গুৱাহাটী,১২ অক্টোবৰ : বসুন্ধৰা ৩.০ প্ৰৱৰ্তনেৰে ৰাজ্যিক কেবিনেটে ভূমি সংক্ৰান্তত লোৱা সিদ্ধান্তসমূহ 'ধাপ্পাবাজী'ৰ বাহিৰে আন একো নহয় বুলি অভিযোগ কৰিছে ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে । শেহতীয়াকৈ ৮ অক্টোবৰৰ কেবিনেট বৈঠকত অহা ১৯ অক্টোবৰত বসুন্ধৰা ৩.০ মুকলি কৰাৰ লগতে ভূমি সংক্ৰান্তীয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বিশেষকৈ ভূমিৰ পট্টা প্ৰদানৰ ক্ষেত্রত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটত গ্ৰহণ কৰা হয় । ভূমি সংক্ৰান্তীয় কেবিনেটৰ সিদ্ধান্তক লৈ সৰৱ হৈ পৰিছে ভূমি অধিকাৰ সংগ্ৰাম সমিতি ।
ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ বিৰুদ্ধে তীব্র ক্ষোভ প্রকাশ কৰি ভূমি অধিকাৰ সংগ্ৰাম সমিতি অসমৰ সভাপতি প্রবীণজ্যোতি কলিতাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । কলিতাই কয়."বসুন্ধৰা ৩.০ৰ যোগেদি চৰকাৰে একচনীয়া মাটিৰ পট্টা দিয়াৰ কথা কৈছে । কিন্তু পট্টা দিয়াৰ বিষয়টো স্পষ্ট কৰা হোৱা নাই । ৰাজ্যৰ গ্ৰামাঞ্চলৰ একচনীয়া পট্টাৰ প্ৰায়ভাগ ভূমি কংগ্ৰেছৰ দিনতে ম্যাদী হৈছে । ভূমিধৰ বৰ্মন সমিতিয়ে একচনীয়া পট্টাৰ অধিকাংশ মাটি বিনামূলীয়াভাৱে ম্যাদীকৰণ কৰিছে ।"
তেওঁ লগতে কয়,"বৰ্তমান ৰাজ্যত মাত্র পাঁচ শতাংশহে একচনীয়া পট্টাৰ মাটি আছে । বাকী থকা এই একচনীয়া মাটিসমূহো চহৰাঞ্চলতে আছে । বসুন্ধৰা ৩.০ৰ জৰিয়তে এই পাঁচ শতাংশ মাটিৰ ম্যাদী পট্টা দি বিজেপি চৰকাৰে বাহ বাহ ল'ব বিচাৰিছে ।"
গুৱাহাটী মহানগৰীৰ পাহাৰত বসবাস কৰা লোকসকলক পট্টা দিয়াৰ নামত বিজেপি চৰকাৰে কেৱল ৰাজনীতি কৰি আহিছে বুলি মন্তব্য কৰি তেওঁ কয়,"গুৱাহাটী মহানগৰীৰ ১৮ খন পাহাৰত বছৰৰ পিছত বছৰ ধৰি বসবাস কৰি থকা প্ৰায় ৮৫ হেজাৰ পৰিয়াল বর্তমানো ম্যাদী পট্টা লাভৰ পৰা বঞ্চিত হৈ আছে। ৰাজ্য চৰকাৰে পূৰ্বতে ৰূপায়ণ কৰা মিছন বসুন্ধৰা আঁচনিৰ জৰিয়তে প্ৰতিবাৰে এইসকল লোকক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি আহিছে । লোকসকলে পট্টা বিচাৰি আবেদন কৰিছে যদিও বিভিন্ন অজুহাত দেখুৱাই চৰকাৰে সেই আবেদন বাতিল কৰিছে । ভূমিৰ পট্টা প্ৰদানৰ বাবে ১৯ অক্টোবৰৰ পৰা আৰম্ভ কৰিব বিচৰা বসুন্ধৰা ৩.০ আঁচনিৰ ক্ষেত্ৰতো এতিয়ালৈকে কোনো সুস্পষ্ট নীতি-নির্দেশনা ৰাজহুৱা কৰা নাই । এইবোৰ সকলো কেৱল ধাপ্পাবাজি ।"
মাটিৰ শ্ৰেণী পৰিবৰ্তনৰ ক্ষেত্ৰত যথেষ্ট শিথিলতা অনাৰ প্ৰসংগত তেওঁ কয়,"শ্ৰেণী পৰিবৰ্তনৰ শিথিলতাৰ সুযোগ লৈ বিজেপি চৰকাৰে ৰাজ্যৰ হেজাৰ হেজাৰ বিঘা কৃষিভূমি ঔদ্যোগিক ভূমিত পৰিণত কৰাৰ ব্লুপ্রিন্ট তৈয়াৰ কৰিছে । কৃষকক পণবন্দী কৰি খাটিখোৱা লোকৰ অধিকাৰ কাঢ়িব বিচৰা এনে হঠকাৰী সিদ্ধান্ততাৎক্ষণিকভাৱে বাতিল কৰিবলৈ আমি চৰকাৰক দাবী জনাইছো । মাটিৰ শ্ৰেণী পৰিবৰ্তন সহজ কৰাৰ চৰকাৰী সিদ্ধান্তই ৰাজ্যৰ কৃষক সকলক মাধমাৰ শোধাব। ৰাজ্যৰ কৃষিভূমিসমূহ ক্রমাৎ ঔদ্যোগিক ভূমিত পৰিণত হ'ব । ভূমিৰ শ্ৰেণী পৰিবৰ্তনৰ শিথিলতাই ৰাজ্যত কৃষিভূমি হ্ৰাস কৰিব ।"
উল্লেখ্য যে অহা ১৯ অক্টোবৰত বসুন্ধৰা ৩.০ শুভাৰম্ভ কৰিব মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । ৰাজ্যিক কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি বসুন্ধৰা ৩.০ত বসুন্ধৰা ২.০ত নাকচ হোৱাসকলেও আবেদন কৰিব পাৰিব । বসুন্ধৰা ৩.০ত ভূমি পট্টা প্ৰদানৰ ক্ষেত্রত যথেষ্ট সুবিধা দিয়া হৈছে । বসুন্ধৰা ৩.০ শিক্ষানুষ্ঠান তথা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠাক দান দিয়া ভূমিৰ পট্টা দিয়া হ'ব । নগৰ অঞ্চলৰ ৰায়তীসকলক মাটিৰ পট্টা দিয়া হ'ব । চাহ ম্যাদী হৈ থকা মাটিত পট্টা দিয়া হ'ব । ২০২২ চনৰৰ পূৰ্বে থকা লোকসকলক এই পট্টা দিয়া হ'ব ।
আনহাতে ভূ-দান আৰু গ্ৰাম-দান মাটিৰ ক্ষেত্রত পট্টা দিয়া হ'ব । এতিয়াৰে পৰা মাটিৰ শ্ৰেণী পৰিৱৰ্তনত বাধা নাথাকিব । আগতে মাটিৰ শ্ৰেণী পৰিৱৰ্তন এবাৰ হৈছিল। এতিয়াৰে পৰা যিকোনো ক্লাছৰ ভূমি যিকোনো ক্লাছলৈ নিব পাৰিব । এইক্ষেত্রত যথেষ্ট শিথিলতা অনা হৈছে । বসুন্ধৰা ৩.০ৰ যোগেদি সকলোকে একচনীয়া পট্টাৰ পৰা মুক্ত কৰা হ'ব । একচনীয়া মাটিৰ ম্যাদী পট্টা দিয়া হ'ব । গাঁৱত প্ৰতি বিঘা ভূমিত ৪৫০ টকা আৰু চহৰত মূল ভূমিৰ মূল্যৰ এক শতাংশ প্ৰিমিয়াম দি ম্যাদী পট্টা কৰিব পাৰিব । কেবিনেটত ভূমি সংক্ৰান্তত লোৱা এই সিদ্ধান্তসমূহক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি আখ্যা দিয়ে প্ৰবীণজ্যোতি কলিতাই ।