ETV Bharat / state

সভাপতি পদৰ পৰা আঁতৰালেও মই দলতে থাকিম: ভূপেন কুমাৰ বৰা - APCC President Bhupen Kumar Bora

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 5:07 PM IST

APCC President Bhupen Kumar Bora: নলবাৰীত ভাৰতীয় যুৱ কংগ্ৰেছে 'উন্মীলন' শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰে । য'ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য কৰে । মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰাৰো দাবী জনাই বৰাই ।

APCC President Bhupen Kumar Bora
সভাপতি পদৰ পৰা আঁতৰালেও মই দলতে থাকিম (ETV Bharat)

নলবাৰী,২৯ আগষ্ট : "মোক সভাপতি পদৰ পৰা আঁতৰালেও মই দলতে থাকিম । পদবী বহুত বদলি হৈছে জীৱনত । পদবী বদলি হৈ থাকিব কিন্তু দল একে থাকিব । কেন্দ্ৰীয় নেতৃত্বই বিচাৰিলে মই ছেকেণ্ড সময়ো নলও এৰি দিবলৈ ।" এই মন্তব্য প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ ।

শেহতীয়াকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি হ'ব বুলি এক বাতৰি প্ৰকাশ পাইছিল । সেই সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বৰ্তমানৰ সভাপতি ভূপেন কুমাৰ বৰাই এই মন্তব্য কৰে । তেওঁ উল্লেখ কৰা মতে ৯ গৰাকী সভাপতিৰ তলত তেওঁ কাম কৰিছে । সেয়ে যিকোনো সভাপতি হ'লে তেওঁ মানি ল'ব বুলি দাবী কৰে । নলবাৰীত অনুষ্ঠিত যুৱ কংগ্ৰেছৰ 'উন্মীলন' শীৰ্ষক অনুষ্ঠানত উপস্থিত থাকি কেইবাটাও বিষয়ত মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

মিঞা মুছলিম বিতৰ্ক

মিঞা মুছলিম বিতৰ্ক সন্দৰ্ভতো তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । শিৱসাগৰৰ পৰা মিঞাক খেদা সন্দৰ্ভত তেওঁ কয় যে উজনিৰ পৰা আহি যদি নামনিত থাকে নামনি কি অসম নহয় নেকি ? নলবাৰী কি অসম নহয় নেকি ? কেৱল শিৱসাগৰে অসম নেকি ? এই কথাবিলাক গভীৰভাৱে উপলব্ধি কৰাৰ সময় ।" ভূপেন কুমাৰ বৰাৰ মতে অসমৰ মুখ্যমন্ত্ৰী উন্নয়নৰ শ্ল'গানত ১০০ শতাংশ ব্যৰ্থ হৈছে । সেয়ে তেওঁ গুজৰাট মডেল কৰিব বিচাৰিছে বুলি ভূপেন কুমাৰ বৰাই অভিযোগ কৰে । মুখ্যমন্ত্ৰীৰ ৰাজনীতি মানুহে বুজি পাইছে বুলিও তেওঁ দাবী কৰে ।

মুখ্যমন্ত্ৰীৰ কাৰণে স্মাৰ্ট মিটাৰ কিয় প্ৰিয়

স্মাৰ্ট মিটাৰ সন্দৰ্ভত কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আদানিক সন্তুষ্ট কৰিবলৈ স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰা হৈছে । ভূপেন কুমাৰ বৰাই কয়,"স্মাৰ্ট মিটাৰ মুখ্যমন্ত্ৰীৰ কাৰণে এইকাৰণে প্ৰিয় যে স্মাৰ্ট মিটাৰটো আদানীয়ে বনায় । যুগ যুগ ধৰি চলি থকা মিটাৰ খুলি দি জবৰদস্তি স্মাৰ্ট মিটাৰ যে লগাইছে আদানীৰ কাৰণে লগাইছে । আদানী কোন প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বন্ধু ।"

মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিব লাগে

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ মতে মুখ্যমন্ত্ৰী বৰ্তমান অস্থিৰ হৈ পৰিছে । মুখ্যমন্ত্ৰীৰ উদণ্ড মানসিকতাৰ কাৰণে আমি আচৰিত হ'বলগা নাই । সেই কাৰণে আমি দিছপুৰ থানাত কেছ দিছো । তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে । আমি ৰাজ্যপালৰ জৰিয়তে ৰাষ্ট্ৰপতিকো কৈছে যে মানুহজনৰ গ্ৰেপ্তাৰ কৰিব লাগে ।"

লগতে পঢ়ক :শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগোঁহাইক গ্ৰেপ্তাৰৰ দাবীত উত্তাল বিধানসভা চৌহদ - MLA protest in Assam Assembly

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.