ্ঘা নাহৰবাৰী গাঁৱত বন্যহস্তীৰ জাকক খেদিবলৈ গৈ প্ৰাণ হেৰুৱায় তিল বাহাদুৰ মগৰ নামৰ লোকজনে ৷

ইফালে নগাঁও জিলাৰ কলিয়াবৰত দীৰ্ঘদিন ধৰি অব্যাহত আছে বনৰজাৰ আতংক ৷ কামাখ্যা পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চলৰ লগতে কলিয়াবৰ চাহ বাগিচা আৰু আন কেবাখনো গাঁৱত বাঘে ত্ৰাসৰ সৃষ্টি কৰি আহিছে যদিও বৰ্তমানলৈকে বাঘকেইটা খেদি পঠিয়াব পৰা হোৱা নাই ৷

লগতে পঢ়ক: বন্য়হস্তীৰ আক্ৰমণত শ্ৰমিকৰ মৃত্য়ুক লৈ উত্তাল মৰিয়নী - Wild elephant terror

চোৰাং চিকাৰী নহয়, অসমৰ গঁড়ৰ সমুখত আহিছে আন এক ভয়ংকৰ বিপদ - Assam famed one horned rhinos

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.