ETV Bharat / state

আমি অসম পুনৰ অশান্ত হোৱাটো নিবিচাৰো: ভূপেন বৰা - ULFA I Bomb Plant

author img

By ETV Bharat Assamese Team

Published : Aug 16, 2024, 9:38 PM IST

Updated : Aug 16, 2024, 10:32 PM IST

ULFA I bomb plant: আলফা স্বাধীনৰ বোমা সংস্থাপনৰ প্ৰসংগক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ ভূপেন বৰাৰ । অসমত পুনৰ অশান্তি নিবিচাৰো বুলি কৈ পশ্চিমবংগৰ ধৰ্ষণকাণ্ড প্ৰসংগতো মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । ইফালে উপযুক্ত নথি-পত্ৰৰ যোগাৰ হ'লেই আয়কৰ বিভাগত উপস্থিত হ'ব বুলি প্ৰকাশ কৰে বৰাই ।

Bhupen Bora reacts to ULFA (I) bomb plant in Assam
বোমা সংস্থাপনৰ প্ৰসংগক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ ভূপেন বৰাৰ (ETV Bharat Assam)

গুৱাহাটী,১৬ আগষ্ট: দেশে ধুমধামেৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ সময়ছোৱাতে বৃহস্পতিবাৰৰ দুপৰীয়াৰ ভাগৰ পৰা ত্ৰাসৰ মাজত সময় অতিবাহিত কৰিবলগীয়া হ'ল অসমবাসীয়ে । স্বাধীনতা দিৱসৰ দিনটোৰ পতাকা উত্তোলনৰ কাৰ্যসূচী শান্তিপূৰ্ণভাৱে সমাপ্ত হোৱাৰ পিছতে দুপৰীয়া ভাগত হঠাৎ সংগঠনটোৰ তৰফৰ পৰা প্ৰকাশিত এক বাৰ্তাই জোকাৰণি তোলে সমগ্র ৰাজ্যত । ৰাজ্যৰ বিভিন্ন স্থানত বোমা সংস্থাপন কৰা আৰু কাৰিকৰী কাৰণত বোমাসমূহ বিস্ফোৰিত নোহোৱা বুলি এক প্ৰেছ বাৰ্তাত উল্লেখ কৰি বোমা সংস্হাপনৰ স্থানসমূহো উল্লেখ কৰিছিল সংগঠনটোৱে ।

বোমা সংস্থাপনৰ প্ৰসংগক লৈ প্ৰতিক্ৰিয়া ভূপেন বৰাৰ (ETV Bharat Assam)

ভূপেন বৰাৰ প্ৰতিক্ৰিয়া:

তাৰ পিছতে থৰকাছুটি হেৰাল ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ । বোমা বিচাৰি চলিল তালাচী অভিযান, উদ্ধাৰ হ'ল কেইবাটাও স্থানত বোমাসদৃশ সামগ্ৰী । সমগ্ৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিভিন্নজনে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই কয়,"অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া প্ৰথমবাৰৰ বাবে 26 জানুৱাৰীত পতাকা উত্তোলন কৰিছিল, সেইবাৰ আলফা জন্ম হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱস বৰ্জন কৰা নাছিল । পৰৱৰ্তী সময়ত আমি সকলোৱে আশা কৰিছিলো যে আলফা বিষয়টো ৰাজনৈতিক সমাধানৰ কাৰণে এসময়ত আলফাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰা বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সক্ৰিয় আন্তৰিকতাৰে পদক্ষেপ গ্ৰহণ কৰিব ।"

লগতে এ পি চি চিৰ সভাপতিগৰাকীয়ে কয়,"কিন্তু আমি দেখিলো সেই সম্পূৰ্ণ বিষয়টোক লৈ ৰাজনীতি কৰা হ'ল । আলফাৰ শিবিৰত পুলিচৰ চোৰাংচোৱাক হত্যা কৰা হ'ল আৰু এতিয়া এনেকুৱা এটা পৰ্যায় পালেগৈ যে তাহানিৰ সেই দিনবোৰ, যিবিলাক দিন অসমৰ ৰাইজে পুণৰ ঘূৰাই নিবিচাৰে, তেনেকুৱা এটা পৰিৱেশৰ ফালে আমি গতি কৰিছো । মই ভাৱো যে আলফাৰো অলপ শুভবুদ্ধি হৈছে । বোমাখিনি স্থানে স্থানে ৰাখি, চৰকাৰক খবৰ দিলে নিষ্ক্ৰিয় কৰিবৰ বাবে । যিটো কাৰণে আমি অসমবাসী এক মহাবিপদৰ পৰা ৰক্ষা পৰিছো ।"

গৃহ বিভাগক কঠোৰ সমালোচনা:

মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা ৰাজ্যৰ গৃহ বিভাগক কঠোৰ সমালোচনা কৰি সভাপতি বৰাই কয়,"আমি অসমক পুনৰ অশান্ত হোৱাটো নিবিচাৰো । অসমৰ মানুহৰ জীৱন-সম্পত্তি বিনষ্ট হোৱাতো নিবিচাৰো আৰু অসমৰ যিটো আৰ্থ-সামাজিক পৰিৱেশ সেয়া কোনো পৰিস্থিতিতে বিনষ্ট হোৱাটো আমি নিবিচাৰো । এই ঘটনাৰ পৰা মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা গৃহ বিভাগৰ এশ শতাংশ বিফলতা নিকৃষ্টভাৱে প্ৰমাণিত হ'ল । কাৰণ ২৫ টাকৈ বোমা যদি অসমত সংস্থাপন কৰিব পাৰিছে, তেন্তে কৰ'বাত গৃহ বিভাগ আছে বুলি আমাৰ মনে নধৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়বোৰৰ পৰা হাত সাৰিবলৈ বিচাৰিলে ৰাজ্যখনৰ বিপদ হ'ব ।"

পশ্চিমবংগৰ ধৰ্ষণকাণ্ড প্ৰসংগত প্ৰতিক্ৰিয়া:

ইয়াৰোপৰি পশ্চিমবংগৰ শেহতীয়া জঘন্য ধৰ্ষণকাণ্ডৰ প্ৰসংগত ভূপেন বৰাই কয়,"ধৰ্ষণকাৰীৰ ক্ষেত্ৰত জাতি, ধৰ্ম, বৰ্ণ বা ৰাজনৈতিক পৰিচয় এইবোৰ কথা আহিব নালাগে । অতি জঘন্য অপৰাধ ধৰ্ষণ । কঠোৰতম আৰু দৃষ্টান্তমূলক শাস্তি ধৰ্ষণকাৰীয়ে পাব লাগে । যাতে ভৱিষ্যতৰ দিনত তেনেকুৱা ঘটনাৰ পুনৰাবৃত্তি নঘটে । এনে ৰাজ্যৰ সংখ্যা হয়তো কম ওলাব য'ত এনেকুৱা ঘটনা হোৱা নাই । গতিকে ধৰ্ষণকাৰীৰ জাতি-ধৰ্ম নাচাই পোনপটীয়াকৈ কঠোৰতম তথা দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে আৰু মই আশা কৰিম মমতা বেনাৰ্জীয়েও কঠোৰতম শাস্তি প্ৰদান কৰিব ।"

আয়কৰ বিভাগত উপস্থিত হোৱাৰ নিৰ্দেশ:

ইফালে, শুকুৰবাৰে আয়কৰ বিভাগত ভূপেন বৰাক হাজিৰ হ'বলৈ দিয়া নিৰ্দেশ প্ৰসংগত তেওঁ কয়,"আজি আয়কৰ বিভাগে মাতিছিল । কিন্তু, ছিপাঝাৰত আজি কেইবাজনো বিজেপি নেতাই যোগদান কৰিব । যাৰ বাবে তেওঁলোকে মোৰ পৰা আগতীয়াকৈ তাৰিখ লৈছিল । সেয়ে, আজি আয়কৰ বিভাগলৈ আজি আমাৰ CA যাব । কাৰণ আমাৰ হাতত উপযুক্ত নথি-পত্ৰ নাই, যিবোৰ আয়কৰ বিভাগে বিচাৰিছে । সেইকাৰণে আমি সময় বিচাৰিছো । যেতিয়া আমি উপযুক্ত নথি-পত্ৰ যোগাৰ কৰিব পাৰিম তেতিয়া আমি যাম ।"

লগতে পঢ়ক: আৰক্ষীয়ে দুদিন চলাথ কৰিও উলিয়াব পৰা নাই তৃতীয়টো বোমা: নাবালকক আটক - ULFA I Bomb Plans

মুখ্যমন্ত্ৰী আৱাসৰ পিছফালেই উদ্ধাৰ আলফা (স্বাধীন)ই স্থাপন কৰা বোমা - ULFA I BOMB PLANS

চৰকাৰক শক্তিৰ উমান দিবলৈহে একেলগে ২৫ টা বোমা : আৰু কি কি ক’লে পৰেশ বৰুৱাই ? - ULFA I Bomb Plant

Last Updated : Aug 16, 2024, 10:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.