ETV Bharat / state

২২ জানুৱাৰীত এক লক্ষাধিক বন্তিৰে প্ৰজ্বলিত হ’ব বশিষ্ঠ মন্দিৰৰ প্ৰাংগণ

author img

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 8:50 PM IST

Earthen lamps in Basistha Temple : ২২ জানুৱাৰীৰ দিনা লক্ষাধিক বন্তিৰে প্ৰজ্বলিত হ’ব বশিষ্ঠ মন্দিৰৰ প্ৰাংগণ ৷ কাৰণ উক্ত দিনা অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা হ’ব ৰাম মন্দিৰৰ ৷ যাৰ বাবে বশিষ্ঠ মন্দিৰ পৰিচালনা সমিটিৰ লগতে স্থানীয় ৰাইজে গ্ৰহণ কৰিছে এই পদক্ষেপ ৷

Earthen lamps in Basistha Temple
বশিষ্ঠ মন্দিৰৰ প্ৰাংগন
বশিষ্ঠ মন্দিৰৰ প্ৰাংগন

গুৱাহাটী, ২০ জানুৱাৰী : অহা ২২ জানুৱাৰী অৰ্থাৎ সোমবাৰে অনুষ্ঠিত হ’ব ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠান । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিবলগীয়া এই অনুষ্ঠানৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছে সকলোৱে । ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোৰ সৈতে সংগতি ৰাখি দেশৰ বিভিন্ন ঠাইত ভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ।

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰো ভিন্ন প্ৰান্তৰ ৰাইজ তথা ৰামভক্তৰ মাজত দেখিবলৈ পোৱা গৈছে উৎসুকতা । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰৰ ঐতিহ্যমণ্ডিত বশিষ্ঠ মন্দিৰতো ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনাখন জ্বলোৱা হ’ব এক লক্ষাধিক বন্তি ।

এই একলাখ বন্তি প্ৰজ্বলনৰ বাবে সাজু হৈছে বশিষ্ঠৰ বহু স্থানীয় লোক । ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনাখন বশিষ্ঠ অঞ্চলৰ স্থানীয় ৰাইজৰ সহযোগতোই বশিষ্ঠ মন্দিৰত একলাখ বন্তি প্ৰজ্বলন কৰা হ’ব । সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে স্থানীয় লোকসকলে ৷

জানিব পৰা মতে, উক্ত দিনাই অৰ্থাৎ ২২ জানুৱাৰীৰ দিনা বশিষ্ঠ মন্দিৰত পূজা অৰ্চনা, আৰতিৰ লগতে বিভিন্ন কাৰ্যসূচীও অনুষ্ঠিত কৰা হ’ব । ইয়াকে লৈ প্ৰস্তুতি সম্পন্ন কৰিছে উদ্যোক্তাসকলে । ইফালে এই কাৰ্যসূচীৰ বাবে বশিষ্ঠ চাৰিআলিত এটি কাউন্টাৰো খুলিছে এটি যুৱক-যুৱতীৰ দলে । য’ত এতিয়া ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাকলৈ উৎসাহী ভক্তই আগবঢ়াইছে বন্তি প্ৰজ্বলনৰ বিভিন্ন সামগ্ৰী ।

ইফালে এই কাৰ্যসূচীৰ পূৰ্বেই বশিষ্ঠ মন্দিৰ ফুলৰে সু-সজ্জিত কৰা হ’ব বুলিও জানিব দিয়ে স্থানীয় লোকে । যাৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পন্ন কৰি তুলিছে মন্দিৰ পৰিচালনা সমিটিৰ লগতে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : ভাৰত-ম্যানমাৰৰ‌ মাজত মুক্ত যাতায়ত ব্যৱস্থা বন্ধ কৰা হ'ব: অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.