ETV Bharat / state

এযোৰ চশমাৰ বাবে সুধাকণ্ঠৰ কুঠৰীৰ আপোন ঘৰত সৃষ্টি হোৱা এক অপ্ৰকাশিত কাহিনী

Death Anniversary of Bhupen Hazarika : কলিয়াবৰবাসীৰ সৈতে সুধাকণ্ঠৰ আছে এক মধুৰ সম্পৰ্ক । আজিও অপ্ৰকাশিত হৈ আছে বহুতো কাহিনী ।

Death Anniversary of Bhupen Hazarika
সুধাকণ্ঠৰ এক অপ্ৰকাশিত কাহিনী (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : 3 hours ago

কলিয়াবৰ: সংগীতসূৰ্য, ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাক কলিয়াবৰবাসীয়ে 'কলিয়াবৰীয়া' বুলিয়ে কয় । শদিয়াত জন্ম লৈ তেজপুৰ, গুৱাহাটী, কলকতা, মুম্বাই যি ঠাইৰে বাসিন্দা নহাওক কিয়, ভূপেনদা কলিয়াবৰীয়া । কলিয়াবৰৰ লগত ভূপেনদাৰ সম্পৰ্ক ১৯২৮ চনৰ ব'ৰ্ড গাড়ীত উঠি ফেৰীৰে লুইত পাৰ হৈ শিলঘাটত নামি কলিয়াবৰত জলপান খাই উজনিলে যোৱাৰ দিনৰে পৰা বুলি নিজেই কৈ গৈছে ।

আপোন ঘৰত সুধাকন্ঠ

শিল্পপ্ৰাণ চন্দ্ৰ ফুকন আৰু শশী ফুকনৰ লগত বন্ধুত্ব সুলভ সম্পৰ্ক গঢ় লোৱাৰ পৰাই ভূপেনদাৰ সেউজীয়া মনটোক বুজি উঠিছিল শিল্পপ্ৰাণে । বহুবাৰ অনুৰোধ কৰাৰ পিছত ‘‘শিল্পীৰ পৃথিৱী’’ নামৰ আলোচনীত চন্দ্ৰ ফুকনে আহ্বান জনালে – কুঠৰীলৈ আহক, কুঠৰীৰ সেউজী শোভাৰ মাজতে জিৰণি লওক । কথা মতেই কাম । ভূপেনদাই কুঠৰীত এডোখৰ মাটি কিনি ঘৰ এটি সাজিলে ।

এযোৰ চশমাৰ বাবে সুধাকণ্ঠৰ কুঠৰীৰ আপোন ঘৰত সৃষ্টি হোৱা এক অপ্ৰকাশিত কাহিনী (ETV Bharat Assam)

উজনি লৈ আহোতে-যাওঁতে ‘‘আপোন ঘৰত’’ জিৰণী লৈ ঘৰটি দীপালী কৰি ৰাখে । এনেকৈয়ে ভূপেনদাৰ কলিয়াবৰৰ প্ৰতি মৰম গাঢ় হ'ল, কুঠৰীখনক, কুঠৰীৰ মানুহক নিজৰ বুলি ভাবিলে । নবৰ আলিৰ ঘৰচোৱা পাতিলে, পিচলৈ সেই ঘৰ-মাটি বিক্ৰী নোহোৱালৈকে সুৰেন নেওগে সেই ঘৰৰ চোৱা-চিতা কৰিলে ।

উকা হৈ ৰ'ল কুঠৰীৰ ‘‘আপোন ঘৰ’’

কলিয়াবৰৰ 'মঞ্চ'ই আয়োজন কৰা ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতালৈ ভূপেন দাই পিতৃ-মাতৃৰ সোঁৱৰণত বঁটা আগবঢ়াই কলিয়াবৰৰ প্ৰতি তেওঁৰ আপোন ভাব পুনৰ প্ৰমাণ কৰি থৈ গৈছিল । দিন বাগৰিল । ভূপেন হাজৰিকাৰ ত্ৰয়োদশ স্মৃতি দিৱস সমগ্ৰ ৰাজ্যই পালন কৰিব । উকা হৈ ৰ'ল ভূপেনদাৰ কুঠৰীৰ ‘‘আপোন ঘৰ’’ ।

এই ‘‘আপোন ঘৰ’’ৰ এক অকথিত কাহিনী স্মৰণ কৰি সুধাকণ্ঠৰ স্মৃতি দিৱসত আবেগিক হৈ পৰিছে কলিয়াবৰৰ দুগৰাকী ভূপেনদাৰ অনুৰাগী । ভূপেনদাৰ একান্ত অনুগামী, সুধাকণ্ঠৰ মহাপ্ৰয়াণত পূত্ৰৱত ধৰ্ম পালন কৰা সাংস্কৃতিক কৰ্মী ৰঞ্জিত কুমাৰ ভট্টাচাৰ্যৰ একান্ত যত্নত কলিয়াবৰৰ সংযোগৰ প্ৰযোজনাত ‘‘সূৰ্যাস্তৰ পিনে ধাৱমান কিয়’’ নামৰ এক শ্ৰব্য কেছেটত ‘‘এইখন কলিয়াবৰ’’ শীৰ্ষক গীত গাই কলিয়াবৰৰ সৈতে ভূপেনদাৰ সম্পৰ্ক যাউতিযুগীয়া কৰি থৈ গ'ল ।

গীতটিৰ ৰচনা কলিয়াবৰৰ সাহিত্যিক পেঞ্চনাৰ তথা শিক্ষক প্ৰয়াত কুসুম বৰা, সুৰশিল্পী পেঞ্চনাৰ যোগেন বৰদলৈৰ । ২০০১ চনৰ ৯ নৱেম্বৰত গুৱাহাটীত ‘‘সূৰ্যাস্তৰ পিনে ধাৱমান কিয়’’ শ্ৰব্য কেছটটিৰ উন্মোচনী সভাত কলিয়াবৰক মূল বিষয় হিচাপে লৈ এখন তথ্যচিত্ৰ নিৰ্মাণৰ বাবে ইচ্ছা প্ৰকাশ কৰে আৰু সেই দায়িত্ব ৰঞ্জিত কুমাৰ ভট্টাচাৰ্যৰ হাততেই অৰ্পণ কৰে ।

পৰৱৰ্তী সময়ত 'সংযোগ'ৰ প্ৰযোজনাত ‘‘কলিয়াবৰ আজীৱন কলিয়াবৰ’’ শীৰ্ষক তথ্যচিত্ৰ নিৰ্মাণৰ যো-জা সম্পূৰ্ণ কৰাত ২০০২ চনৰ এপ্ৰিল মাহৰ ২৬ তাৰিখে শুভ মহুৰতৰ বাবে কলিয়াবৰৰ কুঠৰীস্থিত ‘‘আপোন ঘৰ’’ত ভূপেনদা উপস্থিত হয় ।

এজোৰ চশমাৰ বাবে সৃষ্টি হয় এক কাহিনী

কলিয়াবৰৰ বিভিন্ন স্থানৰ ভিন্ন স্তৰৰ ব্যক্তিৰ উপস্থিতিত মাংগলিক নীতি-নিয়মেৰে ‘‘কলিয়াবৰ আজীৱন কলিয়াবৰ’’ তথ্যচিত্ৰৰ শুভ মহুৰত সমাপন হয় । মুহূৰ্ত স্থাপনৰ পাছতেই ভূপেনদা ৰাওনা হয় শিৱসাগৰৰ এক সাংস্কৃতিক কাৰ্যসূচীত যোগ দিবলৈ ।

লাহে-লাহে কুঠৰীৰ ভূপেনদাৰ গৃহৰ পৰাও উপস্থিত ৰাইজ ঘৰমূৱা হ'ল । দুই-এটা থাকি যোৱা কাম কৰিবলৈ তাত থাকিল ৰঞ্জিত কুমাৰ ভট্টাচাৰ্যৰ লগতে দুই-এজন । তেনে সময়তে এখন টেবুলত উদ্ধাৰ হ'ল এজোৰ চশমা । কাৰ চশমা জানিবলৈ বৰ বেছি সময় নালাগিছিল ।

এই সন্দৰ্ভত ৰঞ্জিত কুমাৰ ভট্টাচাৰ্যই কয়, "চশমাযোৰ পালো হয়, কিন্তু এতিয়া কি কৰা যায় ? এইযোৰ নহ'লে ভূপেনদাই গীত গাবই নোৱাৰিব । ভূপেনদাৰ গীতবোৰ ডাঙৰ-ডাঙৰ হৰফেৰে কমল কটকীয়ে মাৰ্কাৰ পেনেৰে আৰ্ট পেপাৰত লিখি দিয়ে, সিও চশমাৰে কেতিয়া ভূপেনদাই মণিব নোৱাৰে । ইফালে, ভূপেন বহু দূৰেই পালেগৈ, যোগাযোগৰো আজিৰ দৰে সহজ নাছিল । শিৱসাগৰলৈ যাব বুলিহে গম পাইছো, কাৰোবাক পঠিয়াবলৈও ক'লৈ পঠিয়ায়, কাক পঠিয়ায় ?’’

লগতে পঢ়ক: সুধাকণ্ঠ বিহীন 13 টা বছৰ

তেওঁ পুনৰ কয়, "মনলৈ আহিল, ভূপেনদা তেজপুৰৰ ডাঃ লক্ষ্মী গোস্বামীৰ ঘৰৰ পৰা আহিছে । ভাগ্য ভাল গোস্বামীৰ ঘৰৰ ফোন নম্বৰটো আছিল । ফোন কৰিলো, ফোনটো দীপ বাইদেউয়ে ধৰিলে । দীপ বাইদেউ মানে ডাঃ লক্ষ্মী গোস্বামীৰ পৰিবাৰ । তেওঁ ভূপেনদাৰ শিৱসাগৰৰ ফুকন নগৰৰ ব'ৰ্ডিং খেল পথাৰত সাংস্কৃতিক কাৰ্যসূচী লৈ গৈছিল বুলি ক'লে ।’’

‘‘ঠিকনাটো বাৰু পালো, এতিয়া কাক পঠিয়াও ? মোৰ কাষতে আছিল ৰবীন বৰা, মোৰ ঘৰৰ ওচৰৰ দলিবাৰী গাঁৱৰ । সাংস্কৃতিক প্ৰাণ ল'ৰা, ভূপেনদাৰ গান গাই, গান শুনি ভাল পোৱা ল'ৰা । ইতিমধ্যে বিহু গীত লিখি জনপ্ৰিয় হৈছে । জুবিন গাৰ্গ, অনুপম শইকীয়া, কৃষ্ণমণি নাথে ৰবীনৰ বিহু গাই জনপ্ৰিয় হৈছে; লগতে ৰবীনকো চিনি পোৱা হৈছে ।" তেওঁ কয় ৷

তেওঁ আৰু কয়, "ৰবীনে চশমাৰ কথাবোৰ গম পাই মোৰ লগতে ইফাল-সিফাল কৰি আছে। মই সুধিলো –যাবি ? সিও তপৰাই উত্তৰ দিলে যাম । পিছে তাৰ হাতত পইচা নাই । মই বোলো চিন্তা কৰিব নালাগে । লগে-লগে ভূপেনদাৰ ঘৰৰ মুখৰ পৰাই শিৱসাগৰৰ গাড়ীত উঠাই দিলো । ঈশ্বৰক চিন্তা কৰিলো, যাতে গীতৰ অনুষ্ঠান আৰম্ভ হোৱা আগেয়ে ৰবীন গৈ নিৰ্দিষ্ট ঠাই পাইগৈ । সেই চশমাযোৰৰ মূল্য় আছিল ৪২ হাজাৰ টকা ।"

এই বিৰল অভিজ্ঞতাৰ সাক্ষী গীতিকাৰ-সুৰকাৰ ৰবীন বৰাই সুঁৱৰী কয়, "আমি সেইদিনা তথ্যচিত্ৰৰ মহুৰতলৈ আনসকলে লগত হাটবৰৰ পৰা ৰঞ্জিতদাৰ নেতৃত্বত ৰাওনা হ'লো । ভূপেনদাৰ গীত শুনি,গীত গাই ভাল পোৱা ল'ৰা । তেনে প্ৰৰণাতে দুই-একে বিহুগীত লিখিছো । জুবিন গাৰ্গ, কৃষ্ণমণি নাথ, অনুপম শইকীয়াৰ কৃপাত ৰাইজে চিন পোৱা হৈছে । ভূপেনদাক সেই দিনা লগ পাই ভৰি চুই আশীৰ্বাদ ল'বলৈ সুবিধা পাই ধন্য হৈছিলো । গীতৰ চৰ্চা চলাই যাবলৈ আমাক প্ৰেৰণা দিছিল । সেই আশীৰ্বাদৰ ফলতেই হয়তো পাছলৈ সঙ্গীতৰ ক্ষেত্ৰখনত জড়িত হৈ থাকিবলৈ সুবিধা পালো ।"

তেওঁ পুনৰ কয়, "কুঠৰীত ভূপেনদাই চশমাযোৰ এৰি থৈ যোৱাৰ ঘটনাটোৰ লগত জড়িত হ'বলৈ পোৱাটো মোৰ জীৱনৰ সৌভাগ্যৰ বিষয় আছিল যিটোয়ে আজিও মন প্ৰাণ শিহৰিত কৰি তোলে । চশমাযোৰকলৈ ৰঞ্জিতদাৰ চিন্তা দেখি মইও ভাবিলো, চশমাযোৰ নহ'লে ভূপেনদাৰ বহুত অসুবিধা হ'ব । তেনেতে ৰঞ্জিত দাই মোক ক'লে ভূপেনদাৰ চশমাযোৰ দিবলৈ তই শিৱসাগৰলৈ যাবি ? মই ক'লো যাব লাগিলে যাম, কিন্তু মোৰ হাতত ইমান টকা নাই । ৰঞ্জিত দাই চশমাযোৰ মোৰ হাতত দি ক'লে, টকাৰ কাৰণে চিন্তা কৰিব নালাগে । শিৱসাগৰলৈ যোৱা বাছত উঠাই দিলে ।"

তেওঁ পুনৰ কয়, "ইতিমধ্যে বিয়লি চাৰি বাজিছে । বাছত উঠিছে মই চশমাযোৰ ভালকৈ চালো । 'মে'ড ইন ইটালী' লিখা চশমাযোৰ আটোম-টোকাৰিকৈ চোলাৰ জেপত ভৰাই ল'লো যাতে কোনো ক্ষতি নহয় । তাৰ বাবে ওৰে বাট জেপতে হাত এটা সাৱটি গৈ নিশা আঠ মান বজাত শিৱসাগৰ পালোগৈ । শিৱসাগৰ পাই ফুকন নগৰৰ ঠিকনা সুধি কোনোমতে ওলালোগৈ । সাংস্কৃতিক অনুষ্ঠান হ'বলগীয়া অস্থায়ী প্ৰেক্ষাগৃহত জনসমাগমৰ হৈছিলে ।"

তেওঁ কয়, "ভূপেনদাৰ অনুষ্ঠানলৈ সময় আছে । কাকো চিনি নোপোৱা ঠাইখন ভূপেনদাক কেনেকৈ লগ পাম তাকে চিন্তা কৰিলো । লাহে-লাহে মঞ্চৰ কাষ পালোগৈ । তাতে পোৱা ইজন-সিজনক সুধিলো ভূপেনদা ক'ত আছে ? কাৰো পৰা বৰ বিশেষ সহাৰি নাপালো। তেওঁলোকেনো কেনেকৈ জানিব, মই কিয় আহিছো । তেনেতে মঞ্চৰ পৰা ওলাই অহা পৰমেশ্বৰদা মানে বাঁহীবাদক পৰমেশ্বৰ বসুমতাৰীক লগ পালো । মোক দেখি সুধিলে, ৰবীন তুমি, ইয়াত কেনেকৈ ? মই বোলো ভুপেনদাৰ চশমাযোৰ... শেষ নহ'লেও, পৰমেশ্বৰ দাই ক'লে ভূপেনদাৰ চশমাযোৰ বিচাৰি পোৱা নাই, ক'ত এৰিলে কোনেও নাজানে । মই চশমাযোৰ দেখুৱাই ক'লো- এইযোৰ । পৰমেশ্বৰদা আচৰিত। ক'লে আঁহা-আঁহা । একপ্ৰকাৰ টানি নি গ্ৰীণ ৰুম পোৱালেগৈ ।"

তেওঁ কয়, "গুৰু-গম্ভীৰভাৱে ভূপেনদা চকী এখনত বহি আছে । পৰমেশ্বৰ দাই ভূপেনদাক ক'লে, এয়া ৰবীন, কলিয়াবৰৰ পৰা আহিছে । মই সেৱা এটা জনালো । ভূপেনদাই মোলৈ চাই ক'লে, তোমাকতো কুঠৰীত পাই আহিছো । লগে-লগে পৰমেশ্বৰ দাই মোৰ হাতৰ পৰা চশমাযোৰ লৈ ভূপেনদাক দেখুৱাই ক'লে এইযোৰ আপোনাৰ চশমা । কুঠৰীত এৰি থৈ আহিছিল, ৰবীনে লৈ আহিছে ।’’

‘‘ইমান দূৰৰ পৰা চশমাযোৰ লৈ শিৱসাগৰ পোৱা বিষয়টোত ভূপেনদা আচৰিত হ'ল যদিও মনত এক সন্তুষ্টিৰ ভাব এটাও দেখা পালো । মোক ক'লে, তুমি বৰ কষ্ট কৰি মোৰ চশমাযোৰ ইয়ালৈ লৈ আহিলা । গতিকে,তুমি এনেকৈ যাব নোৱাৰিবা। মোৰ অনুষ্ঠান চাই, খাই-বৈহে যাব পাৰিবা । সেই বুলি উদ্যোক্তা এজনক মাতি মোক প্ৰেক্ষাগৃহত বহুওৱাৰ দায়িত্ব দিলে । ক'লে, 'মোৰ আলহী, ভালকৈ চোৱা-চিতা কৰিবা । মই পুনৰ সেৱা এটা কৰি প্ৰেক্ষাগৃহত বহিলো গৈ । ভূপেনদাৰ সম্পূৰ্ণ অনুষ্ঠান চাই শেষ কৰি শেহ নিশা বাছত উঠি ঘৰ পালোহি । এই বিৰল অভিজ্ঞতাৰটোৱে মোক এতিয়াও শিহৰিত কৰি তোলে ।’’ তেওঁ কয় ৷

‘‘এজন মহান অসমীয়াক অকণমান হ'লেও সেৱা আগবঢ়াবলৈ সুবিধা পালো । মোৰ জীৱন ধন্য হ'ল । আজি ৫ নৱেম্বৰত ভূপেনদাৰ ত্ৰয়োদশ মৃত্যু বাৰ্ষিকী । এই দিনটোত সমগ্ৰ অসমে সংগীত সূৰ্যক স্মৰণ কৰিব । মোৰ দৰে এগৰাকী সামান্য সংগীত অনুৰাগীয়ে তেওঁক সোঁৱৰিম, পুনৰ যাতে অসমতে জন্ম লৈ অসমৰ গৌৰৱ বঢ়াই তাৰে কামনা কৰিম ।" তেওঁ কয় ৷

কুঠৰীৰ দুগৰাকী বন্ধু শিল্পপ্ৰাণ চন্দ্ৰ ফুকন আৰু শশী ফুকনক। এই দুইগৰকী ব‍্যক্তিৰ অধীৰ আগ্ৰহক আওকাণ কৰিব নোৱাৰি কলিয়াবৰৰ কুঠৰীত এখনি নিজাপি ঘৰ সজাৰ সিদ্ধান্ত ল'লে । সেই উদ্দেশ‍্যে কুঠৰীত মাটি বিচৰা কামটো দুই কলিয়াবৰীয়াৰ ওপৰতেই দায়িত্ব পৰিল, মাটিও পালে –চাহাব আলীৰ এবিঘা,পদুম বাহাদুৰৰ দুবিঘা, ইচমাইল শ্বেখৰ এবিঘাকে ধৰি প্ৰায় বিশ বিঘা মাটি ভূপেনদাই কিনিলে । ১৯৭২ চনৰ আগে-পাছে কলিয়াবৰৰ কুঠৰীত এটি ঘৰো সাজিলে ।

কুঠৰীত মোৰ প্ৰাণটো সোমাই আছে

এইজনা শিল্পীৰ কুঠৰী আছিল মৰুদ‍্যান । সুধাকণ্ঠই কৈ গৈছে, "কুঠৰীত মোৰ প্ৰাণটো সোমাই আছে ।" সুধাকণ্ঠৰ লগতে পৰিয়ালৰ প্ৰতিজন সদস‍্যৰ কুঠৰীৰ ঘৰখনৰ প্ৰতি আছিল প্ৰৱল হেঁপাহ । কুঠৰীৰ ঘৰখনৰ বাদে ভূপেন হাজৰিকাৰ নিজাপি ঘৰ নাই । ই কলিয়াবৰীয়াৰ এক অনন‍্য আপুৰুগীয়া সম্পদ ।

ভূপেন হাজৰিকাই নিজে কৈছিল, "কুঠৰীত এটা সাংস্কৃতিক কেন্দ্ৰ আৰু পুত্ৰ তেজৰ ইচ্ছা মতে বৌদ্ধ ধৰ্মাৱলম্বীৰ বাবে জিৰণিস্থল গঢ়ি তোলা হ'ব ।" সেই ইচ্ছা জীৱিত কালৰ পূৰ্ণ নহ'ল যদিও চৰকাৰৰ সদিচ্ছা থাকিলে সেই আশা পূৰণ হোৱা আশা ৰাখিছে কলিয়াবৰবাসীয়ে ।

লগতে পঢ়ক: সত্ৰাধিকাৰ ড৹পীতাম্বৰ দেৱগোস্বামীলৈ ভূপেন হাজৰিকা সংহতি বঁটা

সুধাকণ্ঠলৈ ওপজা দিনৰ ওলগ : গীতে-মাতে জীপাল গুৱাহাটীৰ নিউ আৰ্ট প্লেয়াৰ্ছৰ নিৰ্মীয়মান প্ৰেক্ষাগৃহ - 99th Bhupen Hazarika Birthday

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.