ETV Bharat / state

৬ এন ডি এফ বি কেডাৰক মুক্তি ভূটান চৰকাৰৰ - NDFB Cadres Released - NDFB CADRES RELEASED

NDFB Cadres Released by Bhutan Govt : বি টি আৰ প্ৰধান প্ৰমোদ বড়োৰ মধ্যস্থতাত ভূটানৰ জেলত বন্দী হৈ থকা ৬ গৰাকী এন ডি এফ বি সদস্যক মোকলাই দিয়ে ভূটান চৰকাৰে । শুকুৰবাৰে নিশা ভূটানত উপস্থিত হৈ প্ৰমোদ বড়োৱে ভূটান চৰকাৰৰ সৈতে এই বিষয়ত কৰা আলোচনামৰ্মে তেওঁলোকক প্ৰত্যাৰ্পণ কৰে ।

NDFB Cadres Released by Bhutan Govt
৬ এন ডি এফ বি কেডাৰক মুক্তি ভূটান চৰকাৰৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 21, 2024, 1:32 PM IST

চিৰাং, ২১ ছেপ্টেম্বৰ : ইতিমধ্যে নিষেধাজ্ঞা উঠাই লোৱা এন ডি এফ বিৰ ভূটানৰ কাৰাগাৰত বন্দী হৈ ৬ কেডাৰক শুকুৰবাৰে চুবুৰীয়া দেশখনে মুকলি কৰি দিয়ে । এই কেডাৰসকলক মুকলি কৰাৰ ক্ষেত্ৰত বি টি আৰৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰমোদ বড়োৱে গ্ৰহণ কৰে মুখ্য ভূমিকা । প্ৰমোদ বড়োৰ প্ৰচেষ্টাতে দীৰ্ঘদিন ধৰি ভূটানৰ কাৰাগাৰত বন্দী হৈ থকা এন ডি এফ বিৰ সদস্যকেইজনে মুক্তিলাভ কৰে ।

বি টি আৰ প্ৰধানগৰাকীয়ে শুকুৰবাৰে নিশা ভূটান চৰকাৰৰ সৈতে আলোচনাত মিলিত হয় আৰু চৰকাৰৰ পৰামৰ্শৰ পিচত দীৰ্ঘদিন ধৰি ভূটানৰ কাৰাগাৰত বন্দী হৈ থকা বন্দীকেইজনক মুকলি কৰি দিয়া হয় । ভূটান ৰয়েল আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিচত তেওঁলোকক দাৰাগন-গেলেফু সীমান্তত ভাৰতীয় প্ৰশাসনক প্ৰত্যাৰ্পণ কৰায় ।

আনহাতে, বন্দীকেইজনৰ মুক্তিৰ কথা উল্লেখ কৰি ৰয়েল ভূটান আৰক্ষীয়ে কয়, "ভূটানত কাৰাগাৰৰ শাস্তি ভোগ কৰি থকা ৬ কয়দীক ২০ ছেপ্টেম্বৰত আমাৰ জিম্মাৰ পৰা মুকলি কৰি দিয়া হৈছে । বন্দীকেইজনক প্ৰাক্তন এন ডি এফ বি ফ'ৰাম কৰ্তৃপক্ষক হস্তান্তৰ কৰা হৈছে ।"

উল্লেখ্য যে ভূটানে মুকলি কৰি দিয়া এন ডি এফ বি কেডাৰকেইজন হৈছে :

  1. চিৰাং জিলাৰ শান্তিপুৰৰ জীৱন বসুমতাৰী (37) । তেওঁ 2016 চনৰ জুন পৰা কাৰাবাস খাটি আছিল ।
  2. কোকৰাঝাৰ জিলাৰ সৰলপাৰাৰ সোণাৰাম মুছাহাৰী (51) । তেওঁ 2012 চনৰ ডিচেম্বৰৰ পৰা ভূটানত বন্দী হৈ আছিল ।
  3. কোকৰাঝাৰ জিলাৰ উল্টাপানীৰ পৰা চনম মগৰ (48) ।
  4. চিৰাং জিলাৰ বসুগাঁৱৰ বীৰমল বসুমতাৰী (34) । তেওঁ 2016 চনৰ জুন মাহৰ পৰা ভূটানৰ কাৰাগাৰত বন্দী হৈ আছিল ।
  5. চিৰাং জিলাৰ শান্তিপুৰৰ দিলীপ বসুমতাৰী (34) । দিলীপ বসুমতাৰীও 2016 চনৰ জুনৰ পৰা কাৰাবাস খাটি আছিল ।
  6. চিৰাং জিলাৰ বান্দুগুৰিৰ ফখন নাৰ্জাৰী (32) । তেওঁ 2016 চনৰ 3 জুনৰ পৰা দেশখনত বন্দী হৈ আছিল ।

তেওঁলোকক সুস্থ শৰীৰে বি টি আৰৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ হাতত অৰ্পণ কৰা হয় । আনহাতে, মুকলি কৰি দিয়াৰ পিচত তেওঁলোকক শুকুবাৰে নিশাতে কোকৰাঝাৰলৈ অনা হয় ।

উল্লেখ্য যে, নেচনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অব বড়োলেণ্ড চমুকৈ এন ডি এফ বি আছিল বড়োভূমিৰ এক সশস্ত্ৰ বিচ্ছিন্নতাবাদী সংগঠন । বড়ো সম্প্ৰদায়ৰ বাবে এক পৃথক সাৰ্বভৌম বড়োলেণ্ড সৃষ্টিৰ লক্ষ্যৰে এই সংগঠনটো ১৯৮৬ চনত গঠন কৰা হৈছিল । পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে সংগঠনটোক নিষিদ্ধ ঘোষণা কৰে ।

আনহাতে, দুটা দশক ধৰি সক্ৰিয় হৈ থকাৰ পিচত এন ডি এফ বিয়ে ২০২০ চনত চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰি মূলসুঁতিলৈ উভতি আহে আৰু সংগঠনটো ভংগ ঘোষণা কৰে ।

লগতে পঢ়ক :আম আদমি পাৰ্টী অসমৰ সভাপতি হিচাপে নিযুক্তি মনোজ ধানোৱাৰক - AAP Assam
লগতে পঢ়ক :ৰাহুল গান্ধীৰ বিৰুদ্ধে দিছপুৰ-কৰিমগঞ্জ থানাত বিজেপিৰ এজাহাৰ - FIR against Rahul Gandhi

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.