নগাঁও : যি সময়ত ৰাজ্যৰ একাংশ গাঁও পঞ্চায়তৰ বিৰুদ্ধে চৰকাৰী আঁচনি ৰূপায়নৰ নামত ব্যাপক দুৰ্নীতি, অনিয়ম সংঘটিত হোৱাৰ অভিযোগে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷ তেনে সময়ত দেশৰ ভিতৰতে দ্বিতীয় শ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ স্থান দখলেৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে অসমৰ এখন গাঁও পঞ্চায়তে ।
আমি উল্লেখ কৰা এই গাঁও পঞ্চায়তটো হৈছে অসমৰে নগাঁও জিলাৰ বেবেজীয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়ত । নগাঁৱৰ খাগৰিজান উন্নয়ন খণ্ডৰ অধীনৰ বেৱেজীয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তে সমগ্ৰ ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বশ্ৰেষ্ঠ গাঁও পঞ্চায়ত বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ খবৰে উৎফুল্লিত কৰিছে সমগ্ৰ নগাঁওবাসীক ।
![Bebejia Dimow Bangthai Gaon Panchayat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/08-12-2024/as-ngn-01-7dcmbr-dimou-panchayat-selected-2nd-best-7203829_07122024174329_0712f_1733573609_1091.jpg)
ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা ২০২৪, বিশেষকৈ নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ (Nanaji Deshmukh Sarvottam Panchayat Satat Vikas Puraskar) যোজনা, ভাৰত চৰকাৰৰ পঞ্চায়তী ৰাজ মন্ত্ৰালয়ৰ দ্বাৰা ঘোষণা কৰা হৈছে । এই বঁটা চলিত বৰ্ষৰ ২০২৪ চনৰ ১১ ডিচেম্বৰ তাৰিখে, নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ’বলগীয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কেন্দ্ৰীয় পঞ্চায়তীৰাজ মন্ত্ৰীৰ উপস্থিতিত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এই বঁটা প্ৰদান কৰিব ।
![Bebejia Dimow Bangthai Gaon Panchayat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/08-12-2024/as-ngn-01-7dcmbr-dimou-panchayat-selected-2nd-best-7203829_07122024174329_0712f_1733573609_588.jpg)
খাগৰিজান উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, কৃষ্ণকান্ত শইকীয়া, স্বীকৃতিপ্ৰাপ্ত অভিযন্তা পিংকু দাধৰা, বেৱেজীয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়ত পঞ্চায়ত সমন্বয়ক জৰ্ণা মংগুলুনীয়া, বেৱেজীয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়ত জি.আৰ. এছ হাবিবুৰ ৰহমান চিদ্দিক, বেৱেজীয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তৰ সচিব মোহন হাজৰিকা, বেৱেজীয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তৰ পূৰ্বৰ সভাপতি দিগন্ত কুমাৰ নাথৰ ইতিবাচক চিন্তা আৰু প্ৰচেষ্টাৰ বাবেই গাঁও পঞ্চায়তটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ত এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ।
![Bebejia Dimow Bangthai Gaon Panchayat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/08-12-2024/as-ngn-01-7dcmbr-dimou-panchayat-selected-2nd-best-7203829_07122024174329_0712f_1733573609_656.jpg)
ইয়াৰোপৰি, নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া (পূৰ্বৰ) অনন্ত কুমাৰ গগৈ আৰু তেওঁৰ দলে এই সফলতাত ক্ষেত্ৰীয় দলক প্ৰতিটো ক্ষেত্ৰতে দিহা পৰামৰ্শৰে সহায় কৰিছিল ৷ উল্লেখযোগ্য যে, খাগৰিজান উন্নয়ন খণ্ডৰ অন্তৰ্গত ভকতগাঁও গাঁও পঞ্চায়তে দীন দয়াল উপাধ্যায় পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ ২০২৩ ৰ অধীনত সামাজিক সুৰক্ষিত গাঁও পঞ্চায়ত বিভাগত সমগ্ৰ দেশত ৩য় সৰ্বশ্ৰেষ্ঠ পঞ্চায়ত বঁটা লাভ কৰিছিল ।
![Bebejia Dimow Bangthai Gaon Panchayat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/08-12-2024/as-ngn-01-7dcmbr-dimou-panchayat-selected-2nd-best-7203829_07122024174329_0712f_1733573609_49.jpg)
ইফালে এই সন্মানে জিলাখনক ৰাষ্ট্ৰীয় মানচিত্ৰত এক সন্মানজনক স্থান প্ৰদান কৰাত পঞ্চায়তটোৰ সৈতে জড়িত সকলোকে অভিনন্দন জ্ঞাপন কৰে নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ।