ETV Bharat / state

মহিলা কংস-মহিলা কৃষ্ণক চাব খোজে নেকি ? - GOLAGHAT BHAONA PRACTICE

'কংস বধ ভাওনা'ৰ বাবে সাজু হৈছে মহিলাসকল । সকলো কাৰ্যই পৰিচালনা কৰিব মহিলাসকলে ।

Bhaona By Women
মহিলা ভাওনাৰ অনুশীলন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 11, 2024, 5:37 PM IST

গোলাঘাট: শৰতৰ স্নিগ্ধপূৰ্ণিমাৰ নিশা ভগৱান শ্ৰীকৃষ্ণ‌ই গোপীৰ সৈতে ৰাসক্ৰীড়া কৰিছিল । শৰতত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি । পূৰ্ণগতিত চলিছে ৰাসৰ আখৰা । বিভিন্ন ঠাইত ৰাসৰ সমান্তৰালভাৱে চলিছে ভাওনাৰ আখৰা ।

আপোনাৰ যদিহে মহিলাৰ দ্বাৰা দূৰ্দান্তৰূপত প্ৰদৰ্শিত এভাগি ভাওনা চোৱাৰ হেপাহ আছে, তেন্তে ২৪ নৱেম্বৰৰ সন্ধিয়া গোলাঘাট নগৰৰ চান্দমাৰীস্থিত পঞ্চতীৰ্থ মন্দিৰলৈ এবাৰ আহক । গোলাঘাট নগৰত জিলাখনৰ বিভিন্ন প্ৰান্তৰ এজাক সংস্কৃতিবান মনৰ মহিলা ব্যস্ত হৈ পৰিছে মহাপুৰুষীয়া কৃষ্টি,সংস্কৃতিৰ প্ৰচাৰ তথা প্ৰসাৰত । গোলাঘাট নগৰৰ চান্দমাৰী অঞ্চলৰ পঞ্চতীৰ্থ মন্দিৰত ব্যস্ত হৈ পৰিছে শ্ৰীকৃষ্ণৰ ৰাসলীলা উপলক্ষে প্ৰদৰ্শিত হ'বলগীয়া মহিলা ভাওনাৰ অনুশীলন পৰ্বত ।

মহিলা ভাওনাৰ অনুশীলন (ETV Bharat Assam)

৬৫ বছৰীয়া মহিলায়ো কৰিব অভিনয়

গোলাঘাটৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান বৰদৈচিলা সাংস্কৃতিক গোষ্ঠীৰ সহযোগত হৰগৌৰী সাংস্কৃতিক গোষ্ঠীৰ উদ্য়োগত আয়োজন কৰা হৈছে এই ভাওনাৰ ।‌ অহা ২৪ নৱেম্বৰৰ নিশা গোলাঘাট নগৰৰ পঞ্চতীৰ্থ মন্দিৰ প্ৰাংগণত মহিলাৰ দ্বাৰা প্ৰদৰ্শিত হ'ব 'কংস বধ ভাওনা' । শিশু, কিশোৰী, যুৱতীৰ পৰা ৬৫ বছৰীয়া মহিলায়ো অভিনয় কৰিব উক্ত মহিলা ভাওনাত ।

হৰগৌৰী সাংস্কৃতিক গোষ্ঠীৰ মামনি দাস, কৰবী ভট্টাচাৰ্য, মন্দিৰ পৰিচালনা সমিতিৰ ড৹ নৃপেন বৰুৱা, টুকন বৰা, সত্যজিৎ শইকীয়া, অনুপ অধ্যাপক, নিপু গোস্বামী, সুমিত শইকীয়া, সুনীল দত্ত আদিয়ে ৰাইজৰ উপস্থিতি তথা সহায়-সহযোগিতা কামনা কৰিছে । উল্লেখ্য যে হৰগৌৰী সাংস্কৃতিক গোষ্ঠী আৰু বৰদৈচিলা সাংস্কৃতিক গোষ্ঠীয়ে জিলাখনৰ বিভিন্ন ঠাইৰ মহিলাসকলক একত্ৰিত কৰি বিগত কেইবা বছৰ ধৰি মহাপুৰুষীয়া কৃষ্টি,সংস্কৃতিৰ চৰ্চা কৰি আহিছে । মহিলাসকলৰ এনে পদক্ষেপক সকলোৱে আদৰণি জনাইছে ।

এই সম্পৰ্কে হৰগৌৰী মহিলা সাংস্কৃতিক গোষ্ঠীৰ সভাপতি মামণি দাস বৰুৱাই কয়," শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি ২৪ নৱেম্বৰত কংস বধ ভাওনাৰ আয়োজন কৰা হৈছে । এই ভাওনা গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলৰ পৰা যেনে দেৰগাঁও, কমাৰবন্ধা, নুমলীগড় আদি অঞ্চলৰ মহিলাসকলৰ দ্বাৰা পৰিবেশন কৰা হ'ব । গতিকে উক্ত ভাওনালৈ সকলোৰে সহায় সহযোগিতা কামনা কৰিছো । "

লগতে পঢ়ক:শিশু-চেমনীয়াৰ দ্বাৰা অশ্বকৰ্ণ জংঘাসুৰ বধ প্ৰদৰ্শন

নটবৰ নাটকমত অঙ্কীয়া নাট প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.